1. সফল কাহিনী

তামোলৰ ঢকুৱাৰ পৰা জীৱিকাৰ পথ মোকলাইছে বাক্সাৰ ধনেশ্বৰ বৈশ্যই

RAHUL ALI
RAHUL ALI
তামোলৰ ঢকুৱা উদ্যোগ
তামোলৰ ঢকুৱা উদ্যোগ

আপোনাৰ ঘৰৰ পিছফালে থকা তামোলৰ বাৰীখনত পৰি থকা পেলনীয়া সামগ্ৰীয়েও এদিন কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰে৷ এই পেলনীয় সামগ্ৰীয়ে কৰ্ম সংস্থাপনৰ লগতে আপোনাৰ ঘৰ খন গাৱঁখনৰ পৰিবেশ স্বচ্ছ কৰি ৰাখিব পাৰে৷ প্ৰদূষনৰ পৰা হাত সাৰিবও পাৰে এই সামগ্ৰী ব্যৱহাৰ কৰি৷ লগতে  এই পেলনীয়া সামগ্ৰীৰ সদ ব্যৱহাৰ কৰি আপোনাৰ জীৱনৰ ছন্দ সলনি কৰিব পাৰে৷

হয়, আপোনাৰ বাৰীত থকা তামোল গছৰ পৰা সৰি পৰা তামোলৰ ঢকুৱাটোৰ পৰা আপুনি এনে এবিধ সামগ্ৰী তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি আত্মসংস্থাপনৰ দিহা কৰি নিজে ধনী হোৱাৰ পথ প্ৰশস্ত কৰিব পাৰে৷ যি সময়ত সেউজ অসম স্বচ্ছ অসমৰ শ্লোগান দি ৰাজ্য চৰকাৰে ৰাইজৰ মাজত সজাগতা অনিবলৈ প্ৰয়াস কৰিছে প্লাষ্টিকৰ বৰ্জন কৰিবলৈ আহ্বান জনাইছে সেই সময়ত বাক্সা জিলাৰ এগৰাকী যুৱকে বিগত এঘাৰ বছৰ ধৰি প্লাষ্টিকৰ সামগ্ৰীৰ বিপৰীতে সহজলভ্য তামোলৰ ঢকুৱাৰ পৰা সামগ্ৰী তৈয়াৰ কৰি সমাজক উপহাৰ দি য়াৰ উপৰে নিজেও আত্মসংস্থাপনৰ দিহা কৰিছে ৷

বাক্সা জেলাৰ খৈৰানী গাৱৰ যুৱক ধনেশ্বৰ বৈশ্যই আজিৰ পৰা এঘাৰ (২০০৭) চনৰ পৰাই তামোলৰ ঢকুৱাৰ পৰা কাহি বাটি আৰু  প্লেট তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি সকলোৰে সমাদৰ লাভ কৰাৰ উপৰি নিজেও আত্মসংস্থাপনৰ দিহা পৰি পৰিয়ালটো পোহপাল দি আহিছে৷ ২০০৭ চনত বৰপেটাৰ এটি স্বেচ্ছাসেৱী সংগঠনত প্ৰশিক্ষন লয় বাৰীৰ পেলনীয়া সামগ্ৰী ঢকুৱাৰ পৰা কেনেকৈ প্ৰদূষন মুক্ত কাহি বাটি আৰু প্লেট তৈয়াৰ কৰিব পাৰি৷ প্ৰশিক্ষন সমাপ্ত কৰি গাৱে ভূৱে বাৰীৰ পিছফালে পৰি থকা ঢকুৱা সংগ্ৰহ কৰি প্ৰথম আৰম্ভ কৰে কাহি বাটি আদি সামগ্ৰী তৈয়াৰ কৰাত৷ পৰবৰ্তী সময়ত ধনেশ্বৰ বৈশ্যই স্থানীয় এটি বেংকৰ পৰা কিছু টকা ঋন লয়৷ ঋনৰ ধনেৰে বৰপেটাৰ স্বেচ্ছাসেৱী সংগটনটোৰ সহযোগত তিনিটা মেছিন কিনি লয়৷

যুৱক জনে সম্প্ৰতি হাইড্ৰলিক যন্ত্ৰ ব্যৱহাৰ কৰি বাচন বৰ্তন সমূহ তৈয়াৰ কৰি আহিছে৷ বিগত সময়ত বাক্সা জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সম্নয়ক ড° উৎপলজ্যোতি শৰ্মা সহ এটি এটি কৃষি বিজ্ঞানীৰ দলে নিজেই কৰ্মৰাজি প্ৰত্যক্ষ কৰি গৈছে।

মেছিন সমুহ কিনি আনি নিজৰ ঘৰতে বহুৱাই এল পি জি গেছৰ দ্বাৰা বিগত বছৰ সমুহত ঢকুৱাৰ পৰা চকুত লগা ধৰনে সা সামগ্ৰী তৈয়াৰ কৰি আহিছে৷ তৈয়াৰ কৰা সামগ্ৰী শতকৰা হিচাবত বৰপেটা জিলাৰ তমোল প্ৰাঃলিঃ  বি্ক্ৰী কৰি আহিছে৷ শতকৰা হিচাপত কাহী বাতি বোৰ বিক্ৰী কৰে৷ মাহত এই যুৱক জনে সকলো খৰছ বাদ দি ১২/১৫ হাজাৰ টকা লাভ কৰে বুলি তেওঁ কয়। প্ৰতিটো দিনত ঢকুৱাৰ পৰা বাৰশ কাহী বাটি তৈয়াৰ কৰিব পাৰে৷

উৎপল ডেকা

তামুলপুৰ

লগতে পঢ়ক-মালেছিয়াত কৰ্মৰত জ্যোতিকনৰ কৃষিকৰ্মৰে বিকল্প সংস্হাপনৰ সন্ধান

English Summary: Disposable dishes from Betel Nut

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.