1. সফল কাহিনী

Success story: দিশহীনতাৰ পৰা এটা আদৰ্শলৈ পথলৈ, সংগীতা পিংগলেৰ এক সংগ্ৰামী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
From challenges to success, amazing story of Sangita Pingle
From challenges to success, amazing story of Sangita Pingle

পতী, সন্তান, শাহু-শহুৰে ভৰা এখন সুখৰ সংসাৰ সংগীতা পিংগেলৰ । তেওঁ এগৰাকী গৃহিনী হিচাপে নিজৰ ঘৰখনৰ প্ৰতি যি দায়িত্ব আছিল সেয়া আন্তৰিকতাৰে পালন কৰি গৈছিল। আৰু তেওঁৰ জীৱনৰ যাত্ৰা সেয়া খুব স্বাভাৱিক আৰু কোনো আউল নলগাকৈ চলি গৈছিল। কিন্তু হঠাৎ সংগীতা পিংগেলৰ স্বাভাৱিক জীৱন যাত্ৰালৈ আন্ধাৰ নামি আহিল। এক পথ দুৰ্ঘটনাত স্বামী আৰু তেওঁৰ শহুৰ মৃত্যু হয়। এনে এক অনাকাংশিত দুৰ্ঘটনাত সকলো ফালে আন্ধাৰ দেখিছিল সংগীতাই। কি কৰিম, কি নকৰিম বুলি ভাবি দিশহাৰা হৈ পৰিছিল। ঘৰখনৰ উপাৰ্জন কৰা দুযোজনৰ অবৰ্তমানত ঘৰখনৰ অৰ্থনৈতিক দিশটোৰ সকলোখিনি বোজা পৰিল সংগীতাৰ ওপৰত। মনোবল, আত্মবিশ্বাস সকলো হেৰুৱাই পেলাইছিল সংগীতাই। কিন্তু সন্তান আৰু শাহুয়েকৰ মুখলৈ চাই সকলো দুৰ্দশাক এক প্ৰত্যাহ্বান হিচাপে লৈ এক সিদ্ধান্তত উপনীত হৈছিল।

সংগীতাই পৰিয়ালৰ অলপ কৃষিভূমি আছিল। সেই কৃষিভূমিতে তেওঁ আৰু শাহুয়েকে মিলি আঙুৰ খেতি কৰিবলৈ ল’লে। আঙুৰ খেতি কৰাতো সহজ নহয়। সামন্য অকণমান ভুলৰ বাবে গোটেই শ্ৰম পণ্ড হোৱাৰ সম্ভাৱনাৰ পৰিপূৰ্ণ। পূৰ্বৰ কোনো অভিজ্ঞতা নোহোৱাকৈ শাহু-বোৱাৰী নামি পৰিল আঙুৰ খেতিত। সাহেসেৰে তেওঁলোকে এটাৰ পাছত আধুনিক কৃষি সঁজুলি কৃষিভূমিত ব্যৱহাৰ কৰিবলৈ ধৰিলে। তেওঁলোকৰ এই কৰ্মৰ ফলস্বৰূপে সময়ত উন্নতমানৰ আঙুৰ লগতে উতপাদনো যথেষ্ট ভাল পালে। কোনো পূৰ্ব অভিজ্ঞতা নথকাকৈ এনেদৰে আঙুৰ খেতিৰে সফলতা কৰি এক নজিৰ সৃষ্টি কৰিছিল। আৰু বহুতৰ বাবে প্ৰেৰণা হৈ পৰিছিল।

লগতে পঢ়ক- 

Success Story : স্বাৱলম্বিতাৰ জাগৰণ সৃষ্টি কৰিছে নাজিৰাৰ চুভানা হাজৰিকাই

বৰ্তমান সংগীতা এগৰাকী লেখত ল’বলগীয়া মহিলা কৃষক। সংগীতাৰ সফলতাই এতিয়া বহু দিশহাৰা নাৰীক মূল্যবোধৰ মাজেৰে জীৱন আগবঢ়াই নিয়াত পথ দেখুৱাই। আমি সাধাৰণতে দেখো স্বামীৰ মৃত্যুৰ পাছতে সতি-সন্তান পাহৰি বহু নাৰীয়ে পুনৰ বিবাহত আবদ্ধ হয়। আমি এইটোক বেয়া বুলি কবলৈ যোৱা নাই। সকলোৰে নিজ ইচ্চামতে, জীয়াই থকাৰ স্বাধনীতা আছে। কিন্তু সংগীতা পিংগলেই এইক্ষেত্ৰত ব্যতিক্ৰম এই কথাহে আমি কব বিচাৰিছো। পৰিয়ালৰ প্ৰতি, সন্তানৰ প্ৰতি থকা তেওঁৰ দায়িত্ববোধে আৰু কৰ্তব্যপৰায়নতাই তেওঁক বহুতৰ পৰা পৃথক কৰি তুলিছে।

‘’বিশ্বাস কৰা হয় সিন্ধুৰ অটল গহ্বৰলৈ কোনেও যাব নোৱাৰে

যিদৰে সংগ্ৰামৰো কোনো পাৰ নাই’’

 

ৰৈ দিলে আপোনাক সোঁতে লৈ যাব উঠি আহিব নোৱৰা এখন পৃথিবীলৈ

নতুনত্বত যদি কোনো প্ৰেম নাথাকে, মানৱতাৰ অবিহনে বিজ্ঞানো অসাৰ

গাড়ী-মটৰ, ঘৰ-সংসাৰেই জীৱন শেষ নহয়

জীৱনৰো আছে অন্য এক মদকতা

 

গাড়ী-মটৰ, ঘৰ-সংসাৰে সকলো শেষ হৈ যাব সময়ত

বস্তুবাদৰ উত্থানত শিপাৰ পৰা নিজক বিচ্ছিন্ন কৰিলে নহ’ব

এই ওপৰৰ কথাখিনিৰ আমি বাস্তৱ ৰূপ দেখিবলৈ পাও সংগীতা পিংগলেৰ জীৱনত।

লগতে পঢ়ক- 

Amazing Success story: প্ৰত্যাহ্বানৰ পৰা সফলতা লৈ সন্তোষ কাইটৰ সংগ্ৰাম কাহিনী

English Summary: From challenges to success, amazing story of Sangita Pingle

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.