1. সফল কাহিনী

নাৰ্ছাৰীৰ ব্যৱসায়েৰে মাহে ৫৫ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন মিনাক্ষী দুৱৰীৰ

Mrigakshi Phukan
Mrigakshi Phukan
Minakshi Duwori
Minakshi Duwori

চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা উন্নয়ন খণ্ডৰ কাকতিবাৰী গাঁৱৰ এগৰাকী প্ৰগতিশীল মহিলা কৃষক মিনাক্ষী দুৱৰী। ২০০৫ চনত  তেওঁ ৫ হাজাৰ টকাৰে এখন নাৰ্ছাৰী আৰম্ভ কৰিছিল।

নিৰন্তৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে স্থাপন কৰা নাৰ্ছাৰীখনৰ তেওঁ নাম দিছিল নন্দন কানন। নাৰ্ছাৰী সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত কেইবাটাও কৰ্মশালা আৰু প্ৰশিক্ষণত অংশগ্ৰহণ কৰি মহিলা উদ্যোগীগৰাকীয়ে তেওঁৰ নাৰ্ছাৰীৰ উতপাদন ক্ষমতা বৃদ্ধিৰ বাবে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে।

কৃষি বিভাগৰ তৰফৰ পৰা শ্বেড নেট, এইচ.এম.এন.ই.এইচ. আঁচনিৰ অধীনত ৮০% ৰাজসাহায্যৰে সেউজ গৃহ আদি লাভ কৰি লাভাম্বিত হৈছে কৃযকগৰাকী। ইয়াৰ লগতে উক্ত আঁচনিৰ (২০১৯) পৰা তেওঁ বিত্তীয় সাহায্য হিচাপে ৭.৫ লাখ টকাও লাভ কৰিছিল।

দুৱৰীক চৰাইদেউ জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসত শ্ৰেষ্ঠ প্ৰগতিশীল উদ্যানপালন আৰু  কৃষক হিচাপে ২০২০ত  পুৰস্কৃত কৰা হয়। বৰ্তমান তেওঁ অ'এনজিচি, নাজিৰা আৰু এপিডিচিএল, ডিব্ৰুগড় জিলাত বিভিন্ন কণ্ট্ৰেক লাভ কৰি আছে। শ্ৰীমতী দুৱৰীয়ে এতিয়া এনে কামৰ জড়িয়তে মাহিলী প্ৰায় ৫৫,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

লগতে তেওঁ আন ১০ টা পৰিয়ালকো সংস্থাপনৰ বাট দেখুৱাই আহিছে। তেওঁৰ নাৰ্চাৰীৰ ব্যৱসায়ে অসমৰ লগতে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ দৰে চুবুৰীয়া ৰাজ্যৰো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। কৃষকগৰাকীৰ এই সাফল্য এতিয়া বহু লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। 

উল্লেখ্য যে, কৃষিৰ সৈতে মহিলাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। কৃষিৰ প্ৰতিটো ক্ষেত্ৰত মহিলাসকলে কেনেধৰণে অৱদান যোগায় সেয়া সকলোৰে জ্ঞাত। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি স্ংস্থাৰ মতে ভাৰতত এক হেক্টৰ ভূমিত বছৰি একোগৰাকী মহিলাই ৩৪৮৫ ঘন্টাকৈ কাম কৰে। এই তথ্যই প্ৰমান কৰে ভাৰতত কৃষি ক্ষেত্ৰত মহিলাৰ ভূমিকা কি। কিন্তু কৃষিক্ষেত্ৰত মহিলাৰ অমৱদানক প্ৰায়ে আওকাণ কৰা হয়। খেতি-বাতিত মহিলাসকলৰ যোগদানক গুৰুত্বসহকাৰে ল’লে উতপাদন বৃদ্ধি অধিক ক্ষিপ্ৰ হোৱাৰ সম্ভাৱনা আছে।

গ্ৰাম্য মহিলাসকলৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত চৰকাৰী সদিচ্ছাৰ লগতে পিতৃতান্ত্ৰিক মানসিকতা আঁতৰোৱাৰ প্ৰয়োজন আছে।কৃষিক্ষেত্ৰৰ সৈতে জড়িত মহিলাসকলক দক্ষ কৰি তুলিবলৈ প্ৰয়োজনীয় প্ৰ্শিক্ষণৰ লগতে এওঁলোকৰ বাবে উপযোগী প্ৰযুক্তিৰ সহজলভ্যতা,মহিলা আত্মসহায়ক গোট গঠন, সমবায়ভিত্তিক উৎপাদন প্ৰ্ক্ৰিয়াত জড়িতকৰন, প্ৰয়োজনীয় বিত্তীয় সাহায্য আদি আগবঢ়োৱাৰ প্ৰয়োজন আছে। 

বিভিন্ন চৰকাৰী আঁচনিয়ে শেহতীয়াকৈ অসমৰ মহিলা কৃষকসকলৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। মহিলা কৃষকসকলে মাটি চহাবৰ বাবে পাৱাৰ টিলাৰ, ৰোটাভেটৰ, মৰনা মৰাৰ বাবে শক্তিচালিত যন্ত্ৰ, ধান দাবলৈ বিশেষ কাঁচি আদিৰ লগতে এইসকল মহিলাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ তেল পেৰা যন্ত্ৰ, দাইল সংসাধন যন্ত্ৰ আদি বিভিন্ন আঁচনিৰ জৰিয়তে আগবঢ়োৱা হৈছে। অৱশ্যে কৃষি ক্ষেত্ৰত মহিলাৰ সুযোগ-সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে এতিয়া আৰু অধিক গুৰুত্ব দিয়াৰ সময় আহি পৰিছে।

লগতে পঢ়কঃ শিৱসাগৰত কৃষিৰ সৈতে গ্ৰাম্য পৰ্যটনৰ বিশাল সম্ভাৱনাক সংযোগ কৃষক মনোজ কোঁৱৰৰ

English Summary: Successful farmer Minakshi Duwori from charaideo

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.