1. সফল কাহিনী

কৃষি কৰ্মৰে উজলিছে চৰাইদেউৰ প্ৰশান্ত দত্ত, নেমু বিক্ৰীৰে উপাৰ্জন লক্ষাধিক টকা!

RAHUL ALI
RAHUL ALI
কৃষি কৰ্মৰে উজলিছে চৰাইদেউৰ প্ৰশান্ত দত্ত
কৃষি কৰ্মৰে উজলিছে চৰাইদেউৰ প্ৰশান্ত দত্ত

মন কৰিলেই ছন বাকৰি মাটিতেই ধন” এই অসমীয়া আপ্তবাক্যশাৰীকে সাৰোগত কৰি আগবাঢ়িছে চৰাইদেউ জিলাৰ চফ্ৰাই মোহন গাঁৱৰ এজন কৰ্মদ্যোমী যুৱক৷ যি সময়ত ৰাজ্যখনত একাংশ যুৱক যুৱতীয়ে চাকৰিৰ আশাত ঘৰত বহি সময় পাৰ কৰিছে তেনে সময়তে চৰাইদেউ জিলাৰ চফ্ৰাই মোহন গাঁৱৰ প্ৰশান্ত দত্ত নামৰ কৰ্মদ্যোমী যুৱক জনে সমন্বিত কৃষি কৰ্মৰ জৰিয়তে উপাৰ্জনৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। 

উচ্চ শিক্ষিত যুৱকজনে তিনি বিঘা মাটিত কল, নাৰিকল, নেমু ,  প্ৰায় এবিঘা মাটিত গুল নেমু আৰু  কমলা, দহ বিঘা মাটিত শাক পাচলিৰ লগতে  গো-পালন, ছাগলী আৰু হাঁহ কুকুৰা পালনৰ জৰিয়তে স্বাৱলম্বী হৈছে। চৰাইদেউ জিলাৰ চফ্ৰাই মোহন গাঁৱৰ নিজ গৃহৰ চাৰিসীমাৰ ভিতৰতে অসমৰ পুৰণি বাৰীৰ আৰ্হিক বৈজ্ঞানিক পদ্ধতিৰে নতুনত্ব দি স্বাৱলম্বিতাৰ পথ বাচি লৈছে প্ৰশান্ত দত্তই৷  সমন্বিত কৃষিকৰ্মৰ জৰিয়তে যথেষ্ঠ লাভবান হৈছে যুৱক জন৷ এই কৃষি কৰ্মৰ জৰিয়তে যুৱক জনে সকলো খৰচ বহন কৰি মাহেকত ৫০-৬০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ আনহাতে যুৱ কৃষক জনে অকল নেমু বিক্ৰী কৰিয়েই বছৰেকত লক্ষাধিক টকা উপাৰ্জন কৰে৷

প্ৰথমে কাজি নেমু খেতিৰে কৃষি কৰ্ম আৰম্ভ কৰা প্ৰশান্ত  দত্তই বিগত ১২ বছৰ ধৰি সমন্বিত কৃষি কৰ্মৰ লগত জড়িত হৈ আছে৷ খেতি আৰম্ভ কৰা দিনৰ পৰা কৰ্মসংস্থাপনৰ বাবে পিছলৈ উভতি চাবলগীয়া হোৱা নাই তেওঁ। আনহাতে চৰকাৰী কৃষি বিভাগৰ ফালৰ পৰা এখন পাৱাৰটিলাৰ আৰু সময়ে সময়ে বিভিন্ন সুবিধা লাভ কৰি লাভাম্বিত হৈছে যুৱ কৃষক প্ৰশান্ত দত্ত৷ উঠি প্ৰজন্মই যাতে সময় অপব্যয় নকৰি ঘৰৰ খেতি মাটি দৰাত সময়ে সময়ে বিভিন্ন খেতি কৰে তাৰ আহ্বান জনাই যুৱক কৃষক গৰাকীয়ে৷

যুৱ কৃষক জনে কৃষি জাগৰণৰ সাংবাদিকক জনোৱা মতে ধান খেতিতকৈ শাক পাচলিৰ খেতিত অধিক উপাৰ্জন কৰিব পাৰে কৃষকে৷ বিশেষকৈ জলকীয়া , বেঙেনা আৰু অমিতা খেতিত কৃষক সকলে দুগুণ উপাৰ্জন কৰিব পাৰে৷ এইবাৰ কৃষক জনে প্ৰায় আঠ বিঘা  দিচাং নদীৰ পলসুৱা মাটিত জলকীয়া বেঙেনা কবি আৰু  লাও খেতি আৰম্ভ কৰিছে৷

ইতিমধ্যে যুৱ কৃষক জনে পুলি নাৰ্চাৰীৰ কাম আৰম্ভ কৰিছে৷ বজাৰৰ পৰা উন্নত প্ৰজাতিৰ শাক পাচলিৰ বীজ ক্ৰয় কৰি অধিক উৎপাদনৰ বাবে হাতে কামে লাগিছে যুৱ কৃষক জন৷ কৰ্মস্পৃহা আৰু একাগ্ৰতাৰ বলত নিজৰ লগতে বহুকেইজন লোকক আত্মসংস্থাপনৰ পথ দেখুৱাইছে  প্ৰশান্ত দত্তই ৷ বৰ্তমান প্ৰশান্ত দত্তৰ এই কৃষি কৰ্ম অঞ্চলটোৰ বাবে আদৰ্শ হৈ পৰিছে৷

লগতে পঢ়ক-কৰোণাত চাকৰি হেৰুওৱাৰ পিছতে আৰম্ভ কৰিলে মুকুতাৰ খেতি, এতিয়া ২.৫ লাখ টকাকৈ উপাৰ্জন তেওঁৰ

নবোল কোঁৱৰ

ফোনঃ ৭০০২০২২৬৪৩

English Summary: Lemon Farmer Success Story

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.