1. সফল কাহিনী

লেয়াৰ মুৰ্গী পালনেৰে দৈনিক ৩২০০ কণী উৎপাদন শিৱসাগৰৰ পৱন কোঁৱৰৰ

RAHUL ALI
RAHUL ALI
Betabari Farm Egg Production
Betabari Farm Egg Production

শিৱসাগৰ জিলাৰ বেতবাৰীত শিক্ষিত যুৱক পৱন কোঁৱৰে উন্নত জাতৰ লেয়াৰ মুৰ্গী পালন কৰি দৈনিক প্রায় ৩২০০ কণী উৎপাদন কৰিবলৈ সক্ষম হৈছে। বেতবাৰী ফাৰ্ম নামেৰে প্ৰতিষ্ঠা কৰা কুকুৰা পাম খন বিগত বছৰ ৪০০০ উন্নত জাতৰ কুকুৰাৰে আৰম্ভ কৰিছিল যুৱক জনে। বৰ্তমান এই পাম খনে দৈনিক ৩০০০ ৰ পৰা ৩২০০ সতেজ কণী উৎপাদন কৰি স্থানীয় বজাৰলৈ উলিয়াই দি ব্যাপক সঁহাৰি লাভ কৰিছে।

বহিঃ ৰাজ্যৰ পৰা অহা কণীৰ তুলনাত অধিক সতেজ হোৱা বাবে স্থানীয় ভাবে উৎপাদিত এই কণী সমূহে সহজেই বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি ফুৰাৰ পৰিবৰ্তে নিজকে উত্পাদনমুখী কাম কাজত জড়িত কৰ্মদ্যোমী যুৱক জনে কণীৰ ব্যৱসায়ৰ লগতে মীন পালন,খেতি বাতিটো মনোনিবেশ কৰিছে। যুৱক জনৰ এই কৰ্মই সমগ্ৰ অঞ্চলটোতে এক ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিছে।আনৰ মুখলৈ চাই থকাৰ পৰিবৰ্তে হাতে কামে কাম কৰি পৰিৱৰ্তনৰ প্ৰচেষ্টা কৰা যুৱক জনে এই কণী পামৰ পৰা নিজকে স্বাৱলম্বী কৰাৰ লগতে স্থানীয় বহু কেইজন লোকক সংস্থাপনৰ দিহা কৰি দিছে।

স্থানীয় বজাৰৰ চাহিদা বেতবাৰী ফাৰ্মৰ দৰে পাম সমূহে কিছু পৰিমাণে পূৰণ কৰিছে যদিও চাহিদা আৰু যোগানৰ মাজত এতিয়াও বৃহৎ পাৰ্থক্য আছে।পাম খনৰ গৰাকী পৱন কোঁৱৰে প্ৰকাশ কৰা অনুসৰি স্থানীয় ভাবে উৎপাদিত কণীৰ ব্যাপক চাহিদা আছে।এই চাহিদা পূৰণ কৰাৰ বাবে নিবনুৱা যুৱক যুৱতী সকল আগুৱাই আহিলে বজাৰ দখল কৰাৰ লগতে আত্ম নিৰ্ভৰ হব পাৰিব পৱন কোঁৱৰে প্ৰকাশ কৰে।প্ৰগতিশীল নতুন প্ৰজন্মৰ কৃষক গৰাকীয়ে BV 300  জাতৰ কুকুৰাৰে কৰা এই পামৰ পৰা যুৱকজনে নিজকে আত্মনিৰ্ভৰশীল কৰাৰ লগতে ৪ জন ব্যক্তিক সংস্থাপনৰ দিয়া কৰিছে।কোঁৱৰে এই পাম খনৰ পৰা দৈনিক ৩০০০ টকা উপাৰ্জন কৰে। বৰ্তমান মাহেকেত প্রায় ৯০ হেজাৰ  টকা এই পামৰ পৰা লাভ হিচাপে অৰ্জন কৰিছে। এই উপাৰ্জনে যুৱক জনক যথেষ্ঠ পৰিমানে উৎসাহিত কৰিছে। ভৱিষ্যতে তেওঁ এই পাম খনত কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি ১০,০০০ কৰাৰ পৰিকল্পনা কৰিছে।

উল্লেখযোগ্য যে, অসমত প্ৰতি বছৰে ৫৬০ কোটি কণীৰ প্ৰয়োজন হয়। স্থানীয়ভাবে কণীৰ উৎপাদন অতি সীমিত। বৰ্তমান ৰাজ্যত মাত্ৰ ৪৮ কোটি কণীৰহে উৎপাদন হয়। চাহিদা আৰু উৎপাদনৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ বাবে অসমলৈ বৰ্হি ৰাজ্যৰ পৰা বৃহৎ পৰিমাণৰ কণী আনিব লগা হয়। চৰকাৰীভাবে প্ৰকাশিত পৰিসংখ্যা অনুসৰি দৈনিক প্রায় ২ কোটি টকাৰ কণী ৰাজ্যলৈ আমদানি কৰা হয়। বজাৰ তৈয়াৰ হৈ থকাৰ পাছতো স্থানীয় যুৱক যুৱতী সকলে এতিয়াও এই খণ্ডৰ ব্যৱসায় সুযোগ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয়ভাৱে উৎপাদিত কণী সতেজ হোৱা বাবে বৰ্হি ৰাজ্যৰ পৰা অনা কণীতকৈ দামো অধিক পোৱা যায়।

কণী উৎপাদন খণ্ডত যোৰহাটৰ আকাশ জ্যোতি গগৈ আৰু অংকুৰ বৰাৰ "বহুবলী" কণীয়ে বজাৰৰ পৰা যথেষ্ঠ সমাদৰ লাভ কৰিছে। তেওঁলোকে দৈনিক প্রায় ৪৫,০০০ কণী উৎপাদন কৰে। অকাশজ্যোতি আৰু অংকুৰৰ পদাংক অনুসৰণ কৰি পৱন কোঁৱৰ আদিৰ দৰে এচাম নৱ উদ্যমীৰ সৃষ্টি হৈছে। এই চাম উদ্যোগীয়ে নিৰলসভাৱে কণীৰ সম্ভাৱনাময় ক্ষেত্ৰ খনত সাহসেৰে ভৰি দিছে আৰু আশাৰ সঞ্চাৰ কৰিছে। এই চাম উদ্যোগীৰ প্ৰচেষ্টা ফলৱৰ্তী হলে অনাগত কেইটামান বছৰত অসম কণী উৎপাদন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হব। এই আত্মনিৰ্ভৰশীলতাই নিবনুৱা নাইকিয়া কৰাৰ সমান্তৰাল ভাৱে টনকিয়াল কৰিব জাতীয় অৰ্থনীতিৰ ভেটি।

লগতে পঢ়ক-কেঁচু সাৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন সৰভোগৰ কল্পনা বৰ্মনৰ

মুজাহিদ আলি

শিৱসাগৰ

English Summary: Egg Production Farm Sibsagar

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.