Successful farmer

পৰিবৰ্তনশীল সময়ৰ সৈতে কৃষকসকলে এতিয়া তেওঁলোকৰ পৰম্পৰাগত কৃষি ত্যাগ কৰি জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে । আনকি বহুতো কৃষকে জৈৱিক কৃষিৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ বাবে কৃষি বিভাগে ৰাজ্যিক পৰ্যায়ৰ শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰিছে ।

  • ৪২ জন শিৱসাগৰীয়া ডেকাৰ কৰ্মোদ্যমঃ ২০০ বিঘা ভূমিত চালে চকু ৰোৱা সৰিয়হৰ খেতি

    শিৱসাগৰ জিলাৰ বকতাৰ এদল যুৱকে কৃষি কাৰ্যৰে উদাহৰণ দাঙি ধৰিছে৷ কৃষি বিভাগে প্ৰদান কৰা সৰিয়হ বীজেৰে দিচাং নদী কাষৰ প্ৰায় ২০০ বিঘা পলসুৱা ভূমিত তেওঁলোকে কৰিছে সৰিয়হৰ খেতি৷ হালধীয়া হৈ থকা সৰিয়হদৰালৈ আহিছে বনভোজ দলো৷…

  • Potato Cultivation হিমাচলৰ কুৰ্ফী খ্যাতি প্ৰজাতিৰ আলু খেতি কৰি সফলতা গোলাঘাটৰ মুনিন্দ্ৰ শইকীয়াৰ

    আলুখেতি; কেঁচুসাৰ গাহৰি পালনেৰে কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোলাঘাটৰ কমাৰবন্ধাৰ মাউটগাঁৱৰ মুনিন্দ্ৰ শইকীয়া নামৰ কৃষকজনে৷ মুনিন্দ্ৰই কৃষি বিভাগৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা চমুকৈ আৰ কে ভি ৱাই আঁচনিৰ সুবিধা লৈ তিনিবছৰৰ পূৰ্বে মাত্ৰ এবিঘা মাটিত হিমাচলৰ কুৰ্ফী খ্যাতি (kufri khyati) প্ৰজাতিৰ আলুখেতি কৰিছিল৷ প্ৰথমবছৰ পৰীক্ষামূলক…

  • অসম গৌৰৱ বঁটাৰে সন্মানিত হ’ল মীন তথা গাহৰি পালক দেৱজিৎ বৰ্মন

    অসম চৰকাৰে ঘোষণা কৰিলে অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা সেৱাৰ বাবে ৰাজ্যৰ কেইবাজনো লোকক এই বঁটাসমূহ প্ৰদান কৰা হৈছে। ইয়াৰে মাজত অসম গৌৰৱ বটাঁৰে সন্মানিত কৰা হৈছে মীন তথা গাহৰি পালক দেৱজিৎ বৰ্মনক৷…

  • ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী নলবাৰীৰ জুনু নাথ আৰু দৈৱকী নাথ

    ক্ষুদ্ৰ উদ্যোগ স্থাপনৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে দুগৰাকী মহিলাই। বিভিন্ন ধৰণৰ আচাৰ, জাম, জেলি, মছলা ইত্যাদি তৈয়াৰ কৰি তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে। কেৱল ঘৰুৱা কাম কাজতে ব্যস্ত নাথাকি তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাধীন হোৱাৰ বাবে এই প্ৰয়াস হাতত লৈছে।…

  • ৩০ বিঘা মাটিত ৬ বিধ ধানৰ বীজ উৎপাদন কৰি চাৰি লাখ টকা উপাৰ্জন হেমিদুৰ ৰহমানৰ

    থলুৱা ধানৰ বীজ উৎপাদনে স্বাৱলম্বী হৈছে চৰাইদেউ জিলাৰ এজন কৃষক৷ পাঁচ লাখ টকা উপাৰ্জনৰ লক্ষ্যৰে ৩০ বিঘা মাটিত ৬ বিধ থলুৱা ধানৰ বীজ উৎপাদন কৰিছে কৃষকজনে৷ চৰাইদেউ জিলাৰ শিলাসাঁকোৰ প্ৰগতিশীল কৃষক হেমিদুৰ ৰহমানে ব্যৱসায়িক ভিত্তিত অসমৰ থলুৱা জাতৰ ৬ বিধ ধানৰ বীজৰ খেতি কৰি অধিক…

  • নাৰ্ছাৰীৰ ব্যৱসায়েৰে মাহে ৫৫ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন মিনাক্ষী দুৱৰীৰ

    চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা উন্নয়ন খণ্ডৰ কাকটিবাৰী গাঁৱৰ এগৰাকী প্ৰগতিশীল মহিলা কৃষক মিনাক্ষী দুৱৰী। ২০০৫ চনত তেওঁ ৫ হাজাৰ টকাৰে এখন নাৰ্ছাৰী আৰম্ভ কৰিছিল।…

  • শ্ৰেষ্ঠ মহিলা গোপালক জোনা তামুলি বৰ্মনক জানো আহক

    সেয়া আছিল ২০০৪ চনৰ কথা। ডিব্ৰুগড়ৰ মোহনবাৰীৰ যুৱতী জোনা তামুলীয়ে বজালীৰ খাৰাধৰাৰ ওচৰৰ ভোজকুছিয়াপাৰাৰ প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে বিয়া হৈ স্বামী গৃহত প্ৰৱেশ কৰিছিল। অইন দহোটি পৰিয়ালৰ লেখীয়া কৈ প্ৰণৱ বৰ্মণৰ পৰিয়ালটো আৰ্থিকভাৱে পিচপৰা আছিল। সম্পদ বুলিবলৈ আছিল পিতৃ ভেটিটো আৰু এজনী গাইগৰু। তিনি লিটাৰ…

  • মুৰ্গী পালনৰপৰা বিমান ব্যৱসায়লৈ- জিআৰ গোপীনাথৰ প্ৰেৰণাদায়ক কাহিনী

    বিমানসেৱা ব্যৱসায়ী জিআৰ গোপীনাথো তেনে এজন লোক। সেনাৰ চাকৰি এৰি ব্যৱসায়ত হাত দিয়া গোপীনাথৰ জীৱন এটা সময়ত ভাৰসাম্যহীন হৈ পৰিছিল। বহু ব্যৱসায়ত সম্পৰীক্ষা চলাই বিফল হৈছিল গোপীনাথ। টানত পৰি গাখীৰৰ ব্যৱসায়, মুৰ্গীৰ ফাৰ্ম, পাট পলুৰ ফাৰ্ম আদি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল গোপীনাথে।…

  • বেকিং ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল শিৱসাগৰৰ চন্দনা শইকীয়া

    শিৱসাগৰ জিলাৰ ৰাজমাইৰ চন্দনা শইকীয়া নামৰ এগৰাকী মহিলাই বেকিং ব্যৱসায়ৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল কৰাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। ৰাইমাই গজালি বেংগলী গাঁওৰ নিবাসী মহিলা গৰাকীয়ে ২০১৬ বৰ্ষত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহণ কৰি এই সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।প্ৰশিক্ষণ গ্ৰহণ কৰা…

  • গাখীৰ বিক্ৰী কৰি বছৰেকত ১ কোটি উপাৰ্জন এইগৰাকী মহিলাৰ!

    গুজৰাটৰ বনসকান্থা জিলাৰ নাগানা গাঁৱৰ বাসিন্দা নাভালবেনে সকলো প্ৰতিকূলতাক নেওচি তেওঁৰ জিলাত এক ক্ষুদ্ৰ বিপ্লৱ আৰম্ভ কৰিছিল। প্ৰতিবেদন অনুসৰি, তেওঁ 2020 চনত 1.10 কোটি টকাৰ গাখীৰ বিক্ৰী কৰি এক অভিলেখ সৃষ্টি কৰিছিল য’ত প্ৰতি মাহে তেওঁ 3.50 লাখ টকা উপাৰ্জন কৰিছিল। 2019 চনত, তেওঁ 87.95…

  • লেয়াৰ মুৰ্গী পালনেৰে দৈনিক ৩২০০ কণী উৎপাদন শিৱসাগৰৰ পৱন কোঁৱৰৰ

    শিৱসাগৰ জিলাৰ বেতবাৰীত শিক্ষিত যুৱক পৱন কোঁৱৰে উন্নত জাতৰ লেয়াৰ মুৰ্গী পালন কৰি দৈনিক প্রায় ৩২০০ কণী উৎপাদন কৰিবলৈ সক্ষম হৈছে। বেতবাৰী ফাৰ্ম নামেৰে প্ৰতিষ্ঠা কৰা কুকুৰা পাম খন বিগত বছৰ ৪০০০ উন্নত জাতৰ কুকুৰাৰে আৰম্ভ কৰিছিল যুৱক জনে।বৰ্তমান এই পাম খনে দৈনিক ৩০০০ ৰ…

  • কেঁচু সাৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন সৰভোগৰ কল্পনা বৰ্মনৰ

    কেঁচুমতা সাৰ যাক ইংৰাজীত Vermi Compose বুলি কোৱা হয়, বৰ্তমান সমগ্ৰ বিশ্বতে ইয়াৰ ব্যাপক সমাদৰ আছে এই সাৰৰ৷ কিয়নো এইবিধ জৈৱিক সাৰৰ নাই কোনো পাশ্বপ্ৰতিক্ৰিয়া, আছে মাথো শস্য উৎপাদনৰ প্ৰচুৰ ক্ষমতা৷ এই কেঁচুমতা সাৰৰ উৎপাদনৰ বাবে এতিয়া স্বাৱলম্বিতা উৎকৃষ্ট নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ…

  • শিৱসাগৰৰ মিনা গগৈৰ কাঠফুলা খেতি! সামান্য টকাৰে আৰম্ভ কৰি এতিয়া লাখ টকা উপাৰ্জন

    কাঠফুলা খেতিৰে আত্মনিৰ্ভৰশীল হৈছে শিৱসাগৰৰ মীনা গগৈ বুঢ়াগোহাঁই। ১২০০ কিলোগ্ৰাম উৎপাদনেৰে দখল কৰিছে অসম-নগালেণ্ডৰ বজাৰ। সামান্য মূলধনেৰে আৰম্ভ কৰি এতিয়া হৈছে আৰ্থিক ভাৱে সৱল।।…

  • কৃষি কৰ্মৰে উজলিছে চৰাইদেউৰ প্ৰশান্ত দত্ত, নেমু বিক্ৰীৰে উপাৰ্জন লক্ষাধিক টকা!

    মন কৰিলেই ছন বাকৰি মাটিতেই ধন” এই অসমীয়া আপ্তবাক্যশাৰীকে সাৰোগত কৰি আগবাঢ়িছে চৰাইদেউ জিলাৰ চফ্ৰাই মোহন গাঁৱৰ এজন কৰ্মদ্যোমী যুৱক৷ যি সময়ত ৰাজ্যখনত একাংশ যুৱক যুৱতীয়ে চাকৰিৰ আশাত ঘৰত বহি সময় পাৰ কৰিছে তেনে সময়তে চৰাইদেউ জিলাৰ চফ্ৰাই মোহন গাঁৱৰ প্ৰশান্ত দত্ত নামৰ কৰ্মদ্যোমী যুৱক…

  • কৰোণাত চাকৰি হেৰুওৱাৰ পিছতে আৰম্ভ কৰিলে মুকুতাৰ খেতি, এতিয়া ২.৫ লাখ টকাকৈ উপাৰ্জন তেওঁৰ

    কৃষি জাগৰণে ইয়াৰ প্ৰিয় পঢ়ুৱৈসকলৰ সৈতে সফল কৃষকসকলৰ সফলতাৰ কাহিনী নিৰন্তৰ শ্বেয়াৰ কৰি আহিছে। আজি আমি আপোনাৰ ওচৰলৈ এনে এজন কৃষকৰ কাহিনী আনিছো যি এসময়ত এজন শিক্ষক আছিল। কিন্তু এতিয়া তেওঁলোকে সফল কৃষক হৈ আন বহু কৃষকৰ বাবে আদৰ্শ হৈ পৰিছে।…

  • পাগলাদিয়াৰ বালিচাপৰিত ৰঙালাওৰ খেতিৰে কৃষি বিপ্লৱ

    পাগলাদিয়াৰ পলসুৱা বালিচাপৰিৰ উৰ্বৰ ভূমিত স্বাভিমানী কেইজন মান যুৱকে নিজৰ কৰ্মসংস্কৃতিৰে কৃষিৰ পৰা পৰ্যটনলৈ এক অবিৰত যাত্ৰাৰে স্বাৱলম্বিতাৰ নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে৷ নলবাৰী জিলা সদৰৰ নাতিদূৰত পাগলাদিয়াৰ বালিচাপৰিত চন পৰি থকা এশ বিঘা ভূমিৰে আৱৰি থকা মাটিকালি আগুৰি ২০১২ চনৰ ৩০ এপ্ৰিলত বালিতাৰা বিপুল…

  • কৃষি কৰ্মৰ জৰিয়তে জিলিকি উঠিছে খনামুখৰ কৃষক দ্বীপেন বৰুৱা

    যোৰহাট জিলাৰ খনামুখ চাৰিঙিয়া গাঁৱৰ প্ৰগতিশীল কৃষক দ্বীপেন বৰুৱাই অসমৰ থলুৱা জাতৰ ১২০ বিধ ধানৰ বীজ সংৰক্ষণ কৰি এক অন্যান্য অভিলেখৰ সৃষ্টি কৰিছে। কৃষক পৰিয়ালৰ সন্তান দ্বীপেন ১৯৯৬ চনৰ পৰা গভীৰ একাগ্ৰতাৰে বিগত দুটা দশক ধৰি পৰিশ্ৰম কৰি এই ১২০ বিধ ধানৰ বীজ সংগ্ৰহ কৰিছে।…

  • তামোলৰ ঢকুৱাৰ উদ্যোগেৰে প্লাষ্টিকৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম ধৰ্মেন্দ্ৰৰ

    তামুলপুৰ জিলাৰ পশ্চিম নাওকাটাৰ ধৰ্মেন্দ্ৰ কলিতা নামৰ যুবক জনে ঘৰৰ পিছৰ তামোলৰ বাৰী খনত পৰি থকা পেলনীয়া তামোলৰ ঢকুৱাক লৈ গঢ়ি তোলা এটি ক্ষুদ্ৰ উদ্যোগৰ মাজেৰেই নিজেই এগৰাকী পৰিবেশ কৰ্মী হিচাপে সমাজত থিয় দিবলৈ সক্ষম হোৱাৰ উপৰিও আন দহজনক পেটৰ ভাত মোকলাই দিবলৈ সক্ষম হৈছে৷…

  • তামোলৰ ঢকুৱাৰ পৰা জীৱিকাৰ পথ মোকলাইছে বাক্সাৰ ধনেশ্বৰ বৈশ্যই

    বাক্সা জেলাৰ খৈৰানী গাৱৰ যুৱক ধনেশ্বৰ বৈশ্যই আজিৰ পৰা এঘাৰ (২০০৭) চনৰ পৰাই তামোলৰ ঢকুৱাৰ পৰা কাহি বাটি আৰু প্লেট তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি সকলোৰে সমাদৰ লাভ কৰাৰ উপৰি নিজেও আত্মসংস্থাপনৰ দিহা পৰি পৰিয়ালটো পোহপাল দি আহিছে৷…

  • মালেছিয়াত কৰ্মৰত জ্যোতিকনৰ কৃষিকৰ্মৰে বিকল্প সংস্হাপনৰ সন্ধান

    "পথাৰো আমাৰ বজাৰো আমাৰ" এই আপ্তবাক্য শাৰী সৰোগত কৰি লকডাউন কভিড কালীন পৰিবেশৰ মাজতে বিকল্পৰ সন্ধানত ব্যস্ত সুদূৰ মালয়েছিয়াত কৰ্মৰত তামুলপুৰৰ এগৰাকী শিক্ষিত যুৱক এতিয়া কৃষিকৰ্মৰে আত্মসংস্থাপনৰ নতুন বাট মুকলি কৰি নিজেই আত্মসন্তুষ্টি লাভ কৰাৰ উপৰিও আন দহ জনক সংস্থাপনৰ বাট দেখুৱাই আজিৰ মহঙা দিনৰ…

  • বগৰী খেতিৰে আদৰ্শ তামুলপুৰৰ প্ৰগতিশীল কৃষক প্ৰানেশ্বৰ স্বৰ্গীয়াৰী

    বগৰী এবিধ অতি লাভজনক খেতি৷ বগৰীগছ খৃষ্টপূৰ্ব ৯০০০ বছৰ পূৰ্বে এচিয়া মহাদেশত ঘৰছীয়াকৰণ কৰা হৈছিল। ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰত উপলব্ধ এই গছ। উন্নত প্ৰজাতিৰ বগৰী খেতিয়েও সলনি কৰিব পাৰে আপোনাৰ কৃষি অৰ্থনীতিৰ ভেটি৷ বগৰী ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট,…

  • তামুলপুৰৰ মৌচুমী ফলৰ খেতিয়ক লক্ষেশ্বৰৰ কথাৰে

    বতৰৰ ফল মৌচুমীৰ খেতি কৰি শিক্ষিত নিৱনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে এগৰাকী যুৱক৷ তামুলপুৰ মহকুমাৰ পূৱ-কচুকাটাৰ শিঙিমাৰী চুবুৰীৰ যুৱ খেতিয়ক গৰাকী লক্ষ্যেশ্বৰ বসুমতাৰী৷ ২০০৬ চনতে নিজৰ ঘৰৰ পিছৰ প্ৰায় আঢ়ৈ বিঘা মাটিত মৌচুমী ফলৰ গছৰ পুলি স্থানীয় ব্ৰহ্ম চুবুৰীৰ পৰা সংগ্ৰহ কৰি আনি…

  • ফ্ৰীজৰ ভিতৰত বেঙেনা, ভেণ্ডি, বিলাহীৰ খেতি অভিযন্তাৰ

    তামিলনাডুৰ নেভেলি নিবাসী অভিযান্ত্ৰিক অধ্যাপক থায়ুমানাভান কুনাপালনে ছ’চিয়েল মিডিয়াত নিজকে এজন আধুনিক খেতিয়ক বুলি পৰিচয় দিয়ে। থায়ুমানাভান পণ্ডিচেৰীৰ কাৰাইকালত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ দেউতাক কুনাপালনেৰ ফুল, পাচলি আৰু ঔষধি বনৌষধিৰ এখন সুন্দৰ বাগিচা আছিল। সৰুতে থায়ুমানাভানে দেউতাকক এই কামবোৰত সহায় কৰিছিল আৰু লাহে লাহে ক্ষেত্ৰখনৰ প্ৰতি…

  • থলুৱা বীজৰ সৈতে ১৫০০ কৃষকৰ জীৱন সলনি কৰিলে কৃষক সুদাম চাহুৱে

    সমগ্ৰ দেশতে এনে বহু কৃষক আছে যিয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বলত সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই প্ৰবন্ধত আমি আপোনাক তেনে এজন কৃষকৰ বিষয়ে ক'ম। যিয়ে তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু উচ্চ আত্মাৰ বলত খেতি কৰাৰ সপোন পূৰণ কৰিছিল। সম্প্ৰতি তেওঁ হ’ল উৰিষ্যাৰ এগৰাকী সফল…

  • ষ্ট্ৰ'ব্ৰেৰী খেতিৰে স্বাৱলম্বী ছয়গাঁৱৰ অনুপমা বড়ো, দৈনিক ২০০০ টকা উপাৰ্জন!

    সাহসক সম্বল হিচাপে লৈ ষ্ট্ৰ'ব্ৰেৰী খেতি কৰা ছয়গাঁৱৰ অনুপমা বড়োবে এতিয়া দৈনিক দুহেজাৰ টকাকৈ উপাৰ্জন কৰে। উৎপাদিত ষ্ট্ৰ'ব্ৰেৰী দোকানে দোকানে বিক্ৰী কৰি বড়োৱে আত্মনির্ভৰশীল হৈছে। উপার্জন হোৱাৰ বাবেই তেওঁ আৰু অধিক মাটিত ষ্ট্ৰ'ব্ৰেৰী খেতি কৰাত মনোনিবেশ কৰিছে।…

  • ১,১০০ প্ৰকাৰৰ ধান সংৰক্ষণ কৰি থলুৱা বীজ বেংক সৃষ্টি সুদাম চাহুৰ

    যদিও ৰাসায়নিক বীজে জৈৱিক আৰু থলুৱা বীজৰ স্থান লৈছে, উৰিষ্যাৰ বৰগড় জিলাৰ সুদাম চাহু নামৰ এগৰাকী কৃষকে থলুৱা বীজ সংৰক্ষণৰ বাবে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এটা বীজ বেংক তৈয়াৰ কৰিছে, এনেদৰে 1,100 প্ৰকাৰৰ বীজ সংৰক্ষণ কৰিছে। চাহুৱে দেশৰ বীজ বচাবলৈ এই প্ৰচেষ্টা গ্ৰহণ…

  • নিবনুৱাৰ অনুপাতে দেশত নাই চৰকাৰী কিন্তু কি কৰিব!

    দেশৰ শিক্ষিত যুৱকসকলৰ নিৰানব্বৈ শতাংশই চৰকাৰী চাকৰি পাছত দৌৰি আছে। কিন্তু নিবনুৱাৰ অনুপাতে দেশত নাই চৰকাৰী। চাকৰি লাভ কৰিছে অতি মেধা সম্পন্ন ছাত্ৰী-ছাত্ৰীসকলে, পইচা ঘোচ দিব পৰা দেউতাকৰ সন্তানে বা কোনো ৰাজনৈতিক নেতা বা অৰ্থনৈতিকভাৱে শক্তিশালী লোকৰ লগত হলি-গলি থকা এখিনি যুৱক-যুৱতীয়ে। কিন্তু চাকৰিয়েই শেষ…

  • সমন্বিত কৃষিৰে সফলতা গোলাঘাটৰ কৃষক পল্লৱ গগৈৰ

    বৰ্তমান কৃষি আৰু আনুসঙ্গিক দিশৰ কৰ্মসূচীৰে পামখন জাতিষ্কাৰ হৈ পৰিছে। তেওঁ নিজে নিয়োজিত হোৱাৰ উপৰিও পামখনত গোটেই বছৰ জুৰি দৈনিক গড়ে ২-৩ জনকৈ শ্ৰমিক নিয়োজিত কৰি আহিছে। পামখনত মন কৰিবলগীয়া দিশটোৱেই হ’ল- চাহখেতিত প্ৰয়োজন হোৱা গতানুগতিক ছাঁ গছ ৰোপন কৰাৰ পৰিৱৰ্তে তেওঁ উদ্যান শস্য কলখতি…

  • পেপচিকামে ভাগ্য সলনি কৰিলে পলিঅ’ ৰোগী আলোকৰ

    উত্তৰ প্ৰদেশৰ আলোক নামৰ এজন প্ৰতিবন্ধী ব্যক্তি এতিয়া সংবাদ মাধ্যমৰ চৰ্চাত। আলোক পেছাত এজন কৃষক। তেওঁ কেপচিকামৰ খেতি কৰে। এই কেপচিকামৰ খেতিৰ পৰা তেওঁ বাৰ্ষিক ১ কোটি টকা উপাৰ্জন কৰি আছে। য’ত তেওঁ ৮৫ লাখ লাখ টকা লাভ হয়। পূৰ্বে আলোকৰ পৰিয়ালটো দৰিদ্ৰতাত ভুগি আছিল।…

  • গোবৰ আৰু গো-মূত্ৰ আধাৰিত কৃষিৰ পৰা লাখ টকা উপাৰ্জন কৃষকৰ!

    ভাৰতত দুগ্ধ পালনৰ ব্যৱসায়ৰ প্ৰসাৰ দ্ৰুত গতিত বৃদ্ধি হৈছে। এনে পৰিস্থিতিত, গো পালনকাৰী আৰু কৃষকসকলেও বৃহৎ পৰিমাণে উপাৰ্জনৰ পথ মুকলি হৈছে। যদি দেখা যায় গৰুক হিন্দু ধৰ্মত মাতৃৰ মৰ্যাদা দিয়া হয়। এইটো এতিয়াৰ পৰা নহয়, পৌৰাণিক সময়ৰ পৰা চলি আহিছে। গৰুৰ গাখীৰ স্বাস্থ্যৰ বাবে অতি…

  • সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই কঢ়িয়াইছে আশাৰ বতৰা

    ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ড (NABARD) ৰ অৰ্থসাহায্যত অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পই উদ্যান শস্যৰ জৰিয়তে ভাৰত-ভূটান সীমান্তৰ কৃষক সকলৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিছে৷ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত দুখন গাঁৱ খাটৰবাৰী আৰু কালচেনী৷ পোন্ধৰশ…

  • কলাধানৰ খেতিৰে কৰ্মমুখী যাত্ৰা প্ৰণিতা উজীৰৰ

    পাঁচ কিলো কলাধানৰ বীজেৰে নিজৰ মাটিত খেতি আৰম্ভ কৰি প্ৰথমৱাস্থতাত সফল নহলেও পৰবৰ্তী সময়ত সেই পাঁচকিলো বীজেৰে আৰম্ভ কৰা কলাধানৰ খেতি এতিয়া সাত বিঘা মাটিত কৰি আহিছে৷ বিঘাই প্ৰতি ১০/১২ মোনকৈ ধান উৎপাদন কৰিবলৈ সক্ষম হোৱা প্ৰণিতাই ব্যৱসায়ৰ প্ৰতি চকু ৰাখি এতিয়া তামুলপুৰ কুমাৰীকাটা অঞ্চলৰ…

  • জৈৱিক কৃষিৰ পৰা বছৰি লাখ টকা উপাৰ্জন কৃষক শ্ৰৱণ কুমাৰৰ! জানক সম্পূৰ্ণ কাহিনী

    আজিৰ এই প্ৰবন্ধটোত কৃষি জাগৰণে ড০ শ্ৰৱণ কুমাৰ যাদৱৰ কাহিনী শ্বোয়াৰ কৰিবলৈ গৈ আছে। ড০ শ্ৰৱণ কুমাৰ যাদৱে জৈৱিক কৃষি কৰি বহুতো বঁটা লাভ কৰিছে। জৈৱিক কৃষিৰ ক্ষেত্ৰত এমএছচি আৰু পিএইচডি ডিগ্ৰীও লাভ কৰিছে ড০ কুমাৰ।…

  • বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ এৰি কৃষি বিপ্লৱ বনজিৎ হুছেইনৰ

    ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বিভিন্ন কাম কৰি অৱশেষত ২০১৯ চনত নলবাৰীৰ ঘগ্ৰাপাৰাৰ বড়িদতৰাগাঁৱৰ পিতৃ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ মাটিত খেতি কৰিবলৈ বনজিৎ হুছেইনে ঘূৰি আহিছিল। কৃষিকৰ্মৰে বিপ্লৱৰ সপোন দেখা বনজিৎ এতিয়া ৰাজ্যত সফল খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।…

  • চিৰাঙত ড্ৰেগন আৰু মাল্টা ফলৰ খেতি কৰিছে আকবৰ আলীয়ে

    ড্ৰেগন অসমত নতুনকৈ জনপ্ৰিয় হোৱা এবিধ খেতি। ইতিমধ্যো অসমৰ বহুকেইখন জিলাত এই খেতি কৰিবলৈ লৈছে কৃষকসকলে। বাক্সা জিলাত গম্বৰ বড়োৰ লগতে কেইবাজনো লোকে কৰিছে ড্ৰেগন ফুলৰ খেতি। ইতিমধ্যে বহু নৱ-প্ৰজন্মও আগ্ৰহী হৈছে এই ড্ৰেগন ফলৰ খেতিৰ বিষয়ে জানিবলৈ।…

  • ৫৯ বছৰ বয়সতো বছৰি ২ লাখ টকা উপাৰ্জন ডিমাকুছিৰ বিষ্ণু খড়েলৰ

    অসমত স্বাৱলম্বণৰ এনে কিছুমান সুলভ ক্ষেত্ৰ আছে যিবোৰ সাধাৰণতে অন্য ৰাজ্যত দুৰ্লভ। কিন্তু আমাৰ দৃষ্টিয়ে এইক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ আমি অসমৰ্থ হওঁ। যাৰবাবে বহু সময়ত আমি হাতৰটো এৰি বাটৰটো ধৰিবলৈ খপজপ কৰোঁ। সোণ বিচাৰি থাকো কিন্তু হাততে সোণ থকাৰ দৰে হয় আকৌ বহুসময়ত হাতৰ সোণ ডখৰ…

  • কাঠফুলাৰ খেতিৰে জীৱল সলনি কৰা এগৰাকী মহিলা

    অসমত কাঠফুলাৰ খেতিৰে সফলতাৰ লাভ কৰাসকলৰ নাম ল’লেই প্ৰথমেই আহিব মালামণি হাজৰিকাৰ নাম। দশম শ্ৰেণীৰ পৰাই মালামণিয়ে কৰি আহিছে কাঠপুলাৰ খেতি। দশম শ্ৰেণীত পঢ়ি থাকোতেই বশিষ্ঠৰ শান্তি সাধনা আশ্ৰমত কাঠফুলা খেতিৰ প্ৰশিক্ষণ লৈছিল মালামণিয়ে। প্ৰশিক্ষণৰ পাছতে ঘৰতে কাঠফুলাৰ খেতি কৰি পঢ়া-শুনাৰ খৰচ উলিওৱাৰ লগতে ঘৰ…

  • তুলসী খেতিয়ে ভাগ্য সলনি কৰিলে কৃষক পুষ্পেন্দ্ৰ যাদৱৰ, এতিয়া তেওঁ নিজৰ কোম্পানী আৰম্ভ কৰিব!

    কোৱা হয় যে যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে, আপুনি প্ৰতিটো কামতে সফলতা লাভ কৰিব পাৰে। আজি আমি আপোনাক এনে এজন কৃষকৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিয়ে তেওঁৰ কঠোৰ পৰিশ্ৰমৰ বলত খেতি কৰি নিজৰ নাম গঢ়িছে আৰু এতিয়া তেওঁ নিজৰ এটা কোম্পানীও আৰম্ভ কৰিবলৈ গৈ আছে।…

  • জৈৱিক কৃষিৰে বছৰি ৮ লাখ টকা উপাৰ্জন মঙলদৈৰ ধ্ৰুৱজ্যোতি শইকীয়াৰ

    মুখ্যমন্ত্ৰী কৃষক সম্মান বঁটা প্ৰাপক দৰং জিলাৰ মঙলদৈৰ শৰাবাৰী মৌজাৰ অন্তৰ্গত ৰামগাঁৱৰ প্ৰগতিশীল যুৱ কৃষক ধ্ৰুৱজ্যোতি শইকীয়াই জৈৱিক কৃষি পদ্ধতিৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্র, হিমাচল প্রদেশত প্রশিক্ষণ লোৱা শ‍ইকীয়াই কম মাটিত মিশ্ৰিত কৃষিকে বছৰি গড়ে ৭/৮ লাখ টকা উপাৰ্জন…

  • কোম্পানীৰ চাকৰি এৰি মিশ্ৰিত ফাৰ্মেৰে আত্মনিৰ্ভৰশীল ধেমাজিৰ জিতু!

    কেৰালা, তামিলনাডু, গুজৰাট আদি ৰাজ্যলৈ গৈ কোম্পানী, সুৰক্ষা গার্ডৰ দৰে সাধাৰণ পদত কাম কৰা অসমৰ অসমৰ লাখ লাখ যুৱক আছে। লকডাউনৰ সময়তেই চৰকাৰী হিচাপত তেনে যুৱক অসমলৈ প্ৰায় তিনি লাখ ঘূৰি আহিছিল। যিসকলৰ প্ৰায় ৯০ শতাংশই সাধৰণ পদত বহিঃৰাজ্যত কাম কৰিছিল। কিন্তু কেৰালাৰ দৰে ৰাজ্যত…

  • পদিনা খেতি কৰি মাহেলি ৩০ হাজাৰ টকা উপাৰ্জন কৰে অক্ষয় কলিতা

    তেওঁ কয় যে দুকঠা মাটিত পদিনা খেতি কৰি এজন খেতিয়কে খা-খৰচ ২০হেজাৰ টকা বাদ দিও প্ৰায় ৩০ হেজাৰ টকা উপাৰ্জন কৰিব পাৰে।“ এই বিধ শাকৰ খেতি কৰাৰ পূৰ্বে মাটডৰাত লোৱা পৰ্যাপ্ত যত্নই তেঁওক অধিক লাভবান কৰি আহিছে।…

  • চাহাবী জীৱনৰ বিপৰীতে পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী যুৱতী

    সাধাৰণতে আমাৰ অসমৰ যুৱক-যুৱতীসকলে পঢ়া-শুনা কৰিলেই ঘৰৰ কাম-বন কৰিবলৈ মন নকৰা হয়। এক চাহাবী জীৱনৰ প্ৰতি আকৰ্ষিত হয়। অৱশ্যে সকলোৰে ক্ষেত্ৰত এই কথাষাৰ নাখাতে। কিন্তু ৮০ শতাংশ শিক্ষিত যুৱক-যুৱতীয়েই বোকা-পানী গছকিবলৈ, শাৰীৰিক কষ্ট কৰিবলৈ ভয় কৰে।…

  • কাঠফুলাৰ খেতিৰে স্বাৱলম্বী কেইগৰাকীমান মহিলা

    কাঠফুলাৰ খেতিৰে নৱপ্ৰজন্মৰ সন্মুখত স্বাৱলম্বনৰ নিৰ্দশন দাঙি ধৰিছে ৰাজ্যৰ কেইবাগৰাকী মহিলাই। জীৱন সংগ্ৰামৰ বাবে কাঠফুলা খেতিকে সাৰথি কৰি লৈছিল এইকেইগৰাকী মহিলা।…

  • পুখুৰীত মাছপোহাৰ লগতে জামান মানিকে আৰু কি কৰিছে!

    নগাঁও জিলাৰ ৰূপহীৰ জামান মানিকৰ বহুমুখী কৃষি পদ্ধতিয়ে এতিয়া মন মুহিছে বহুজনৰ। বহুজনক স্বাৱলম্বী হ’বলৈ প্ৰেৰণা যোগাইছে তেওঁৰ বহুমুখী কৃষি পদ্ধতিয়ে।…

  • Success Story: দুলীয়াজানৰ ধনেশ্বৰীৰ আত্মনিৰ্ভৰশীলতাৰ কাহিনী

    পৰম্পৰাগত চাউল উৎপাদনৰ পৰা হাঁহ-কুকুৰা পালনলৈ বিভিন্ন উৎপাদনমুখী কামৰ জৰিয়তে ডিব্ৰুগড়ৰ টেঙাখাট অঞ্চলৰ পানীমুদৰ গাঁৱৰ ধনেশ্বৰী ৰাজখোৱাই অঞ্চলটোত বিৰল নজিৰ দেখুৱাইছে। পানীমুদৰ গাঁৱৰ এইগৰাকী মহিলাই অশেষ কষ্ট কৰি আহিছে। প্ৰচাৰবিমুখ মহিলাগৰাকীয়ে পথাৰ আৰু ঘৰত কৰা কামৰ মাজেৰেই হা হুমুনিয়া কাঢ়ি বহি থকাসকলক জগাবলৈও চেষ্টা কৰিছে।…

  • গুৱাহাটীত নগৰীয়া মীন পালনঃ ঘৰৰ ছাদ, চৰা কোঠা অথবা চোতালত মৎস উৎপাদন!

    মীনপালন সাম্প্রতিক সময়ৰ এটা অতি লাভজনক পেছা। স্বাদ, পৰিপুষ্টি চাহিদা বজাৰ দৰ আদি সকলো দিশৰ পৰা মাছ উৎকৃষ্ট শীতলৰৰ্ত্তী জলজীৱ। মাছ অসমীয়া জনসাধাৰণৰ অতি প্রিয় খাদ্য। কিছু বছৰ আগলৈকে এনে এটা ধাৰণা আছিল যে মীনপালন কেবল বিশাল জলাধাৰ বা বৃহৎ এলেকাতহে সম্ভব। কিন্তু শেহতীয়া প্ৰযুক্তিৰ…

  • তামোল, কল, নাৰিকলৰ খেতিৰে লাখ টকা উপাৰ্জন কাকীৰ দুলাল বৰাৰ!

    কলেজীয়া শিক্ষা সামৰি হোজাইৰ কাকীৰ পদুম পুখুৰীৰ দাদুল বৰাই ফাৰ্মাচীৰে জীৱিকা আৰম্ভ কৰিছিল। কিন্তু ফাৰ্মাচীৰে জীৱিকা নিৰ্বাহ কৰিব কৰিব পৰা বাবে যদিও সমাজলৈ বৰ বিশেষ অৰিহণা নাথাকিব বুলি তেওঁৰ ধাৰণা হৈছিল। বৰাৰ ইচ্ছা আছিল তেওঁ এনে কাম কৰিব, যাৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে অসমৰ অৰ্থনীতিত…

  • ধেমাজিৰ সফল কৃষক দেৱজিৎ চাংমাইলৈ ‘দীনদয়াল উপাধ্যায় অন্ত্যোদয়া কৃষি বঁটা

    বিভিন্ন সময়ত বিভিন্নজন প্ৰতিভাৱানে ৰাজ্যখনলৈ একক প্ৰচেষ্টাৰে কঢ়িয়াই আনিছে গৌৰৱ। ক্ৰীড়া ক্ষেত্ৰখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভলীনা, হিমাহঁতে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি কঢ়িয়াই ৰাজ্যৰ লগতে দেশলৈয়ো কঢ়িয়াই আনিছে গৌৰৱ।…

  • চাকৰিৰ পৰা অৱসৰৰ পাছত আপোনাৰ পৰিকল্পনা কি?

    অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালসকলে সাধাৰণতে কি কৰে? ইমান বছৰ দিন কাম কৰিলো জীৱনৰ আজৰি সময়খিনি অলপ আৰমত কটাও বুলি কামৰ পৰাও অৱসৰ লয়! আৰু বাকীসময়খিনি শুই-বহি খাই মৃত্যুৰ বাবে অপেক্ষা কৰি থাকে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম অনিল নামৰ হাৰিয়ানাৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানজন।…

  • মোডীয়ে নহয়! বিহাৰৰ প্ৰেমলতাৰ জীৱনলৈ পৰিৱৰ্তন আনিলে গোৱৰে

    শেহতীয়াকৈ বিহাৰৰ সমস্তিপুৰ জিলাৰ প্ৰেমলতা নামৰ মহিলাগৰাকীয়ে গৰুৰ গোৱৰক কেন্দ্ৰ কৰি সূচনা কৰিছে এক নতুন দিগন্তৰ। আৰু বহুতৰে প্ৰেৰণা উত্স হৈ পৰিছে প্ৰেমলতা। কিন্তু কি কৰিছে প্ৰেমলতাই? প্ৰেমলতাই বিহাৰৰ লগতে বিভিন্ন ৰাজ্যৰ সৰু গাওঁ, চহৰসমূহলৈ যায় আৰু প্ৰায় ৩০ বছৰ ধৰি তাত থকা মহিলা আৰু…

Latest feeds

More News

CopyRight - 2023 Krishi Jagran Media Group. All Rights Reserved.