1. সফল কাহিনী

ষ্ট্ৰ'ব্ৰেৰী খেতিৰে স্বাৱলম্বী ছয়গাঁৱৰ অনুপমা বড়ো, দৈনিক ২০০০ টকা উপাৰ্জন!

RAHUL ALI
RAHUL ALI
ষ্ট্ৰ'ব্ৰেৰী খেতিৰে স্বাৱলম্বী ছয়গাঁৱৰ অনুপমা বড়ো
ষ্ট্ৰ'ব্ৰেৰী খেতিৰে স্বাৱলম্বী ছয়গাঁৱৰ অনুপমা বড়ো

সাহসক সম্বল হিচাপে লৈ ষ্ট্ৰ'ব্ৰেৰী খেতি কৰা ছয়গাঁৱৰ অনুপমা বড়োবে এতিয়া দৈনিক দুহেজাৰ টকাকৈ উপাৰ্জন কৰে। উৎপাদিত ষ্ট্ৰ'ব্ৰেৰী দোকানে দোকানে বিক্ৰী কৰি বড়োৱে আত্মনির্ভৰশীল হৈছে। উপার্জন হোৱাৰ বাবেই তেওঁ আৰু অধিক মাটিত ষ্ট্ৰ'ব্ৰেৰী খেতি কৰাত মনোনিবেশ কৰিছে।

ছয়গাঁৱৰ বামুণীগাঁৱৰ বনগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজবগাইৰ নিজৰ এবিঘা মাটিত অনুপমান বড়োৰ ষ্ট্ৰ'ব্ৰেৰী খেতি আছে। ষ্ট্ৰ'ব্ৰেৰী খেতিৰ মাজে মাজে তেওঁ ব্ৰকলি আৰু কেপচিকামৰ খেতি কৰে। ব্ৰকলি আৰু কেপচিকামৰ পৰাও তেওঁৰ আয় হয়। কিন্তু ষ্ট্ৰ'ব্ৰেৰী খেতিৰে বড়োৱে আত্মনিৰ্ভৰশীল হোৱাৰ পথা মুকলি কৰিছে। খেতিৰ লগতে দুই সন্তানকো বড়োই উচ্চ শিক্ষিত কৰাৰ বাবেই চেষ্টা অব্যাহত ৰাখিছে। এজন পুত্র সন্তান শিলচৰৰ অসম বিশ্ববিদ্যালয় আৰু আন এজন সন্তানে বৰাক ভেলী অভিযান্ত্রিক কলেজত অধ্যয়ন কৰি আছে।

শিক্ষিত অনুপমা বড়োক তেওঁৰ ষ্ট'বেৰী খেতিৰ সম্পৰ্কত প্ৰশ্ন কৰাত কয়— 'আমাৰ পাহাৰী কন্যা' নামৰ এটা গোট আছে। গোটৰ কাম কৰি আত্মবিশ্বাস বাঢ়িছিল। চৰকাৰৰ 'স্বনিৰ্ভৰ নাৰী', 'আত্মনিৰ্ভৰ অসম' শীৰ্ষক শ্ল'গানৰ জৰিয়তেও তেওঁ স্বাবলম্বী হোৱাৰ সপোন দেখিছিলোঁ। অৱশেষত ষ্ট্ৰ'ব্ৰেৰী খেতি কৰাৰ অনুমতি দিলে চৰকাৰে। বড়োই কয়- পাহাৰীয়া কন্যা গোটৰ সদস্যই ক'লে— 'বাইদেউ আপুনি পঢ়িব। আপুনিয়েই আগবাঢ়ক। মহিলা সদস্যৰ তেনে প্রেৰণাত উৎসাহিত হৈ নিজেই ষ্ট্ৰ'ব্ৰেৰী খেতি কৰাৰ বাবে আগবাঢ়িছিলোঁ। অনুপমান বড়োই কয়— এবিঘা মাটিত খেতি কৰাৰ বাবে আমাৰ এক লাখ ৭০ হাজাৰ টকা খৰচ হৈছে।

 তেওঁ কয় যে আমি অনলাইনৰ জৰিয়তে প্রথমে ৮,৫০০ টা ষ্ট্ৰ'ব্ৰেৰী পুলি আনিছিলোঁ। প্রতিটো পুলিত ১০ টকাকৈ খৰচ হৈছে। কিন্তু তেনে খেতি কৰাৰ আমি কোনো প্রশিক্ষণ লোৱা নাছিলোঁ। কোনেও আমাক বিশেষ জ্ঞান দিয়া নাছিল। তেতিয়া হ'লে ষ্ট্ৰ'ব্ৰেৰী খেতি কৰিলে কেনেকৈ? এই প্রশ্নৰ উত্তৰ দি অনুপমা বড়োই কয়— ইউ টিউব'ত ষ্ট্ৰ'ব্ৰেৰী খেতিৰ ভিডিঅ' চায়ে আমি খেতি কৰা আৰম্ভ কৰিছিলোঁ। প্ৰতিটো ক্ষেত্ৰত ইউ টিউবৰে সহায় লৈছিলোঁ। অৱশ্যে স্বামী নগেন চন্দ্র বড়োবেও এই ক্ষেত্ৰত আমাক বহু সাহস দিয়াৰ লগতে সহায়ো কৰিছিল। কেইবামাহ চেষ্টা কৰাৰ পাছত ষ্ট্ৰ'ব্ৰেৰী উৎপাদন হোৱাত আমি অভিভূত হৈছিলোঁ আৰু বিশ্বাস বাঢ়িছিল।

বড়োই কয় যে এতিয়া ফল বিক্ৰী হৈ আছে। আৰু দুমাহ ফল বিক্ৰী কৰিব পাৰিম। ফল বিক্ৰী কৰি আমাৰ দৈনিক ২,০০০ টকাকৈ আয় হৈছে। যিহেতু আমি এটা পর্যায়লৈ সফল হৈছোঁ, সেয়ে এই বছৰৰ শীতৰ আগে আগে আৰু অধিক মাটিত ষ্ট্ৰ'ব্ৰেৰী খেতি কৰাৰ পৰিকল্পনা কৰিছোঁ। বড়োই করা যে মানুহে আগবাঢ়ি আহিব নিবিচাৰে। বুজাই দিলেও বহুতে আগবাঢ়ি আহিব নিবিচাৰে। আশা কৰোঁ-আমাক দেখি ঘৰতে বহি থকা মহিলাই এনেদৰে কাম কৰিবলৈ চেষ্টা কৰিব। সকলোৱে আত্মনিৰ্ভৰশীল হোৱাৰ ল'লেই অসমী আইৰ উন্নতি হ'ব।

লগতে পঢ়ক-লাংৰা আম নামৰ আঁৰৰ প্ৰকৃত কাহিনীটো জানেনে আপুনি?

জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন: ৯৮৬৪০৩৭৪১৬

English Summary: Chaigaon Successful Strawberry farmer Anupama Bodo

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.