1. সফল কাহিনী

ইঞ্জিনিয়াৰ পাছ কৰি মীনপালনেৰে ১৩ জন লোকক স্থায়ী সংস্থাপন মৰিগাঁৱৰ ৰাজাকুল ইছলামৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

উচ্চশিক্ষিত আৰু নতুন চিন্তা-চেতনাৰে মীন পালন কৰি অহা অসমৰ মীনপালকৰ ভিতৰত নি:সন্দেহে ৰাজকুল ইছলাম অন্যতম। মীন পালকগৰাকীয়ে ২০১৮ চনৰ মীন পালনক জীৱিকা হিচাপে গ্ৰহণ কৰে যদিও গেজুৱেচন কমপিলেট কৰাৰ পাছৰ পৰাই মীন পালেনেৰ এৰা-ধৰাকৈ জড়িত হৈ আহিছিল। বৰ্তমান আশী বিঘা মাটিত পুখুৰী আছে ৰাজাকুল ইছলামৰ। তেওঁৰ প্ৰতিষ্ঠানটোৰ নাম একুৱা ব্লু। মৰিগাঁৱৰ জাগীৰোডত অৱস্থিত একুৱা ব্লু নামৰ এই প্ৰতিষ্ঠানটো। এই একুৱা ব্লুৰ দ্বাৰা কেৱল মাছ পালন কৰাই নহয়। মীন পালনৰ লগত জড়িত বিভিন্নধৰণৰ কাম হয়। এই সন্দৰ্ভত আমাৰ প্ৰতিনিধেৰ হোৱা কথা-বতৰাত ৰাজাকুল ইচলামে কয়-‘’কেৱল মীন পালনেই নহয়, মীন পালনৰ লগত জড়িত সকলোধৰণৰ মাছৰ পোনা, মাছৰ খাদ্য, মাছৰ ঔষধ বা বিভিন্নধৰণৰ যিকোনো প্ৰয়োজনীয় টেকনিকেল ন’লেজ আমি আমাৰ একুৱা ব্লু কোম্পানীয়ে মীনপালকক যোগান ধৰো।‘’  তেওঁৰ প্ৰতিষ্ঠানটোত কিমানজন মানুহ নিয়োগ হৈ আছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মীন পালকগৰাকীয়ে কয় যে বৰ্তমান তেওঁৰ প্ৰতিষ্ঠানটোত ১৩ জন স্থায়ী কৰ্মচাৰী বাকী বিভিন্ন সময়ত মাছধৰা বা অন্যান্য কামৰ বাবে ১০০ ৰো অধিক লোকে কাম কৰে। আৰু তেওঁলোকৰ দৰমহা ৮, ১০ হাজাৰৰ পৰা আৰম্ভ কৰি ২৫ হাজাৰ পৰ্যন্ট।

কথা-বতৰাৰ মাজতে মীন পালকগৰাকীয়ে আমাক জানিবলৈ দিয়ে যে শেহতীয়াকৈ একুৱা ব্লুৱে এটা ফিছ মাৰ্কেটিং এপছ মুকলি কৰিছে। এপচটোৱে মীন পালকসকলৰ কোনবোৰ কামত আহিব বা কেনেদৰে মীনপালকসকলক সহায় কৰিব! এই বিষয়ে জানিব বিচৰাত ৰাজাকুল ইছলামে কয় যে ২০২১ বৰ্ষত পৰীক্ষামূলকভাৱে ফিছৱালে এপছটো উদ্বোধন হয় যদিও কমাৰ্চিয়েলভাৱে চলিত বৰ্ষত  Fishwaale এপছটো পৰিমল শুক্লবৈদ্যই মুকলি কৰে। তেওঁ জানিবলৈ দিয়ে যে ফিছৱালে ভাৰতৰ প্ৰথমটো  e-fish market App। এপছটো সন্দৰ্ভত তেওঁ কয়- ‘Fishwaale এপছটোৰ দ্বাৰা মীনপালকসকলক মধ্যভোগীৰ পৰা আঁতৰাই দিয়া হৈছে। প্ৰত্যক্ষভাৱে মীনপালকজনে প্ৰয়োজনীয় সকলো সামগ্ৰী, সা-সৰঞ্জাম, মেডিচিন আদি Fishwaale এপছটোৰ পৰা ক্ৰয় কৰিব পাৰিব। লগতে মীনপালকসকলে নিজৰ পুখুৰীত উতপাদিত মাছ বিক্ৰিব পৰা ব্যৱস্থাও আছে Fishwaale এপছটোত। এক কথাত মীনখণ্ড ৩৬০ ড্ৰিগীৰ দিশটোক সামৰি Fishwaale এপছটো প্ৰস্তুত কৰা হৈছে।’

লগতে পঢ়ক- 

বহি:ৰাজ্যৰ কৃষকক প্ৰশংসা কৰি আন্তৰ্জাতিক উদ্যানশস্য মেলাত কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ্য যে শেহতীয়াকৈ মহিন্দ্ৰা টেক্টৰছ পৃষ্ঠপোষকতাত কৃষি জাগৰণে মিডিয়া গ্ৰুপে দিল্লীৰ আইচিএআৰ পুছা গ্ৰাউণ্ড অনুষ্ঠিত MFOI-2023ত তেওঁ  Millionaire Fisheries Farmer of India 2023  বঁটা লাভ কৰে। বঁটা গ্ৰহণ কৰি কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰা অনুষ্ঠান সন্দৰ্ভত তেওঁ কয়- যথেষ্ট ভাল লাগিছে। ইয়ালৈ আহি দেখিবলৈ পাইছো আমাৰ ফাৰ্মিং ফেটানিটিৰ এটা ইমান ধুনীয়া ইভেন্ট অৰ্গেনাইজ হৈ আছে। ফাৰ্মাৰসকল যে আমাৰ ইন্দিয়াত প্ৰগতিশীল হৈছে সেয়া চাই ভাল লাগিছে।

কথা-বতৰাৰ মাজতে আমি তেওঁৰ পৰা আৰু এটা কথা জানিবলৈ সক্ষম হৈছিলো যে তেওঁ এজন অভিযন্ত্ৰা। ইঞ্জিনিয়াৰ পাচ কৰাৰ পাছতে তেওঁ কিয় মীন পালনৰ বাবে আগবাঢ়ি আহিল বুলি জানিব বিচৰাত তেওঁ কয়-   মীন পালন ছেক্টৰটো ভাৰতৰ আটাইতকৈ ডাঙৰ আন অৰ্গেনাইছ চেক্টৰ হিচাপে পৰিগণিত হৈ আহিছে।ইয়াত আমি খুব বেছি শিক্ষিত মানুহ দেখিবলৈ নাপাওঁ। দুই এজন আছে সেয়া আঙুলিৰ মূৰত লেখিব পৰা। যেতিয়া আমি ষ্টাডি কৰিছো তেতিয়া দেখিলো যে এই মীন পালন খণ্ডটোৱেই পিছপৰি আছে। আমি ভাবিছিলো যে এই ছেক্টৰটো অলপ উন্নত হওঁক। আৰু মোক চাই যদি, ইঞ্জিনিয়াৰ হৈযো মীন পালনৰ লগত জড়িত হ’ব পাৰিছে আন দহজনে ভাৱিব মই কিয় নোৱাৰিম। তেনেকুৱা এটা উদ্দেশ্য লৈয়ে মীন পালন খণ্ডটোৰ লগত জড়িত হৈ পৰিলো।

লগতে পঢ়ক- 

Future of Assam & Assamese : বৰ্তমানৰ প্ৰেক্ষাপটত অসম আৰু অসমীয়াৰ ভৱিষ্যৎ

English Summary: A Success Story of Fish Farmer

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.