আমাৰ সংক্ষিপ্ত বিৱৰণ

About us

কৃষি জগৰন ভাৰতবৰ্ষৰ এখন অগ্ৰণী কৃষি বিষয়ক আলোচনী। দেশৰ সৰ্বাধিক প্ৰচলিত এই কৃষি-গ্ৰাম্য আলোচনীয়ে পাঠকৰ সংখ্যা  ১০নিযুতৰ সীমা অতিক্রমী "লিমকা বুক অৱ ৱৰ্ল্ড"ত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে।সম্প্ৰতি দেশৰ ২২ৰাজ্যত ১২টা ভাষাত ( হিন্দী, মালায়ালম, অসমীয়া,  বাঙালী, গুজৰাটী, কানাড়া, মাৰাঠী, উৰিয়া, পাঞ্জাৱী, তেলেগু, তামিল আৰু ইংৰাজী) মুঠ ২৩টাকৈ সংস্কৰন প্ৰকাশ হৈ আছে। ইয়াৰোপৰি আমি ভাৰতবৰ্ষৰ কৃষি খণ্ডৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ বিষয়ে আমাৰ ৱেবচাইট www.krishijagran.com ,ফেইচবুক পেইজ, টুইটাৰ আৰু হোৱাটছ এপৰ জৰিয়তেও প্ৰচাৰ কৰোঁ।

উন্নয়নশীল গ্ৰামীন ভাৰত নিৰ্মানৰ হেতু কৃষক, বৈজ্ঞানিক, ব্যৱসায়িক গোট আৰু প্ৰশাসনিক পৰ্যায়ত জ্ঞান আদান-প্ৰদানৰ অন্যতম এক মঞ্চ ই হ'ল কৃষি জাগৰন।

লক্ষ্য

ভাৰতত অন্তৰ্নিহিত হৈ থকা কৃষিৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ বিষয়ে কৃষকসকলক শিক্ষিত কৰি তোলা আৰু কৃষিকৰ্মত আধুনিক প্ৰযুক্তিবিদ্যা তথা সা-সামগ্ৰি ব্যৱহাৰৰ বিষয়ে সজাগ কৰা।

          - উদ্যোগ আৰু চৰকাৰৰ লগতে গৱেষনা প্ৰতিষ্ঠান/ কৃষকসমাজ তথা এনজিঅ'সমূহৰ মাজত দায়বদ্ধ আন্তঃমাধ্যম হিচাপে সেৱা আগবঢ়োৱা।

          - সম্পূৰ্ন বিধিগত ভাৱে শস্যভূমিত কৃষিৰসায়ন ব্যৱহাৰত সমৰ্থন প্ৰদানৰ লগতে কৃষিৰ সৰ্বাংগীন উন্নয়নৰ বাবে জৈৱিক কৃষি প্ৰণালীৰ উন্নীতকৰনত সেৱা আগবঢ়োৱা।

 

অভিযান

 কৃষকসমাজক কৃষিৰ লগতে আনুষংগিক খণ্ডৰ গৱেষক, উন্নত প্ৰযুক্তিৰ বিশেষজ্ঞসকলৰ সৈতে সংযোগ স্হাপন কৰোৱা।

          - কৃষিৰ লগতে আনুষংগিক খণ্ডৰ বিকাশৰ অৰ্থে জ্ঞান আদান-প্ৰদানৰ এক মঞ্চ হোৱা।

          - কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নয়নৰ স্বাৰ্থত কৃষি জাগৰনৰ নেটৱৰ্কৰ জৰিয়তে বিভিন্ন আচঁনি তথা পৰিকল্পনা নীতি আদিবোৰ ব্যাপক হাৰত প্ৰচাৰ কৰা।

 

 সেৱাসমূহ

- ছপা মাধ্যম

- সামাজিক মাধ্যম

- ডিজিটেল মিডিয়া

- প্ৰদৰ্শনী, অনুষ্ঠান, আলোচনা চক্ৰ আৰু প্ৰশিক্ষণ কাৰ্যসূচী।

 

 আমি উপলদ্ধ

- ২২ ৰাজ্যত

২৩ সংষ্কৰনত

১০,৫০,০০০ ৰো অধিক প্ৰচলন 

১২ ভাষাত ( হিন্দী, মালায়ালম, অসমীয়া,  বাঙালী, গুজৰাটী, কানাড়া, মাৰাঠী, উৰিয়া, পাঞ্জাৱী, তেলেগু, তামিল আৰু ইংৰাজী)

 

 পাঠকৰ মাত্ৰা

   60% - পূৰ্ণাংগ কৃষক

   22% - মধ্যমীয়া কৃষক

   12% - নিম্ন মধ্যমীয়া কৃষক

     5% - লঘু বৰ্গৰ কৃষক

     1% - সীমাবদ্ধ কৃষক

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.