1. সফল কাহিনী

শ্ৰেষ্ঠ মহিলা গোপালক জোনা তামুলি বৰ্মনক জানো আহক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
A inspiration woman Juna Tamuli Barman
A inspiration woman Juna Tamuli Barman

সেয়া আছিল ২০০৪ চনৰ কথা। ডিব্ৰুগড়ৰ মোহনবাৰীৰ যুৱতী জোনা তামুলীয়ে বজালীৰ খাৰাধৰাৰ ওচৰৰ ভোজকুছিয়াপাৰাৰ প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে বিয়া হৈ স্বামী গৃহত প্ৰৱেশ কৰিছিল। অইন দহোটি পৰিয়ালৰ লেখীয়া কৈ প্ৰণৱ বৰ্মণৰ পৰিয়ালটো আৰ্থিকভাৱে পিচপৰা আছিল। সম্পদ বুলিবলৈ আছিল পিতৃ ভেটিটো আৰু এজনী গাইগৰু। তিনি লিটাৰ মান গাখীৰ দিয়া গাই জনীকে অৱলম্বন ৰূপে লৈ ন বোৱাৰী জোনা তামুলীয়ে আৰম্ভ কৰিছিল গো পালনৰ প্ৰক্ৰিয়া। কৃত্ৰিম প্ৰজননৰ জৰিয়তে ঘৰতে জন্ম দিয়া হ'ল চাৰিজনী গাই গৰু।

সেয়ে আৰম্ভণি তাৰ পাছত জোনা তামুলীয়ে আৰু পিছলৈ ঘুৰি চাব লগা হোৱা নাই। বৰ্তমান জোনা তামুলী বৰ্মনৰ ঘৰত আছে চল্লিশজনী উন্নত জাতৰ গাই গৰু যাৰ পৰা দৈনিক ১৬০ ৰ পৰা ২০০ লিটাৰ পৰ্যন্ত গাখীৰ উৎপন্ন হয়। গাই কোনে খীৰায়? গোটেই কেইজনী খীৰঁতি গাই মোটামুটি জোনা তামুলীয়ে অকলে খীৰায়। প্ৰয়োজন সাপেক্ষে প্ৰণৱে সহায় কৰে। পুৱা পাঁচ বজাৰ পৰা  সন্ধিয়ালৈ জোনা তামুলীয়ে নিৰন্তৰ গৰুৰ কামবোৰৰ লগত ব্যস্ত থাকে। গাই খীৰোৱাৰ উপৰিও গোহালি চাফা কৰা, গোবৰ পেলোৱা, গৰু গা ধুওৱা, দানা খুওৱা ইত্যাদি কামবোৰ জোনা আৰু প্ৰণবে মিলি কৰে। গো পালনত সহায় কৰিবলৈ তেওঁ লোকৰ কোনো স্থায়ী কৰ্মী নাই। সকলো কাম নিজে কৰে। আৰম্ভণিতে জোনা তামুলীয়ে আনকি ২-৩ কিলোমিটাৰ আঁতৰৰ নিত্যানন্দৰ দুগ্ধ সমবায়ত নিজে চাইকেলেৰে গাখীৰ লৈ গৈ জমা দিছিল। গো পালনৰ লগতে ঘৰৰ ৰন্ধা বঢ়া, খেতি পথাৰৰ কাম কৰা আদিবোৰো জোনা তামুলীয়ে নিয়াৰিকৈ কৰি যায়।

জোনা তামুলী বৰ্মন
জোনা তামুলী বৰ্মন

লগতে পঢ়ক-

বেকিং ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল শিৱসাগৰৰ চন্দনা শইকীয়া

বজালীৰ ভিতৰুৱা গাঁৱৰ এই গৰাকী মহিলাৰ বিষয়ে আমি নিউজ লাইভ চেনেলত হোমেন বৰগোহাঞি দেৱে লোৱা সাক্ষাৎকাৰ এটাৰ পৰা গম পাইছিলো। তাৰ পাছত বিভিন্ন ঠাইত তেখেতৰ কৰ্মৰাজীৰ বিষয়ে অৱগত হৈছো যদিও আমি ব্যক্তিগত ভাৱে তেওঁক লগ পোৱা নাছিলো। আজি বন্ধুবৰ পুলু কুমাৰ শৰ্মাৰ জৰিয়তে তেওঁক নিজ ঘৰত লগ পাইছিলো। আমি তেওঁলোকৰ ঘৰলৈ গৈ নিজ চকুৰে তেখেতৰ গো পালনৰ কৰ্মৰাজি প্ৰত্যক্ষ কৰাৰ উপৰিও তেওঁলোক দুয়োৰে সৈতে এটি মনোৰম দুপৰীয়া অনেক কথা পাতিলো। এজনী গাই গৰুৰে আৰম্ভ কৰা গো পালনৰ জৰিয়তে জোনা তামুলী বৰ্মন আজি চল্লিশজনীকৈ গাই গৰুৰ গৰাকী, গো পালনৰ উপাৰ্জনৰ জৰিয়তে গঢ়ি তুলিছে ধানবনা কল, ক্ৰয় কৰিছে ষোল্ল বিঘা মাটি, বিলাসী গাড়ী। ঘৰৰ সন্মুখৰ এই মাটিত মৎস্য পালনৰ বাবে পুখুৰী খন্দাইছে, পাৰে পাৰে কলৰ বাগিছা আৰম্ভ কৰিছে। নাতিদূৰত গৰুৰ বাবে কৰিছে ঘাঁহৰ খেতি। কেৱল দুগ্ধ উৎপাদনেই নহয় ঘৰতেই জন্ম পোৱা গৰু বিক্ৰী কৰি ৯-১০ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি আমি যোৱাৰ পৰত তেওঁ গোহালি ধুই আছিল। আমি কৰ্মৰত অৱস্থাত তেওঁৰ কেইখন মান ছবি ল'লো। গাই-গৰু আৰু গোহালিবোৰ যত্নকৈ খুব চাফ চিকুণকৈ ৰাখিছে। ভৱিষ্যতে গোহালি কেইটা সম্পূৰ্ণ বিজ্ঞান সন্মত পদ্ধতিৰে সজোৱাৰ পৰিকল্পনা লৈ আগবঢ়াৰ কথাও দুয়ো আমাক জনালে। স্বামী গৃহৰ আদৰ্শ বোৱাৰী জোনা তামুলীয়ে ইচ্ছা থাকিলেও হেনো আইৰ ঘৰলৈ নোযোৱাকৈ থাকে কাৰণ গৰু কেইজনীকনো এৰি কেনেকৈ যায়! গাই দামুৰীবোৰক তেওঁ যে আই বুলি মাতে! কামৰ মাজতে আমাক নতুনকৈ বন্ধা ধুনীয়া ঘৰটোত বহিবলৈ দি পাকঘৰ পালেগৈ। আমি চ'ৰা ঘৰটোত বহি জোনা তামুলীয়ে লাভ কৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বটা, সন্মান ইত্যাদিবোৰ চালো। তেওঁৰ গো পালনৰ কৰ্মক সকলোৱে স্বীকৃতি দিয়া পৰিলক্ষিত হ'ল।

২০১৮ বৰ্ষত অসমৰ শ্ৰেষ্ঠ মহিলা গোপালকৰ সন্মান লাভ কৰিছিল জোনা তামুলী বৰ্মনে
২০১৮ বৰ্ষত অসমৰ শ্ৰেষ্ঠ মহিলা গোপালকৰ সন্মান লাভ কৰিছিল জোনা তামুলী বৰ্মনে

যথাৰ্থতে তেওঁ ক ২০১৮ বৰ্ষত অসমৰ শ্ৰেষ্ঠ মহিলা গোপালক ৰূপে স্বীকৃতি দিয়া হৈছে।অলপ সময় পাছতে তেখেতে আমাৰ বাবে লুচি, অমলেট আৰু চাহ কৰি লৈ আহিল। তেখেতৰ কৰ্ম পটুতা দেখি আমাৰ শ্ৰদ্ধাত মূৰ দোঁ খাই গ'ল। চাহ খাই থাকোতে তেওঁ কৈ গ'ল কৰিম বুলি ভাবি থকা কামবোৰৰ কথা। "ছাৰ কোনোমতে এই খিনি পাইছোহি আৰু বহু কৰিবলৈ আছে। দশম মানত পঢ়া একমাত্ৰ ল'ৰাটোক পাঠশালাৰ ব্যক্তিগত খণ্ডত পঢ়ুৱাইছো, তাক মানুহ কৰাটো আমাৰ অন্যতম কৰ্তব্য। যিমান পাৰোঁ পৰিশ্ৰম কৰি যাম বাকীখিনি ঈশ্বৰৰ হাতত।"- তেখেতৰ আত্মবিশ্বাস আৰু কৰ্তব্যপৰায়নতাই আমাৰ অন্তৰ চুই গ'ল। আমি অন্তৰ উজাৰি তেওঁলোকক শুভেচ্ছা জনাই বিদায় ল'লো। "আকৌ আহিব ছাৰ"- জোনা তামুলী বৰ্মণে আহিবৰ পৰত ক'লে। আমি ক'লো "আহিম আকৌ আহিম।" মনে মনে ক'লো এয়াতো এক তীৰ্থ যাত্ৰা। এনে তীৰ্ত যাত্ৰা আমি বাৰে বাৰে কৰিম। আপোনালোকেও পাৰিলে যাবচোন।

জোনা তামুলী বৰ্মন আৰু তেওঁৰ স্বামী  প্ৰণৱ কুমাৰ বৰ্মন
জোনা তামুলী বৰ্মন আৰু তেওঁৰ স্বামী প্ৰণৱ কুমাৰ বৰ্মন

উল্লেখ্য যে নিতৌ প্ৰায় ৭০ হাজাৰ লিটাৰ গাখীৰ উৎপন্ন হোৱা, তাৰে ৪০-৪৫ হাজাৰ লিটাৰ গাখীৰ সংগঠিত খণ্ডলৈ  ৰপ্তানি কৰি অসমত শ্বেত বিপ্লৱৰ নেতৃত্ব লোৱা বজালী জিলাৰ এনে সাফল্যৰ আৰঁত আছে জোনা তামূলী বৰ্মনৰ লেখীয়া একোগৰাকী উদ্যমী আৰু অনন্যা নাৰী। জোনা তামুলী বৰ্মণ অসমৰ সকলোৰে বাবে, স্বনিয়োজন, উদ্যমীতা আৰু নাৰী সৱলীকৰণৰ জ্বলন্ত উদাহৰণ।

লেখক- অৰিন্দম তালুকদাৰ

উৎস- অসমীয়াত কথা-বতৰা ফেচবুক পেজ

লগতে পঢ়ক-

থলুৱা খাদ্যক বজাৰ উপযোগী কৰি স্বাৱলম্বী গৌৰীসাগৰৰ পৰী ৰাজখোৱা

English Summary: A inspiration woman Juna Tamuli Barman

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.