1. সফল কাহিনী

পিতৃৰ সৈতে মৌ বিক্ৰী কৰিবলৈ যোৱা শিশুটি এতিয়া সফল মৌ পালক

RAHUL ALI
RAHUL ALI

শৈশৱত পিতৃৰ সতে কুমাৰীকাটাৰ খাদী অফিচলৈ ঘৰৰ মৌ বিক্ৰী কৰিবলৈ গৈছিল বাবু ৰাম বড়ো‌। মৌ বিক্রী কৰি পিতৃয়ে ধনলাভ কৰা দেখি তেৱো মৌ পালনৰ প্ৰতি আকৰ্ষিত হল‌। শৈশৱত সেই মৌ বিক্ৰী কৰিবলৈ যোৱা লৰাজন এতিয়া হৈ পৰিল নিজেই এজন আদৰ্শ মৌ পালক।

"মই  ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোতে দেউতাৰ সতে ঘৰৰ মৌ বিক্ৰী কৰিবলৈ গৈছিলোঁ। তাত দেউতাই মৌ বিক্ৰী কৰি কিছুধন পোৱা দেখি মোৰ মনত গভীৰ ভাৱে ৰেখাপাত কৰিছিল। মৌ পালন কৰি ময়ো ভৱিষ্যতে এজন মৌ পালক হোৱাৰ সপোন দেখিছিলোঁ‌ "- বাবু ৰাম বড়োৱে এনেদৰে কয়।

শৈশৱত মৌ পালক হোৱাৰ সপোন দেখা বাবু ৰাম বড়ো এতিয়া এজন আদৰ্শ মৌ পালকেই নহয় এজন সফল মৎস্য পালক আৰু প্ৰগতিশীল উদ্যান শস্যৰ কৃষক। বাবু ৰাম বড়োই কয়- তেওঁৰ বৰ্তমান শতাধিক মৌবাহ আছে যৰ পৰা  প্ৰতিবছৰে মৌ পালন কৰি -৮০ হেজাৰ মান আয় হয়। বিগত বৰ্ষত তেওঁ মৌ পালন আৰু মৌৰ বাকচ যোগান ধৰি তিনি লক্ষাধিক টকা আয় কৰে।

তামুলপুৰ মহকুমা কৃষি বিভাগ,বাক্সা জিলা কৃষি বিভাগ আদিৰ পৰা যথেষ্ট সহায়-সহযোগ আৰু দিহা পৰামৰ্শ লাভ কৰা বাবু ৰাম বড়ো এতিয়া তামুলপুৰ মহকুমাৰে নহয় সমগ্র বাক্সা জিলাৰে এজন সফল তথা প্ৰগতিশীল কৃষকৰ নাম।

মৌ পালন, মৎস্য পালন আৰু উদ্যান শস্যৰ পৰা বছৰি সাত লক্ষাধিক টকা আয় কৰে বাবুৰাম বড়োৱে। বাবু ৰাম বড়োৰ সপোন বোৰ সাৰ্থকৰূপ লাভ কৰাৰ লগতে নৱ প্ৰজন্মৰ বাবে তেওঁ আদৰ্শ হৈ ৰওঁক বাবুৰাম- কৃষি জাগৰণ অসমৰ তৰফৰ পৰা থাকিল অলেখ শুভকামনা।

উৎপল ডেকা, তামুলপুৰ

লগতে পঢ়ক-সূৰ্যমুখী ফুলৰ খেতিৰ লগত মৌমাখি পালন কৰি ঘটিব পাৰে অধিক টকা

English Summary: Bee Keeper Baburam Bodo Success Story

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.