1. News

অসম গৌৰৱ বঁটাৰে সন্মানিত হ’ল মীন তথা গাহৰি পালক দেৱজিৎ বৰ্মন

KJ Staff
KJ Staff
Debajit Barman
Debajit Barman

অসম চৰকাৰে ঘোষণা কৰিলে অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা সেৱাৰ বাবে ৰাজ্যৰ কেইবাজনো লোকক এই বঁটাসমূহ প্ৰদান কৰা হৈছে। ইয়াৰে মাজত অসম গৌৰৱ বটাঁৰে সন্মানিত কৰা হৈছে মীন তথা গাহৰি পালক দেৱজিৎ বৰ্মনক৷

সুদীৰ্ঘ ৩২ বছৰে এই কৰ্মৰ লগত জৰিত বৰ্মনৰ ফ্ৰাৰ্ম হাউচত বৰ্তমান বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে গাহৰি, ছাগলী আৰু হাঁহ পালন কৰি আছে৷

বটাঁ লাভ কৰি সুখী হোৱা বুলি মন্তব্য কৰে অসম গৌৰৱ বটাঁ প্ৰাপক দেৱজিৎ বৰ্মনে৷

১৯৯০ চনৰ পৰা মাত্ৰ পোন্ধৰ বছৰ বয়সতে ঘগা বিলৰ পিতনিত তেওঁ মীন পালন আৰম্ভ কৰিছিল৷ পশুপালন আৰু মীন পালনৰ জড়িয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে বৰ্তমান ৭৫ জন যুৱককো সংস্থাপন দিবলৈ সক্ষম হৈছে বৰ্মনে৷ নানকাৰভয়ৰা গাঁওৰ এইজন বিশিষ্ট মীন তথা গাহৰি পালকে ইতিমধ্যে কেবাটাও ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছে৷

উল্লেখ্য যে, কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে ডাঃ তপন শইকীয়ালৈ আগবঢ়োৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ চিকিৎসক ডাঃ তপন শইকীয়া। সংবাদমেলযোগে এই বঁটাসমূহ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে কৃষ্ণ ৰয়, গীলবাৰ্টছন ছাংমা, নয়নমণি শইকীয়া, বিনয় কুমাৰ শইকীয়া আৰু ডাঃ শশীধৰ ফুকনলৈ।

অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে নৱগ্ৰহত সেৱা আগবঢ়াই অহা ধৃতিমালা ডেকা, ডাঃ দেৱজিৎ বৰ্মন, ৰূস্তম বসুমতাৰী, মাঞ্জেলা (চিংফৌ হেৰিটেজৰ হৈ কাম কৰি আহিছে), বিনন্দ হাতীবৰুৱা (মাগুৰিবিলৰ বিশেষজ্ঞ), অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী (আত্মসহায়ক গোটৰ অংশীদাৰ), শীলা গোৱালা (আশাকৰ্মী), ডাঃ যোগেশ দেউৰী (ৰেচম তথা সোণালী সূতাৰ বিশেষজ্ঞ), পংকজলাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ (আনাৰস খেতিয়ক), ড০ ধ্ৰুৱজ্যোতি শৰ্মা (ডেফডিল), দয়াল গোস্বামী (মুখা শিল্পৰ দক্ষতা বিকাশ) আৰু ছৈয়দ ইফতিকাৰ আহমেদলৈ।

লগতে পঢ়কঃ কাছাৰ জিলাত ১৮৫৩ চনতেই কৰা হৈছিল কফি খেতি

English Summary: Assam Gaurav award given to farmer Debajit Barman

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.