1. সফল কাহিনী

হস্ত শিল্পৰে জড়িত হৈ সৰ্বতে চৰ্চিত টীয়কৰ ছাত্ৰী শিখামণি

RAHUL ALI
RAHUL ALI
হস্ত শিল্পৰে জড়িত হৈ সৰ্বতে চৰ্চিত টীয়কৰ ছাত্ৰী শিখামণি
হস্ত শিল্পৰে জড়িত হৈ সৰ্বতে চৰ্চিত টীয়কৰ ছাত্ৰী শিখামণি

চৌদিশে হিংসা,হত্যাৰ খবৰৰ মাজতে আজি আমি এক যোগাত্মক খবৰ দিবলৈ ওলাইছো। লক ডাউনৰ ফচল, এগৰাকী ২০ বছৰীয়া যুৱতী, মনত অযুত আশা সোপোন। কিন্তু লক ডাউনৰ ফলত জীৱন জীৱিকালৈ ভাবুকি নামি আহিছিল পৰিয়ালটিলৈ। দেউতাকৰ ক্ষুদ্ৰ ব্যৱসায়ত কিঞ্চিত সহায়ৰ অৰ্থে মনত কিবা এটা কৰাৰ দুৰ্বাৰ হেপাহ। শেষত ঘৰৰ পেলনীয়া অদৰ্কাৰী বিভিন্ন সামগ্ৰীৰে কিবা এটা আকৰ্ষণীয় সামগ্ৰী প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলে।

হয়, টীয়কৰ লাহদৈগড়ৰ নতুন মাজুলী গাঁৱৰ বৰ্তমান স্নাতক বৰ্ষৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী শিখামণি গোস্বামীৰ কথা আমি কব বিচাৰিছো। শিখাৰ হাতত এতিয়া প্ৰাণ পাই উঠিছে কিছু সামগ্ৰী। অতিকৈ আকৰ্ষণীয় এইসমূহ সামগ্ৰী প্ৰস্তুত কৰি এতিয়া সামাজিক মাধ্যমত বাৰুকৈ চৰ্চিত হৈছে এইগৰাকী ছাত্ৰী। পঢ়াৰ সমান্তৰালকৈ কোনো আনুষ্ঠানিক শিক্ষা নোৰোৱাকৈ এইদৰে নিজৰ সৃষ্টিশীল মনৰ সহায়ত নিৰ্জীৱ সামগ্ৰীক প্ৰাণ দি এক জাগৰণৰ সৃষ্টি কৰিছে।

ইপিনে বিভিন্ন সময়ত এইসমূহ সামগ্ৰী প্ৰস্তুত কৰি নিজৰ আত্মীয় স্বজনক উপহাৰ দিয়াৰ লগতে বহুতে এতিয়া এনে সামগ্ৰী বিচাৰি শিখাৰ ওচৰত ভিৰ কৰিছে। অৱশ্য শিখাই এই পৰ্যন্ত ব্যৱসায়ীক ভিত্তিত এই সামগ্ৰীবোৰ প্ৰস্তুত কৰা নাই যদিও বৰ্তমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ব্যৱসায়ীক ভিত্তিত গ্ৰাহকৰ পচন্দ অনুসৰি প্ৰস্তুত কৰিবলৈ মনস্থ কৰিছে যি তেওঁৰ অন্তত: পঢ়াৰ খৰচ উলিয়াই দেউতাকক কিছু সকাহ দিব পাৰিব বুলি আশা কৰিছে।

লগতে পেলনীয়া অদৰ্কাৰী এইবোৰ সামগ্ৰীয়ে পৰিবেশ বিনষ্ট কৰাৰ পৰা কিছু হ'লেও নিয়ন্ত্ৰণ হ'ব বুলি আশা কৰি নৱপ্ৰজন্মৰ আন সকলকো এইদৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি স্বজন নিৰ্ভৰশীলতাৰ পৰিচয় দিবলৈ সকলোকে আহ্বান জনাইছে ছাত্ৰী শিখামণিয়ে।

প্ৰেৰকঃ নিৰ্মলেন্দু পাঠক, যোৰহাট

English Summary: Shikhamani, a student of Teok involved in handicrafts

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.