1. সফল কাহিনী

মাহিলি ৪ লাখ টকা উপার্জন, ৫০ গৰাকীক কর্মসংস্থাপন ডিমৌৰ অৰ্চনা বৰদলৈৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অৰ্চনা বৰদলৈ কোঁৱৰ
অৰ্চনা বৰদলৈ কোঁৱৰ

উচ্চ শিক্ষিত হৈও চৰকাৰী চাকৰিৰ পাছত দৌৰি নথকাকৈও যে জীবন যুঁজত সফল হ'ব পৰা যায়, সেয়া শিৱসাগৰৰ ডিমৌৰ বোৱাৰী আৰু যোৰহাটৰ জীয়ৰী অৰ্চনা বৰদলৈ কোঁৱৰে ভালদৰে বুজি পাইছিল। সৃষ্টিশীল নৃত্যৰ পৰা অধিবক্তালৈ বিভিন্ন ক্ষেত্ৰত কাম কৰা অৰ্চনা বৰদলৈ কোঁৱৰৰ জীৱনৰ অন্যতম লক্ষ্য আছিল নিজৰ লগতে আন দহজনক জীয়াই থকাৰ পথ প্ৰদৰ্শন কৰা। এই সংকল্পকে সাৰোগত কৰি অৰ্চনা বৰদলৈ কোঁৱৰ আজি আত্মনিৰ্ভৰশীল হোৱাই নহয়, আন ৫০ জনকো নিজৰ প্ৰতিষ্ঠানত সংস্থাপন দিবলৈ সক্ষম হৈছে। মাহে প্রায় ৪ লাখ টকাকৈ উপাৰ্জন কৰিব পৰা হৈছে। শিৱসাগৰৰ ডিমৌৰ আলুন নগৰৰ অৰ্চনা বৰদলৈ কোঁৱৰে ২০০৪ চনত যোৰহাটৰ জে বি কলেজৰ পৰা দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লৈছিল।

সুখ্যাতিৰে স্নাতক ডিগ্রী লাভ কৰা বৰদলৈয়ে গুৱাহাটীৰ গুণাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। আইনৰ শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে তেওঁ ২০০৫ চনত ভৰত নাট্যমৰ বিশাৰদ ডিগ্রী লাভ কৰিছিল। পঢ়ি থকাৰ সময়ৰপৰাই সৃষ্টিশীল নৃত্যৰে আকৰ্ষণৰ সৃষ্টি কৰা বৰদলৈয়ে ২০০১ চনত আইনৰ স্নাতক ডিগ্রী লাভ কৰিছিল। ইয়াৰ পাছত ২০১১ চনত "হিউমেন ছিট মেনেজমেন্ট' বিষয়ত এম বি এ পাঠ্যক্ৰমত অধ্যয়ন কৰিছিল। এম বি এ সম্পূর্ণ কৰি তেওঁ চৰকাৰী চাকৰি বিচাৰিছিল যদিও পোৱা নাছিল। অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ শিৱসাগৰৰ আদালতত ওকালতি কৰিছিল। অধিবক্তা হিচাপে বৰদলৈৰ এটা সুনাম আছে। দুখীয়া লোকক সহায় কৰি ভাল পোৱা বৰদলৈয়ে ওকালতি এতিয়াও অব্যাহত ৰাখিছে। তেওঁ মহাবিদ্যালয়ত পঢ়ি থকা সময়তে সপোন সার্থক কৰিবলৈ ব্যৱসায়ত মনোনিবেশ কৰিছিল। এম বি এ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ লৰিয়েলৰ বিউটী পালাৰৰ ব্যৱসায় আৰম্ভ কৰিলে। বিউটী পাৰ্লাৰৰ ব্যৱসায়ত লাভ হোৱাত পাৰ্লাৰৰ সংখ্যা বৃদ্ধি কৰিছিল।

লগতে পঢ়ক- 

Watermelon farming : শান্তিপুৰ জেংৰাইত তৰমুজৰ খেতি অনুজ দলেৰ

এতিয়া তেওঁৰ শিৱসাগৰত দুখন, নাজিৰাত দুখন, আমগুৰিত এখন আধুনিক বিউটা পাৰ্লাৰ আছে। তেওঁৰ পাঁচখন বিউটী পাৰ্লাৰত ৩৮ গৰাকী কৰ্মচাৰীয়ে কাম কৰে। তেওঁৰ বিউটী পাৰ্লাৰৰ একাংশ কৰ্মচাৰীৰ দৰমহা ২০ হাজাৰ টকা পৰ্যন্ত। বিউটী পাৰ্লাৰৰ ব্যৱসায়ত সফল হোৱাত ২০২০ চনৰ পৰা অৰ্চনাই কাপোৰৰ ব্যৱসায়ত আত্মনিয়োগ কৰে। প্রথমে নাজিৰাত থলুৱা শিপিনীৰ দ্বাৰা বোৱা মেখেলা-চাদৰৰ এখন বিপণী দুলি তেওঁ নাম দিলে ৰিহা ছিল্ক হাউছ' হিচাপে। সেই ৰিহা ছিল্ক হাউছো এতিয়া তেওঁৰ বিউটী পার্লাবৰ সমানেই জনপ্রিয় হৈছে। নাজিবাৰ লগতে তেওঁ শিৱসাগৰ আৰু গেলেকিতো থলুৱা শিপিনীৰ দ্বাৰা বোৱা মেখেলা-চাদৰৰ বিপণী খুলিছে। বিপণী তিনিখনত দহ গৰাকী কৰ্মচাৰী আছে। বিউটী পাৰ্লাৰ আৰু বিহা ছিল হাউছকে ধৰি মুঠ ৫০ গৰাকী কৰ্মচাৰীৰ দায়িত্ব ল'বলৈ সক্ষম হৈছে অৰ্চনা বৰদলৈ কোঁৱৰে। আদালতত ওকালতি কৰিও তেওঁ চলিব পাৰিলেহেঁতেন। কিন্তু থলুৱা শিপিনীক আর্থিকভাবে সকাহ দিয়াৰ লগতে আন দহজনক সংস্থাপন দিয়াৰ বাবেই তেওঁ ব্যবসায়ত হাত দিলে। আত্মনিৰ্ভৰশীল হৈ এতিয়া তেওঁ আন দহগৰাকী যুৱতীকো প্ৰেৰণা দিছে।

অৰ্চনা বৰদলৈ কোঁৱৰে কয় – বিউটী পাৰ্লাৰ আৰু ৰিহা ছিল্ক হাউছৰ জৰিয়তে বছৰি প্ৰায় ৫০ লাখ টকা উপার্জন হয়। উপার্জন হয় বাবেই ৫০ গৰাকী কৰ্মচাৰীকো দৰমহা দি থাকিব পাৰিছোঁ। ধেমাজি, ঢকুৱাখনাৰ শিপিনীক সূতা আৰু কাপোৰৰ আৰ্হি দিয়া হয়। সেই মতে, থলুৱা শিপিনীয়ে মেখেলা-চাদৰৰ যোগান ধৰে। শিপিনীৰ লগতো আমাৰো ভাল লাভ হোৱাত ব্যৱসায় বাঢ়ি গৈছে। আধুনিক বিউটা পাৰ্লাৰৰে আমি পুৰুষ-মহিলাক আকৰ্ষণ কৰিব পাৰিছোঁ। সমস্ত ব্যবসায় তদাৰক কৰাৰ লগতে অধিবক্তাৰ কামো কৰি থাকিবলৈ পাই আনন্দিত হৈছোঁ। ব্যবসায় কৰি থকাৰ উপৰি সৃষ্টিশীল নৃত্য, ভৰত নাট্যম, আধুনিক নৃত্য, বিহু নৃত্যৰ চৰ্চা অব্যাহত ৰাখিছোঁ। নৃত্যৰ বিশাৰদ হৈ আমি জীৱনত বহু কথা শিকিবলৈ পাইছোঁ। গুৱাহাটী আইন মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তো বহু অভিজ্ঞতা আহৰণ কৰিছিলোঁ। মোৰ ইচ্ছা আছিল বাবেই মনোযোগেৰে কাম কৰিব পাৰিছোঁ। আৰু নিজকে সফল যেন অনুভৱ হৈছে। পৃথিবীৰ সকলো মহিলা সফল হ'ব পাৰে। মহিলাৰ মানসিক শক্তি বহু বেছি বুলি অনুভৱ হৈছে। কেৱল পৰিকল্পনা আৰু আগ্রহ লাগে। অসমৰ মহিলাই ইতিমধ্যেই বহু কথা প্ৰমাণ কৰিছে। উঠি অহা যুবতীসকলেও হীনম্যতাত ভোগাৰ সলনি কষ্ট কৰিলে এদিন নিশ্চয় আত্মনিৰ্ভৰশীল হ'ব পাৰিব।

লেখক- জিতেন্দ্ৰ কুমাৰ চৌধুৰী

বি:দ্ৰ:- লেখাটো দৈনিক জনমভূমি কাকতত পূৰ্বে প্ৰকাশিত

লগতে পঢ়ক- 

তেজপুৰ বিশ্ববিদ্যালয়ৰ চাকৰি এৰি কটন বিশ্ববিদ্যালয়ৰ সন্মুখত দিলে চাহৰ দোকান

English Summary: True motivational stories of Archana Bordoloi

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.