1. সফল কাহিনী

Success Story : স্বাৱলম্বিতাৰ জাগৰণ সৃষ্টি কৰিছে নাজিৰাৰ চুভানা হাজৰিকাই

KJ Staff
KJ Staff
Subhanan Hazarika
Subhanan Hazarika

চুভানা হাজৰিকাই পেলনীয়া বস্তুৰপৰা বিভিন্ন সামগ্ৰী, কমলা-নেমু টেঙাৰপৰা ল’জেন্স আদি তৈয়াৰ কৰি আৰু সেইবোৰ বিক্ৰী কৰি স্বাৱলম্বী হোৱা হেতু কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ মন্ত্ৰণালয়, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰপৰা সম্বদ্ধৰ্না লাভ কৰিছে৷ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ মহিলাক প্ৰশিক্ষণ দিও তেওঁ সফল হৈছে৷ উল্লেখ্য যে শিৱসাগৰৰ নাজিৰাৰ অ’ এন জি চিৰ ক’লনীত বাস কৰা চুভানা হাজৰিকাই ২০২১ চনৰপৰা থলুৱা পিঠা, লাড়ুৰ লগতে ইদলি, দহিবৰা আদি তৈয়াৰ কৰি অ’ এন জি চিৰ ক’লনীত বিক্ৰী কৰি আহিছে৷ 

শিৱসাগৰৰ চৰকাৰী বিষয়া ডঃ তছলিমা চুলতানা বেগমে এনেবোৰ বিষয়ত আত্মনিয়োগ হ’বলৈ চুভানাক প্ৰশিক্ষণ দিছিল৷ ক’লনীত প্ৰথমে থলুৱা পিঠা, লাড়ু বিক্ৰী কৰি সফল হোৱাত তেওঁ অন্যান্য সামগ্ৰী তৈয়াৰ কৰি বিক্ৰী কৰিবলৈ লৈছিল৷ কাঁচকল, কলফুল, ঔটেঙাৰ আচাৰৰ লগতে চৰবতো তৈয়াৰ কৰি নাজিৰাৰ লগতে অন্যান্য স্থানত বিক্ৰীৰে তেওঁ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে৷ থলুৱা সামগ্ৰী তৈয়াৰৰ লগতে তেওঁ গাঁৱৰ মহিলাক প্ৰশিক্ষণো দিয়ে৷ চুভানাই কয়–‘মিঠাতেল, আটা, চাহপাত, পানীৰ পেলনীয়া প্লাষ্টিকৰ বটল আদি সংগ্ৰহ কৰোঁ৷ পেলনীয়া প্লাষ্টিকৰ পেকেটত মাটি ভৰাই গছ ৰোপণ কৰোঁ৷ কোনো সামগ্ৰী অবাবত নষ্ট কৰিব নালাগে৷ কমলা, নেমু আদিৰ বাকলি সংগ্ৰহ কৰি ল’জেন্স তৈয়াৰ কৰি বিক্ৰী কৰোঁ৷ তেনে ল’জেন্স স্বাস্থ্যকৰ হয়৷’ 

লগতে পঢ়ক- 

কৃষকসকলে শীতল ঘৰত কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষণৰ বাবে কেনেকৈ আবেদন কৰিব!

তেওঁ লগতে কয়– ‘বিলাহী, জলকীয়াৰ চচৰ লগতে বেল, কোমোৰা, আনাৰসৰ চৰবতো প্ৰস্তুত কৰোঁ৷ সেইবোৰ সুস্বাদু আৰু স্বাস্থ্যসন্মত হোৱাৰ বাবে ঘৰলৈকে মানুহে বিচাৰি আহে৷ পিঠা, লাড়ু, ধোকলা আদি বিক্ৰী কৰি মাহিলি ২০ হাজাৰ টকা উপাৰ্জন হয়৷ চুভানা হাজৰিকাই আৰু কয় যে বিভিন্ন সামগ্ৰী বিক্ৰী কৰি উপাৰ্জন কৰাতকৈ গাঁৱৰ দুখীয়া মহিলাক প্ৰশিক্ষণ দি বেছি আনন্দ পাওঁ৷ বজাৰৰ কেমিকেল থকা সামগ্ৰীতকৈ আমি প্ৰশিক্ষণ দিয়া দুখীয়া মহিলাই শিৱসাগৰৰ বিভিন্ন অঞ্চলত বেল, আনাৰসৰ চৰবতৰ লগতে অন্যান্য সামগ্ৰী বিক্ৰী কৰাৰ খবৰ পালে ভাল লাগে৷ পথাৰ আমাৰ আৰু বজাৰো আমাৰ হ’ব লাগিব৷

শেহতীয়াকৈ আটা, মিঠাতেলৰ পেলনীয়া প্লাষ্টিকৰ পেকেটত ধুনীয়াকৈ গছপুলি ৰোপণ কৰি সেইবোৰ বিক্ৰী কৰিবলৈ লৈছোঁ৷ বিয়া, ওপজা দিনত গছপুলি উপহাৰ দিলে ভালো পায় আৰু আমাৰ পৰিৱেশো সুৰক্ষিত হয়৷ শিৱসাগৰ, নাজিৰাত কমলা আদিৰ বাকলিৰপৰা তৈয়াৰ কৰা ল’জেন্স জনপ্ৰিয় হৈছে৷ সেই বাবে আমি চৰাইদেউৰ নিমলা গাঁৱত থকাৰ ব্যৱস্থা কৰিছোঁ৷ গাঁৱৰ অধিক দুখীয়া মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ অন্য এক সংগ্ৰামত ব্ৰতী হৈছোঁ৷

লেখক- 

জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোনঃ ৯৮৬৪০ ৩৭৪১৬

Source : Jitendra Kumar Choudhuri 

লগতে পঢ়ক- 

পশুপালনৰ বাবে ৫০ শতাংশ ৰাজসাহাৰ্য যুক্ত ঋণ পাবলৈ ক’ত আবেদন কৰিব!

English Summary: Success Story of Subhana Hazarika

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.