1. সফল কাহিনী

Inspiring Story : কাঠফুলা, কেঁচুসাৰৰ পৰা মৰুৱা, কণী ধানলৈ মুনমী শইকীয়া

PANKAJ KHANIKAR
PANKAJ KHANIKAR
A Inspiring Story of Munmi Saikia Gogoi
A Inspiring Story of Munmi Saikia Gogoi

মৰুৱা আৰু কণী ধানৰ (মিলেট) পৰা বিস্কুট, কেক, লাড়ু আদি তৈয়াৰ কৰি মুনমী শইকীয়াই আত্মনিৰ্ভৰশীল হৈছে৷ সাধাৰণতে বিস্কুট, কেক আদি তৈয়াৰ কৰিবৰ বাবে বজাৰৰপৰা প্ৰয়োজনীয় অধিকাংশ সামগ্ৰী ক্ৰয় কৰা হয়৷ কিন্তু গোলাঘাট জিলাৰ পূব উন্নয়ন খণ্ডৰ অন্তৰ্গত দবৰাহী গাঁৱৰ নিৱাসী মুনমী শইকীয়া গগৈয়ে নিজেই দুবিঘা মাটিত মৰুৱা কণী ধানৰ (মিলেট)খেতি কৰে৷ নিজেই খেতি কৰি সেই ধানৰপৰাই বিস্কুট, কেক আদি তৈয়াৰ কৰি গগৈয়ে বিক্ৰী কৰে৷ এনেদৰে নিজেই সকলো কাম কৰি ব্যৱসায়িক দিশত সফল হোৱা অসমীয়া মহিলাৰ সংখ্যা বেছি নহয়৷ তাৰ ভিতৰত ব্যতিক্ৰমী মহিলা হিচাপে মুনমীক অসম চৰকাৰৰ কৃষি বিভাগেও স্বীকৃতি দিছে৷

উল্লেখ্য যে গোলাঘাটৰ জিতেন গগৈৰ পত্নী মুনমী শইকীয়া গগৈয়ে ২০০৭ চনত গোলাঘাট হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল৷ খেতিৰেই আত্মনিৰ্ভৰশীল হোৱাৰ বাবে তেওঁ কলেজত পঢ়ি থকাৰ পৰাই চিন্তা কৰিছিল৷ ২০০৮ চনত বিবাহ পাশত আবদ্ধ হোৱা মুনমীক স্বামী জিতেন গগৈয়ে খেতি কৰাৰ বাবে প্ৰেৰণা দিছিল৷ প্ৰথমে তেওঁ গোলাঘাট জিলা কৃষি বিভাগৰ যোগেদি কেঁচুসাৰ উৎপাদন কৰিছিল৷ কেঁচুসাৰ উৎপাদনৰে সফল হোৱা মহিলাসকলৰ ভিতৰত গোলাঘাটত তেওঁ অন্যতম মহিলা৷ মুনমীয়ে (আৰ এছ ই টি আই-ৰ যোগেদি) কেঁচুসাৰ উৎপাদনৰ প্ৰশিক্ষণ লৈ সফল হৈছে৷ যথেষ্ট কেঁচুসাৰ উৎপাদন কৰি বিক্ৰী কৰাৰ লগতে নিজেও জৈৱিক খেতি কৰে৷

লগতে পঢ়ক- 

Inspiring story of Meghali borah : মেঘালী বৰাৰ প্ৰেৰণাদায়ক কাহিনী

সমান্তৰালকৈ তেওঁ কাঠফুলা উৎপাদন কৰি বিক্ৰী কৰি আহিছে৷ কাঠফুলাৰ গ্ৰাহকো ক্ৰমে বাঢ়ি গৈছে৷ কাঠফুলাৰ পৰা আচাৰ তৈয়াৰ কৰিও বিক্ৰী কৰে৷ এনেদৰে বিভিন্ন দিশত সফল হোৱা মুনমীয়ে ২০২২ চনৰ আৰম্ভণিতে গোলাঘাট জিলাৰ কৃষি বিভাগৰ যোগেদি ফিংগাৰ মিলেটৰ (মৰুৱা ধান) খেতি কৰা আৰম্ভ কৰিছিল৷ এবিঘা মাটিত ৮০ কিলোগ্ৰাম মৰুৱা ধান উৎপাদন কৰি মুনমী শইকীয়া গগৈয়ে নতুন নতুন পথৰ সন্ধান পাইছে৷ খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত মৃদুস্মিতা বৰঠাকুৰে প্ৰথমে তেওঁক মিলেটৰ পৰা কেক, বিস্কুট আৰু লাড়ুৰ প্ৰশিক্ষণ দিছিল৷ কণী আৰু মৰুৱা ধানৰ পৰা বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰাৰ পাছত অধিক লাভ হোৱাত মুনমীয়ে নিজেই দুবিঘা মাটিত ধান উৎপাদনত ব্ৰতী হৈছে৷ এবিঘাৰ পৰা দুবিঘা মাটিত মিলেটৰ খেতি কৰা মুনমীয়ে অনাগত সময়ত আৰু অধিক মাটিত খেতি কৰি বিস্কুটৰ ব্যৱসায় দুগুণলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিছে৷ গোলাঘাটৰ কৃষি বিভাগ, মিলেট মিছন অসম আৰু গোলাঘাট মিলেট মিছনে অধিক উৎসাহ দিয়াৰ লগতে সহায় কৰা মুনমীয়ে বেংগালুৰু কৃষি বিশ্ববিদ্যালয়তো মিলেট সম্পৰ্কীয় প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল৷

যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা উৎসাহ পোৱা উদ্যমী গগৈয়ে গাঁৱৰ আন মহিলাকো মিলেটৰ খেতি কৰিবলৈ উদ্‌গনি দি জাগৰণ সৃষ্টি কৰি আহিছে৷ মুনমী শইকীয়া গগৈয়ে কয় – ‘শিক্ষক বা আন চাকৰি কৰাৰ বাবে শিক্ষা গ্ৰহণ কৰিছিলোঁ৷ কিন্তু সময়ৰ গতিত মনলৈ আহিল খেতি আৰু ব্যৱসায় সমান্তৰালকৈ আগবঢ়াই নিলে সমাজক ইতিবাচক বাৰ্তাও দিব পাৰিম৷ চৰকাৰেনো কিমানক চাকৰি দিব৷ কিন্তু আমি যদি খেতিৰ লগতে অন্যান্য উৎপাদনশীল কামত আত্মনিয়োগ কৰোঁ নতুন পুৰুষেও উৎসাহ পাব৷ সেয়ে মিলেটৰ খেতি কৰাৰ লগতে বিস্কুট, কেকৰ ব্যৱসায়ত মনোনিৱেশ কৰিছোঁ৷’ মুনমীয়ে কয় যে কণী ধানৰ খেতিৰে আত্মনিৰ্ভৰশীল হোৱাত আৰু কেন্দ্ৰীয় চৰকাৰেও আমাক স্বীকৃতি দিছে৷ চৰকাৰৰ এনে স্বীকৃতিৰ বাবেই আমাৰ গাঁৱৰ অধিক মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ বাবে উঠিপৰি লাগিছোঁ৷ চাকৰি নকৰিলেও যে ভাল উপাৰ্জন কৰিব পৰা যায়, সেয়া গাঁৱৰ মহিলাই উপলব্ধি কৰাটোৱেই সমাজৰ বাবে শুভ লক্ষণ বুলি ভাবোঁ৷

লগতে পঢ়ক- 

চিকিৎসালয়ৰ তেজ, পুঁজ লগা আৱজৰ্নাৰে অসমীয়া অভিজন্তা পাৰ্থপ্ৰতিম পাঠকৰ উদ্যোগ স্থাপন

 

English Summary: A Inspiring Story of Munmi Saikia Gogoi

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.