1. সফল কাহিনী

Amazing Success story: প্ৰত্যাহ্বানৰ পৰা সফলতা লৈ সন্তোষ কাইটৰ সংগ্ৰাম কাহিনী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
From challenges to success amazing story of Santosh Kite
From challenges to success amazing story of Santosh Kite

এজন পলিঅ ৰোগী। সকলো বিফলতাই তেওঁক এফালৰ পৰা হেঁচা মাৰি আহিছিল। এনে ৩৬০ ডিগ্ৰীৰ হেঁচাত বহুতে নিজক হেৰুৱাই পেলায়। কিন্তু আজি আমি সেই ৩৬০ ডিগ্ৰীৰ হেঁচাক প্ৰত্যাহ্বান জনাই জীৱনৰ গান গোৱা এজন ব্যক্তিৰ কথা কম। যাক আপুনি বোকাৰ পৰা গজি উঠা পদুমৰ লগত তুলনা কৰিব পাৰো। এদিন পৰিয়াল পৰিজনৰ বোজাৰ দৰে হৈ পৰা ব্যক্তিজন বৰ্তমান গাঁওখনৰে প্ৰেৰণা আদৰ্শনীয় ব্যক্তি হৈ পৰিছে।

হয় আমি ক’ব বিচাৰিছো এজন শাৰীৰিকভাৱে সক্ষম কৃষক সন্তোষ কাইটৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনী। শিশু অৱস্থাতে পলিঅ’ ৰোগত আক্ৰান্ত হৈ পংগুত্বক আকোঁৱালী ল’লে। কিন্তু দৈহিক পংগুত্বই তেওঁৰ মনটোক বান্ধি ৰাখিব নোৱাৰিলে। বয়স হৈ অহাৰ পাছতে তেওঁ জীৱিকা হিচাপে কৃষি কৰ্মকে নিৰ্বাচন কৰিলে। প্ৰথম কমকৈ আৰম্ভ কৰিছিল। কিন্তু তেওঁ কৃষি কৰ্মক অলপ বহালেই কৰিবলৈ মন মেলোঁতেই তেওঁক শাৰীৰিকভাৱে সক্ষমতাৰ বাবে প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল। কাৰণ গৰুৰে হালবাই খেতি কৰাতো তেওঁৰ পক্ষে সম্ভৱ নহৈছিল।

লগতে পঢ়ক- 

কৃষকসকলে শীতল ঘৰত কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষণৰ বাবে কেনেকৈ আবেদন কৰিব!

তেনে সমস্যাত ভোগী থকাৰ সময়তে সন্তোষ কাইটে লগ পায় মহিন্দ্ৰা টেক্টৰছৰ বিষয়াববীয়াৰ এটা দলক। মহিন্দ্ৰা টেক্টৰছৰ সেই বিষয়ববীয়া দলটোৰ সহায়ত তেওঁ এখন টেক্টৰ কিনিলে। পৰৱৰ্তী সময়ত তেওঁ মনে ইচ্চা কৰাৰ ধৰণে খেতি সৰহকৈ কৰিবলৈ আৰম্ভ কৰিলে। বৰ্তমান তেওঁ এজন সফল কৃষক। বৰ্তমান তেওঁৰ এখন, দুখন নহয় চাৰিখনকৈ টেক্টৰ আছে। সন্তোষ কাইটে কয়- আত্মনিৰ্ভৰশীল হোৱাতো অত্যন্ত জৰুৰী। তেওঁ স্বীকাৰ কৰে, তেওঁৰ সফলতাত মহিন্দ্ৰা টেক্টৰছৰ যি সহায় সি অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। তদুপৰি কৃষিক্ষেত্ৰত ট্ৰেক্টৰৰ ব্যৱহাৰ আৰু এনে প্ৰযুক্তিগত উন্নতিৰ জৰিয়তে বহু প্ৰত্যাহ্বান অতিক্ৰম কৰা যায়।

বৰ্তমান সন্তোষৰ এটাই সপোন তেওঁৰ গোটেই গাওঁখনক স্বাৱলম্বী কৰি তোলা। সন্তোষে অন্তৰেৰে বিশ্বাস কৰে যে জীৱনত সফলতা লাভ কৰিবলৈ ইয়াৰ বাবে আমি আমাৰ অসুবিধাবোৰ মানি ল’ব লাগিব আৰু সেইবোৰ অতিক্ৰম কৰাৰ সাহস থাকিব লাগিব। উল্লেখ্য যে বৰ্তমান সময়ত সন্তোষ এজন আদৰ্শনীয় ব্যক্তি। আৰু গাঁওখনৰ লোকৰ বাবে প্ৰেৰণা।

লগতে পঢ়ক- 

Arohi & Bishala : বিশালা-আৰোহীৰ খেতি কৰক বিঘাত ৮-১০ টনকৈ উৎপাদন কৰক

English Summary: From challenges to success amazing story of Santosh Kite

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.