1. সফল কাহিনী

৩০ বিঘা মাটিত ৬ বিধ ধানৰ বীজ উৎপাদন কৰি চাৰি লাখ টকা উপাৰ্জন হেমিদুৰ ৰহমানৰ

KJ Staff
KJ Staff
Farmer Hemidur rahman
Farmer Hemidur rahman

থলুৱা ধানৰ বীজ উৎপাদনে স্বাৱলম্বী হৈছে চৰাইদেউ জিলাৰ এজন কৃষক৷ পাঁচ লাখ টকা উপাৰ্জনৰ লক্ষ্যৰে ৩০ বিঘা মাটিত ৬ বিধ থলুৱা ধানৰ বীজ উৎপাদন কৰিছে কৃষকজনে৷ চৰাইদেউ জিলাৰ শিলাসাঁকোৰ প্ৰগতিশীল কৃষক হেমিদুৰ ৰহমানে ব্যৱসায়িক ভিত্তিত অসমৰ থলুৱা জাতৰ ৬ বিধ ধানৰ বীজৰ খেতি কৰি অধিক উপাৰ্জনক্ষম হৈছে। কৃষক পৰিয়ালৰ সন্তান হেমিদুৰ ৰহমানে সৰুৰে পৰা গভীৰ একাগ্ৰতাৰে পৰিশ্ৰম কৰি খেতি কৰাৰ লগতে শেহতীয়াকৈ বিভিন্ন ধানৰ বীজৰ খেতি কৰি সফল হৈছে।

কৃষি কৰ্মৰ জৰিয়তে জীৱন সংগ্ৰাম কৰা ব্যক্তি জনে নিজৰ জিলা খনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধানৰ বীজ বিক্ৰী কৰি উপাৰ্জনক্ষম হৈ উঠিছে। বিগত এটা দশকৰো অধিক সময় ধৰি এই থলুৱা ধানৰ বীজসমূহ সংৰক্ষণ কৰাৰ লগতে ধানৰ বীজ বিক্ৰী কৰি বহু টকা উপাৰ্জন কৰিছে কৃষকজনে। প্ৰতি কেজি ধানৰ বীজ ৪০ টকা পাইকাৰী দৰত বিক্ৰী কৰি তেওঁ যোৱা বছৰ চাৰি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

স্নাতক ডিগ্ৰীধাৰী কৃষক জনে প্ৰণালীবদ্ধ ভাৱে ৰণজিত্, মাচুৰী, আঘোণী বৰা, কেটেকী জহা, ৰণজিত্ চাব-I আদি থলুৱা ধানৰ বীজ সমুহ উৎপাদন কৰি “অৰাইজা’জ“(ORYZA'S) নামৰ এটা ধানৰ বীজৰ ব্ৰেণ্ড সৃষ্টি কৰিছে৷ ৰাজ্যখনত বহু কৃষকে ব্যৱসায়িক ভিত্তিত ধান খেতি কৰে যদিও থলুৱা ধানৰ বীজ সংৰক্ষণ কৰা কৃষক খুব কমেই আছে৷

কৃষি ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চৰকাৰৰ কৃষি বিভাগ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালৰ পৰা আদৰ্শ কৃষক সন্মান লাভ কৰিছে কৃষকজনে। আনহাতে চৰকাৰী কৃষি বিভাগৰ ফালৰ পৰা পাৱাৰটিলাৰ আৰু শিৱসাগৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা কৃষকজনে ধানমৰা মেচিন, কৃষি সজুঁলি আৰু সময়ে সময়ে প্ৰশিক্ষণ লাভ কৰি আহিছে৷

উল্লেখ্য যে, অধিক ফলপ্ৰসূ উৎপাদন পাবৰ বাবে উন্নত মানৰ বীজ নিৰ্বাচন কৰাটো অতি প্ৰয়োজন। উন্নত মানৰ বীজ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত মন কৰিবলগীয়া বিষয়বোৰ হ’ল-

*গজাবৰ বাবে লোৱা বীজবোৰ অনুমোদিত হোৱা প্ৰয়োজন।

*বীজবোৰ পৰিষ্কাৰ হোৱা উচিত আৰু লক্ষ্য কৰিব লাগে যাতে অন্য বীজ তাত মিহলি হৈ নাথাকে।

*বীজবোৰ নিপোটল আৰু সম্পূৰ্ণৰূপে পৈণত হ’ব লাগে।

*বীজবোৰ পুৰণা বা দাগ থকা হ’ব নালাগে।

*অধিক উৎপাদনক্ষম বীজসমূহক অগ্ৰাধিকাৰ দিয়া উচিত।

বীজ নিৰ্বাচনৰ পিছত বীজখিনি অনুমোদিত ভেঁকুৰনাশক দ্ৰব্যৰদ্বাৰা শোধন কৰি লোৱা প্ৰয়োজন, যাতে তাত মাটিৰপৰা অহা ভেঁকুৰ বা অন্যান্য অনুজীৱ নাথাকে।

ধানৰ ব্যৱহাৰযোগ্য জাতসমূহ: আই আৰ-৩৬, জয়া, পংকজ, লখিমী, বাহাদুৰ, পিয়লি, কুশল, মণিৰাম, ৰঞ্জিত, ৰঙালী, ভোগালী, মনোহৰ শালি, মাচুৰী, স্বৰ্ণপ্ৰভা, কেতেকী জহা, প্ৰসাদ ভোগ, লুইত, কপিলী, দিচাং ইত্যাদি।

লগতে পঢ়কঃ প্ৰতিবাদৰ মাজতে বাঘবৰ সমষ্টিৰ ৪০০ বিঘা কৃষিভূমি বেদখলমুক্ত কৰিলে চৰকাৰে

English Summary: Charaideo farmar earns rs 4 lacs by growing 6 local varieties of rice seeds

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.