1. সফল কাহিনী

জাগীৰোডত ৬০ বিঘা মাটিত তৰমুজৰ খেতি কপিলী FPO ৰ কৃষক গোটৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
জাগীৰোডত ৬০ বিঘা মাটিত তৰমুজৰ খেতি
জাগীৰোডত ৬০ বিঘা মাটিত তৰমুজৰ খেতি

কেইবাটাও উন্নত প্ৰজাতিৰ সুস্বাদু আৰু ভিন্নৰঙী  তৰমুজৰ খেতি কৰি এতিয়া ৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে জাগীৰোডৰ কপিলী ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানীৰ কৃষকসকল । তেওঁলোকে বিগত কেইবা বছৰৰ দৰে এইবেলিও  জাগীৰোডৰ জাগীভকতগাঁৱত প্ৰায় ৬০ বিঘা মাটিত কৰে তৰমুজৰ খেতি।

৮ টা ভিন্ন প্ৰজাতিৰ তৰমুজৰ খেতি কৰি সেউজ বিপ্লৱৰ সূচনা কৰাৰ লগতে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এই কৃষক গোটটোৰ কৃষকসকলে । প্ৰতিবিঘা মাটিত প্ৰায় তিনিৰ পৰা চাৰিটনলৈ তৰমুজৰ উৎপাদন কৰিছে এই কৃষক গোটটোৱে । বিজ্ঞান সন্মতভাৱে এই তৰমুজৰ খেতি কৰিছে যদিও তেওঁলোকে মানৱ শৰীৰৰ বাবে অপকাৰী কোনো কীটনাশক ব্যৱহাৰ কৰা নাই । জানিব পৰা মতে, Known You Seed India Pvt Ltd নামৰ কোম্পানীটোৱে যোগান ধৰা উন্নত মানৰ বীজ ব্যৱহাৰ কৰি এই কৃষক সকল  লাভৱান হৈছে।

লগতে পঢ়ক- 

King chili : মাজুলীৰ ভকত চাপৰিত চন্দ্ৰ ভৰালীৰ ভোট জলকীয়াৰ খেতি

কপিলী ফাৰ্মাৰ্ছ প্ৰাডিউচাৰ কোম্পেনীৰ কৃষক সকলে পথাৰত মাস্কমেলনৰ চাৰিটা জাত যেনে - চানভি , মাধুৰী , ববী আৰু চানৰাইজ , ৱাটাৰমেলনৰ চাৰিটা জাত সৰস্বতি , বিশালা , আৰোহী আৰু ৰেণুকা এই আঠটা প্ৰজাতিৰ ভিন্নৰঙী অথচ সুস্বাদু তৰমুজৰ লাভজনক উৎপাদন কৰিবলৈ সক্ষম হৈছে । 

এই সন্দৰ্ভত কৃষক গোটটোৱে কয়- মুঠ ৮ টা উন্নত প্ৰজাতিৰ তৰমুজৰ খেতি এইবাৰ পৰীক্ষামূলকভাৱে কৰিছো। চিঙাৰ আৰম্ভ কৰিছো আৰু লাহে লাহে! প্ৰায় ৬০ বিঘাত কৰিছো। মোটমুটি উৎপাদন ভালেই দেখিছো। ৩ ৰ পৰা ৪ টন প্ৰতিবিঘাত আশা কৰিছো। ২০ টকা হলচেল ৰেটত পথাৰৰ পৰাই বিক্ৰি কৰি আছো।

লগতে পঢ়ক- 

মঞ্চৰপৰা খেতিপথাৰলৈ দ্বিজেন কুমাৰ নাথৰ জয়যাত্ৰাৰ এক কাহিনী

English Summary: Kapili Farmers Producer Company grows watermelon on 60 bighas of land in Jagiroad

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.