1. সফল কাহিনী

মালেছিয়াত কৰ্মৰত জ্যোতিকনৰ কৃষিকৰ্মৰে বিকল্প সংস্হাপনৰ সন্ধান

RAHUL ALI
RAHUL ALI
মালেছিয়াত কৰ্মৰত জ্যোতিকন কৃষিকৰ্মৰে বিকল্প সংস্হাপনৰ সন্ধান
মালেছিয়াত কৰ্মৰত জ্যোতিকন কৃষিকৰ্মৰে বিকল্প সংস্হাপনৰ সন্ধান

"পথাৰো আমাৰ বজাৰো আমাৰ" এই আপ্তবাক্য শাৰী সৰোগত কৰি লকডাউন কভিড কালীন পৰিবেশৰ মাজতে বিকল্পৰ সন্ধানত ব্যস্ত সুদূৰ মালয়েছিয়াত কৰ্মৰত তামুলপুৰৰ এগৰাকী শিক্ষিত যুৱক এতিয়া কৃষিকৰ্মৰে আত্মসংস্থাপনৰ নতুন বাট মুকলি কৰি নিজেই আত্মসন্তুষ্টি লাভ কৰাৰ উপৰিও আন দহ জনক সংস্থাপনৰ বাট দেখুৱাই আজিৰ মহঙা দিনৰ সমাজ খনত এক কৰ্মসংস্কৃতি ডাঙি ধৰিবলৈ সক্ষম হৈছে৷ যুবক জনে সমন্বিত কৃষি পদ্ধতিৰে  আশাৰ বাট বান্ধি কৃষিৰে জগৎ জিনিবলৈ কৰিছে ক্ষুদ্ৰ প্ৰয়াস৷ কৰ্মই ধৰ্ম বুলি এক কৰ্মসংস্কৃতিৰে খোজ দিছে ভৱিষ্যতৰ সপোন লৈ আত্মনিৰ্ভৰশীল হোৱাৰ দিশে৷ তামুলপুৰ জিলাৰ এগৰাকী শিক্ষিত যুৱক, নাম জ্যোতিকন ৰাভা (৩২) ঘৰ ২ নং জামুগুৰিত৷

বীৰেন ৰাভাৰ কনিষ্ঠ পুত্ৰ জ্যোতিকনে ২০০৮ চনত উচ্চ মাধ্যমিকো ২০১০ চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা (বিজ্ঞান) তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ গুৱাহাটীস্থ এখন ব্যাক্তিগত খণ্ডৰ Hotel management institution ৰ পৰা ৩ বছৰীয়া B.sc পৰীক্ষা উত্তীৰ্ণ হয়৷ তাতেই campus Interview  দি ২০১৪ চনত তামিলনাডুৰ বাৰ্বিকুনিশ্বন নামৰ ৰেষ্টুৰেণ্ট এখনত কেপ্টেইন হিচাপে কাম কৰে৷  পৰবৰ্তী সময়ত নলবাৰীস্থিত ডা° তপন ডেকাৰ সাৰথি হস্পিতালত হাউছ কিপিং ইনচাৰ্জ হিচাপে কাম কৰি পুনৰ মালয়েছিয়াত গৈ "আহোম কেপিটাম"ত খাদ্য ব্ৰেভাৰিচ কেপ্তেইন ইনচাৰ্জ কাম কৰিছিল৷

২০১৯ চনত মাঘবিহুৰ সময়তে তামুলপুৰৰ ঘৰলৈ আহি লকডাউন দুৱছৰ ধৰি আৱদ্ধ হৈ পৰে৷ পিছত পৰিয়াল বন্ধুবৰ্গৰ সহযোগত ঘৰতে কৰ্মসংস্থাপনৰ দিহা কৰে৷ পৰিয়ালৰ ঘৰৰ চৌহদতে থকা চৈধ্যবিঘা মাটিৰ বাৰ বিঘাত মালভোগ কল ১২০০ জোপা, নেমুটেঙা ১০০ জোপা আৰু ৪০০০ জোপা তামোল ৰোপন কৰে৷ ইপিনে যুৱক গৰাকীয়ে ইউ টিউবত কৃষি পদ্ধতি সম্পৰ্কত অধ্যয়ন কৰি "জিগজাগ" পদ্ধতিৰে বাগান খন স্থাপন কৰিবলৈ প্ৰয়াস কৰে৷ বাগানখন স্থাপন কৰাত গাৱঁৰ লগবন্ধু সকলৰ সহায় সহযোগত আনকি শ্ৰমদান কৰি তেওঁলোকে জ্যোতিকনক সহায়ৰ হাত আগবঢ়ায়৷

বন্ধু সকলৰ সহায়ক সাৰথি কৰি জ্যোতিকনে নিজৰ বাগানখনৰ পৰা  মালভোগ কলৰ উৎপাদন মাৰ্চমাহৰ পৰা আৰম্ভ হৈছে৷ প্ৰতি আখি ৪২-৩৫ টকা দৰত বিক্ৰী কৰি আছে৷ ঘৰলৈকে তামুলপুৰ থলুৱা বেপাৰী আৰু নলবাৰী জিলাৰ ভিন্নপ্ৰান্তৰ বেপাৰী আহি ঘৰৰ পৰাই কল কিনি নিয়ে৷ আনহাতে জ্যোতিকনে 22 বিঘা মাটিত কেবাবিধো শালি ধানৰ খেতি কৰাৰ লগতে খৰালি ৰবিশস্যৰ খেতিও কৰে। পাচলি,  মচুৰৰ পৰা সৰিয়হলৈ একো বাদ নপৰে। ঘৰত খাবলৈ ৰহৰৰ খেতিও কৰে৷ পথাৰত ধানৰ ওখ ওখ আলিত আগতীয়াকৈ সিঁচিছে মাটিমাহ। আৰু কি কি কৰে জ্যোতিকণ ৰাভাই?  তেওঁ জনাইছিল- ‘বাৰীত তামোল আগতে আছিলেই৷ কোভিডৰ সময়ত আহি নতুনকৈ ৪০০০ টা পুলি ৰুলোঁ। এতিয়া মুঠতে ১৪০০ জোপা তামোল ফুলিছে। ৩৫০০ মালভোগ কল আছে। নেমু আছে ১০০ জোপা। নতুনকৈ ৫০ টা অমিতাৰ পুলি লগাইছো। ৫ বিঘাৰ তিনিটা পুখুৰী আছে। আছে হাঁহ, কুকুৰা, গৰু, গাহৰি৷’

দুবাৰ মালভোগ কল বিক্ৰী কৰি মূলটো উলিয়াই কিছু লাভ কৰিলেও অহা দুৱছৰ মানৰ ভিতৰতে তামোল গছৰ পৰা তামোলৰ উৎপাদন আৰম্ভ হ’ব। জ্যোতিকনে এখন পাৱৰ টিলাৰ লোৱাৰ আশা কৰিছে এইবেলি ৷মুঠৰ ওপৰত জ্যোতিকনৰ দৰেই যুবক সকলেই ৰাজ্যৰ কৃষি অৰ্থনীতি টনকিয়াল কৰিবলৈ খেতিপথাৰত কাম কৰি সমাজখনত আন যুবক সকলৰ বাবেই উদাহৰন হৈ খোজ দিছে৷ সমাজ খনৰ বাবেই  জ্যোতিকনৰ দৰেই যুবক সকল হৈ উঠক উজ্বল নক্ষত্ৰ৷ ঘৰৰ পুখুৰীতে ৰাজহাঁহ , থলুৱা প্ৰজাতিৰ হাঁহ আৰু কুঁকুৰা  আৰু উন্নত প্ৰজাতিৰ গাহৰি পালন কৰিছে৷ লগতে  চাৰিটা উন্নত প্ৰজাতিৰ গাইগৰু পালন কৰি নিজকে আত্মসংস্থাপন দিয়াৰ উপৰিও দহ/পোন্ধৰ গৰাকী লোকক কৰ্মসংস্থাপনৰ দিহা কৰি সম্প্ৰতি যুৱক জন বৰ উৎসাহী হৈ পৰিছে৷

অসম চৰকাৰ বিটিআৰ চৰকাৰৰ তৰফৰ পৰা কিছু সহায় কালে নিশ্চয় জ্যোতিকনে এনেদৰে কৃষিকৰ্মৰে কাম কৰি নিজক ব্যাস্ত ৰাখি কাম কৰি যোৱাৰ হেপাহ মনতে পুহি ৰাখিছে৷

লগতে পঢ়ক-বগৰী খেতিৰে আদৰ্শ তামুলপুৰৰ প্ৰগতিশীল কৃষক প্ৰানেশ্বৰ স্বৰ্গীয়াৰী

 

উৎপল ডেকা

তামুলপুৰ

English Summary: Success Story of Farmer Jyotikon

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.