1. সফল কাহিনী

তামুলপুৰৰ মৌচুমী ফলৰ খেতিয়ক লক্ষেশ্বৰৰ কথাৰে

RAHUL ALI
RAHUL ALI
মৌচুমী ফলৰ খেতিৰে আদৰ্শ  তামুলপুৰৰ লক্ষেশ্বৰ!
মৌচুমী ফলৰ খেতিৰে আদৰ্শ তামুলপুৰৰ লক্ষেশ্বৰ!

বতৰৰ ফল  মৌচুমী  সোৱাদযুক্ত আৰু অতি উপকাৰী৷ ফলবিধ মানৱ দেহৰ স্বাস্থ্যৰ সমান্তৰালভাৱে  সৌন্দৰ্যচৰ্চালৈ মৌচমী ফলৰ আছে বহু  উপকাৰী গুণাগুণ৷ মৌচুমীৰ আছে ছয়টাকৈ আকৰ্ষণীয় গুণ। সাধাৰণতে মৌচমীত ভিটামিন C, ভিটামিন A, ভিটামিন B কমপ্লেক্স, ফ্লেভোনইড, এমিন’ এচিড, কেলছিয়াম, আয়’ডিন, ফছফৰাছ, ছ’ডিয়াম, মেংগানিজ আদি কেইবাবিধো নিউন্ট্ৰিয়েন্টছ থাকে৷ ইয়াত থকা এন্টিঅক্সিডেন্ট গুণৰ বাবে ই সকলো বতৰতে উপকাৰী৷

এনেহেন সোৱাদযুক্ত বতৰৰ ফল বিধৰ খেতি কৰি শিক্ষিত নিৱনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে এগৰাকী যুৱক৷ তামুলপুৰ মহকুমাৰ পূৱ-কচুকাটাৰ শিঙিমাৰী চুবুৰীৰ যুৱ খেতিয়ক গৰাকী লক্ষ্যেশ্বৰ বসুমতাৰী৷ ২০০৬ চনতে নিজৰ ঘৰৰ পিছৰ প্ৰায় আঢ়ৈ বিঘা মাটিত মৌচুমী ফলৰ গছৰ পুলি স্থানীয় ব্ৰহ্ম চুবুৰীৰ পৰা সংগ্ৰহ কৰি আনি ৰোপন কৰিছিল৷ প্ৰতিপালনৰ পাছত খেতিয়ক গৰাকীৰ মৌচুমী খেতি ডৰাৰ পৰা ২০১১ চনত  মৌচুমী গছৰ ফল উৎপাদন কৰিবলৈ সক্ষম হৈছিল৷ তেতিয়াৰে পৰা লক্ষ্যেশ্বৰে পিছলৈ চাব লগা হোৱা নাই৷ প্ৰতিবছৰে উৎপাদিত মৌচুমী ফলবোৰ বিক্ৰী কৰি আহিছে৷ প্ৰথম অৱস্থাত আঢ়ৈ বিঘা মাটিত মৌচুমী গছ ৰোপন কৰিছিল যদিওঁ এতিয়া যুৱক জনে পৰ্যায় ক্ৰমে  প্ৰায় সাত বিঘাৰো অধিক মাটি সামৰি মৌচুমীৰ গছ ৰোপন কৰিছে৷

নিজে মৌচুমীৰ পূৰঠ বীজ ৰোপন কৰি পুলি উৎপাদন কৰিবলৈ সক্ষম হয়৷ সেই পুলিবোৰে ৰোপন কৰি আজি সাতবিঘা মাটিত প্ৰতি বিঘাত পঞ্চাশ জোপাকৈ মৌচুমীৰ গছ ৰোপন কৰাত প্ৰায় চাৰিশ জোপা মৌচুমী ফলৰ গছেৰে এখন বৃহৎ মৌচুমীৰ বাগান স্থাপন কৰিবলৈ সক্ষম হয়৷ বৰ্তমান লক্ষ্যেশ্বৰ ৰ বাগান খনত নতুন গছৰ ফল উৎপাদন আৰম্ভ হৈছে৷ তেওঁ জনোৱামতে এডাল গছত এক কুইণ্টল পৰ্যন্ত ফল ধৰিছে৷ আনকি এজোপা গছত অনুকূল পৰিবেশত মৌচুমী উৎপাদন হ’লেই এজোপা গছৰ পৰা চাৰিহাজাৰ টকা পাবলৈ সক্ষম হয়৷ এজোপা গছত খৰছ হয় মাত্ৰ চাৰিশ টকা৷

যুৱ খেতিয়ক গৰাকীয়ে প্ৰথমৱাস্থতাত উৎপাদিত মৌচমী বিক্ৰী কৰি ৭৫-৮০ হেজাৰ টকাৰ পৰা এক লাখ টকালৈকে সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে বেপাৰী সকলে বজাৰত গ্ৰাহকৰ ওচৰত ৬০,৬৫,৭০ টকা পৰ্যন্ত বিক্ৰী কৰি আহিছে৷ এইবেলি বানৰ কবলত পৰাত বাগানখনৰ পৰা মৌচুমী কম উৎপাদন হোৱাত মাত্ৰ আশীহেজাৰ মান ধন সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ এইবেলিওঁ সাত বিঘা মাটিত ৰোপন কৰা গছৰ ফল অধিক হাৰত উৎপাদন হব বুলি আশাৰে বাট চাইছে৷ এমাহ পাছতে ফল পৈনত হোৱাৰ আশা কৰিছে কৃষক জনে৷

তেওঁৰ উৎপাদিত মৌচমীৰ ফলবোৰ ঘৰৰ পৰাই ফলমূলৰ বেপাৰী সকলে কিনি নিয়াৰ উপৰিও তামুলপুৰ, কুমাৰীকাটা, নাগ্ৰীজুলি, দ্বাৰকুছি বজাৰত বিক্ৰী কৰি আহিছে৷ মৌচুমী ফলবিধৰ যথেষ্টখিনি চাহিদা বাঢ়িছে৷ সেয়ে বজাৰত প্ৰতিকিলো মৌচমীৰ দাম চল্লিছ টকা দৰত বিক্ৰী কৰিছে৷ তাৰোপৰি মৌচুমীৰ খেতিৰ সমান্তৰালভাৱে মালভোগ কলৰ খেতিও কৰি আহিছে৷ মৌচমীৰ লগতে মালভোগ কলৰ খেতি সহ বিগত বছৰ সমূহত এটা মোটা অংকৰ ধন লাভ কৰি আহিছে৷

সাত বিঘাকৈ মাটিত ৱতৰৰ সুস্বাদু ফল মৌচুমীৰ বাগান খনক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে লক্ষ্যেশ্বৰ বসুমতাৰী৷ এনেদৰে উদ্যান শস্যৰ খেতিৰে সকলোৰে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে যুৱ খেতিয়ক জন৷

লগতে পঢ়ক-ষ্ট্ৰ'ব্ৰেৰী খেতিৰে স্বাৱলম্বী ছয়গাঁৱৰ অনুপমা বড়ো, দৈনিক ২০০০ টকা উপাৰ্জন!

প্ৰেৰকঃ উৎপল ডেকা, তামুলপুৰ

English Summary: Mosambi Farmer Lakheswar Basumotary Story, Tamulpur

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.