1. সফল কাহিনী

Potato Cultivation হিমাচলৰ কুৰ্ফী খ্যাতি প্ৰজাতিৰ আলু খেতি কৰি সফলতা গোলাঘাটৰ মুনিন্দ্ৰ শইকীয়াৰ

KJ Staff
KJ Staff
Potato farming
Potato farming

আলুখেতি; কেঁচুসাৰ গাহৰি পালনেৰে কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোলাঘাটৰ কমাৰবন্ধাৰ মাউটগাঁৱৰ মুনিন্দ্ৰ শইকীয়া নামৰ কৃষকজনে৷ মুনিন্দ্ৰই কৃষি বিভাগৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা চমুকৈ আৰ কে ভি ৱাই আঁচনিৰ সুবিধা লৈ তিনিবছৰৰ পূৰ্বে মাত্ৰ এবিঘা মাটিত হিমাচলৰ কুৰ্ফী খ্যাতি (kufri khyati) প্ৰজাতিৰ আলুখেতি কৰিছিল৷ প্ৰথমবছৰ পৰীক্ষামূলক ভাবে ১৫ কিলোগ্ৰাম আলুবীজ ৰূপণ কৰি এক কুইণ্টল ত্ৰিশ কিলোগ্ৰাম আলু লাভ কৰিলে৷

পথাৰৰ নৰা আৰু ঘৰতে কৰা কেঁচুসাৰ ব্যৱহাৰ কৰি মাটিত হাল নোবোৱাকৈ কৰা এই খেতিৰ দ্বাৰা তেওঁ উপকৃত হ’ল৷ বিগত বৰ্ষত তেওঁ একেই আঁচনিৰে এক কুইণ্টল বীজ ৰোপন কৰিছিল যদিও খেতিৰ ভৰপক সময়তে অহা বিনাশকাৰী শিল বৰষুণে আলুৰ বাৰীখন টচনচ কৰিলে৷ ক্ষতিপূৰণ বিছাৰি জিলা কৃষি বিভাগত আবেদন কৰিছিল যদিও একো নাপালে কৃষকজনে৷ তেওঁ কৰা আলু খেতিৰ বেৰাৰ বাবে এহেজাৰ টকাৰে এখন নেট কিনাৰ বাহিৰে আন খৰচ হোৱা নাছিল৷ বৰষুণে বিধ্বস্ত কৰাৰ পাছতো তেওঁ সেই বৰ্ষত চাৰি কুইণ্টল আলু লাভ কৰিলে৷ এই খেতিত তেওঁ আশা কৰিছিল ১০ কুইণ্টল উৎপাদন৷

এই খেতি লাভজনক বুলি নিশ্চিত হোৱাৰ পাছত তেওঁ এইবাৰ দুটা পদ্ধতিৰে এবিঘা মাটিত আলু খেতি কৰিছে। পূৰ্বতে কৰা “জিৰ’ টিলেজ (0 Tillage ) পদ্ধতিৰে পথাৰৰ নৰা আৰু কেঁচুসাৰ প্ৰয়োগ কৰি আঢ়ৈ কঠা মাটিত খেতি কৰাৰ লগতে আন আঢ়ৈ কঠাত ৰেইজ বেড (Raise Bed) পদ্ধতিৰে মাটিডৰাত এক মিটাৰ বহল বেড সাজি মাজৰ নলাত বীজ দি ধানৰ নৰা আৰু কেঁচুসাৰ ঢাকি দি খেতি কৰিছে৷ এনে খেতিত বিঘাত ছয় কুইণ্টল পৰ্যন্ত উৎপাদন হয়৷ মুনিন্দ্ৰ শইকীয়াই জিলা কৃষি বিভাগৰ সহযোগত এই খেতি কৰিছে৷ এই ক্ষেত্ৰত সমল ব্যক্তি তথা কৃষি বিভাগৰ এছ ড অ’ কৃষ্ণ ৰঞ্জন শইকীয়া; এডিঅ’ ভাস্কৰ ফুকন আৰু গ্ৰামসেৱক বাবুল চৌধুৰীয়ে এই খেতি কৰা সকলোকে আৱশ্যকীয় দিহা পৰামৰ্শৰে সহায় কৰিছে৷ মুনীন্দ্ৰই খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰত ২০১৪ ; ২০১৬ আৰু২০২০ চনত প্ৰশিক্ষণ লৈ জিলা কৃষি বিভাগৰ যোগেদি “বস্ক” পোৱাৰ পাছত নিজ ঘৰতে এটা কেঁচুসাৰ প্ৰকল্প আৰম্ভ কৰিছিল৷

তেওঁ উৎপাদন কৰা কেঁচুসাৰ নিজৰ খেতিত প্ৰয়োগ কৰাৰ লগতে প্ৰতিকিলোত ১২ ৰ পৰা ১৫ টকাকৈ বিক্ৰী কৰি যথেষ্টখিনি লাভ অৰ্জন কৰে৷ মুনিন্দ্ৰ শইকীয়াই ২০১৮ চনত আৰম্ভ কৰিছিল এখন গাহৰি ফাৰ্ম৷ গুৱাহাটীৰ খানাপাৰাস্থিত পশুপালন বিভাগৰ পৰা উন্নত প্ৰজাতিৰ ১০ টা মতা গাহৰি আনি স্থানীয় প্ৰজাতিৰ মাইকী গাহৰীৰ সৈতে প্ৰজনন কৰাই আৰম্ভ কৰা গাহৰি ফাৰ্মৰ যোগেদি তেওঁ বৰ্তমানলৈকে কেইবাহাজাৰ ডেৰমাহ বয়সৰ পোৱালি বিক্ৰী কৰিলে৷ প্ৰতিটো পোৱালি ছয় হেজাৰ টকাকৈ বিক্ৰী কৰি লাভৱান হৈছে তেওঁ৷ তেওঁৰ ফাৰ্মত উৎপাদিত পোৱালিবোৰ ঘৰৰপৰাই অসমৰ বিভিন্ন জিলাৰ লগতে নাগালেণ্ডলৈ ক্ৰয় কৰি লৈ যোৱা হয়৷ উদ্যমী কৃষক মুনিন্দ্ৰ শইকীয়া অঞ্চলটোৰ আন কৃষকৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে৷

লগতে পঢ়কঃ কোলাত পোহনীয়া হাঁহৰ মৃতদেহ লৈ থানা পালেগৈ এগৰাকী মহিলা

English Summary: Successful farmer Munindra Saikia

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.