1. সফল কাহিনী

বেকিং ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল শিৱসাগৰৰ চন্দনা শইকীয়া

RAHUL ALI
RAHUL ALI
বেকিং ব্যৱসায়ৰ জৰিয়তে এতিয়া স্বাৱলম্বী শিৱসাগৰৰ চন্দনা শইকীয়া
বেকিং ব্যৱসায়ৰ জৰিয়তে এতিয়া স্বাৱলম্বী শিৱসাগৰৰ চন্দনা শইকীয়া

শিৱসাগৰ জিলাৰ ৰাজমাইৰ চন্দনা শইকীয়া নামৰ এগৰাকী মহিলাই বেকিং ব্যৱসায়ৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল কৰাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। ৰাইমাই গজালি বেংগলী গাঁওৰ নিবাসী মহিলা গৰাকীয়ে ২০১৬ বৰ্ষত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহণ কৰি এই সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।প্ৰশিক্ষণ গ্ৰহণ কৰা এটা বছৰৰ পাছত তেওঁ কেক ব্যৱসায়িক ভিত্তিত তৈয়াৰ কৰি বৰ্তমান আৰ্থিক ভাৱে টনকিয়াল হৈ পৰিছে।

নিজৰ ঘৰতে গঢ়ি লোৱা ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰকল্পত তেওঁ গ্ৰাহকৰ চাহিদা আৰু ৰুচি অনুসৰি বিভিন্ন কেক তৈয়াৰ কৰে।বৰ্তমান তেওঁ কেক বিক্ৰী কৰি মাহেকত প্রায় ৬০ হেজাৰমান টকা উপাৰ্জন কৰে।ইয়াৰ উপৰি তেওঁ মাহেকত দুটা কেক তৈয়াৰ কৰা প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰে।এই শিবিৰত তেওঁ প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীৰ পৰা ২০০০ টকাৰ পৰা ২৫০০ পৰ্য্যন্ত টকা মাচুল সংগ্ৰহ কৰে।এনেদৰে আয়োজন কৰা প্ৰশিক্ষণৰ পৰা তেওঁ অতি কমেও ৪০ ৰ পৰা ৫০ হেজাৰ টকা উপাৰ্জন কৰে।কেক বিক্ৰী আৰু প্ৰশিক্ষণৰ পৰা মহিলা গৰাকীয়ে প্ৰতি মাহে অতি কমেও ১ লাখ টকা অনায়াসে আয় কৰে।

বৰ্তমানৰ লৈকে চন্দনা শইকীয়াই ৩০০ ৰো অধিক মহিলাক এই প্ৰশিক্ষণ প্ৰদান কৰি আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে।মহিলা গৰাকীৰ এই সমস্ত কাম কাজত তেওঁৰ পৰিয়ালে তেওঁক প্ৰতিটো খোজতে সহায় আৰু সহযোগ আগবঢ়ায়।পৰিয়ালৰ এনে ইতিবাচক সঁহাৰি আৰু সহযোগিতাৰ বাবে নিজৰ ঘৰুৱা কাম কাজৰ জঞ্জালৰ মাজতে মহিলা গৰাকীয়ে আৰম্ভ কৰা চন্দনা এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটিয়ে ক্ৰমশঃ সফলতাৰ দিশত অগ্ৰসৰ হৈছে।

কেকৰ ব্যৱসায় আৰু প্ৰশিক্ষণৰ দিশত লাভ কৰা সফলতাৰ পাছত মহিলা গৰাকীয়ে বিভিন্ন ধৰণৰ বিস্কুট,চকলেট আদিও তৈয়াৰ কৰি স্থানীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।ইয়াৰ সমান্তৰাল ভাৱে মহিলা উদ্যোগী চন্দনাই চাবোন নিৰ্মানৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণৰো আৰম্ভ কৰিছে।বিশেষ ভাবে গ্ৰাম্যাঞ্চলৰ মহিলাৰ আৰ্থিক অৱস্থা সলনি কৰাৰ এক সজ উদ্দেশ্য লৈ আগুৱাই যোৱা চন্দনা শইকীয়াই নিজৰ লগতে আন দহ গৰাকী মহিলাক আত্মনিৰ্ভৰশীতাৰ পথলৈ লৈ আহিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক-থলুৱা খাদ্যক বজাৰ উপযোগী কৰি স্বাৱলম্বী গৌৰীসাগৰৰ পৰী ৰাজখোৱা

প্ৰেৰকঃ মুজাহিদ আলী, শিৱসাগৰ

English Summary: Chandana Saikia of self-reliant through baking business

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.