1. সফল কাহিনী

ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী নলবাৰীৰ জুনু নাথ আৰু দৈৱকী নাথ

KJ Staff
KJ Staff
জুনু নাথ- দৈৱকী নাথ
জুনু নাথ- দৈৱকী নাথ

ক্ষুদ্ৰ উদ্যোগ স্থাপনৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে দুগৰাকী মহিলাই। বিভিন্ন ধৰণৰ আচাৰ, জাম, জেলি, মছলা ইত্যাদি তৈয়াৰ কৰি তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে। কেৱল ঘৰুৱা কাম কাজতে ব্যস্ত নাথাকি তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাধীন হোৱাৰ বাবে এই প্ৰয়াস হাতত লৈছে। সাধাৰণতে গাঁৱৰ মহিলাক কেৱল মাত্ৰ ঘৰৰ গৃহিনীৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ কোৱা হয়।

পিছে নলবাৰীৰ এই দুগৰাকী মহিলাই ঘৰুৱা কাম-কাজৰ সমান্তৰালভাৱে নিজৰ গাঁঠিৰ ধন খটুৱাই আৰম্ভ কৰিছে এটা ক্ষুদ্ৰ উদ্যোগ। নলবাৰী জিলাৰ ধনতোলা গাঁৱৰ দুই মহিলা ক্ৰমে জুনু নাথ আৰু দৈৱকী নাথে সৃষ্টি ফুড প্ৰডাক্ট অসমী নামেৰে এটি ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিছে।

স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰি দুয়ো গৰাকী মহিলাই ইতিমধ্যে নলবাৰী জিলাৰ বিভিন্ন ঠাইত বিক্ৰী কৰিছে নিজে উৎপাদন কৰা সামগ্ৰী সমুহ।

ইয়াৰ আগতে বেচৰকাৰী সংস্থাৰ দ্বাৰা প্ৰশিক্ষণ লৈ উক্ত মহিলা দুগৰাকীয়ে উন্নত মানৰ আচাৰ, জাম, জেলি, মচলা আদি প্ৰস্তুত কৰি ৰাইজৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

জিলাখনৰ বিভিন্ন সাপ্তাহিক বজাৰলৈয়ো মহিলা দুগৰাকীয়ে উৎপাদন কৰা সামগ্ৰীসমূহ বিক্ৰীৰ বাবে প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে ভোগালী বিহু অহাৰ লগে লগে লাৰু, পিঠা আদিও তৈয়াৰ কৰি বজাৰলৈ পঠিয়াব বুলি মহিলা দুগৰাকীয়ে মত পোষন কৰে।

ইপিনে চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য বা বেংকৰ পৰা যদি লোন পাই তেন্তে ক্ষুদ্ৰ উদ্যোগটো আৰু বেছি আগুৱাই লৈ যোৱাৰ পৰিকল্পনাৰ কথাও দোহাৰে উদ্যমী মহিলা দুগৰাকীয়ে।

লগতে পঢ়কঃ বাক্সাৰ টুপুলীয়াত লেব্ৰা দুগ্ধ সমবায় সমিতি উদ্বোধন প্ৰমোদ বড়োৰ

English Summary: Success story of Junu Nath and Daivaki Nath of Nalbari

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.