1. News

চাকৰিৰ প্ৰস্তুতিৰ মাজতে গাহৰি ফাৰ্মেৰে দুজনক সংস্থাপন দিছে অংকুৰ গগৈয়ে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অংকুৰ গগৈৰ গাহৰি ফাৰ্ম
অংকুৰ গগৈৰ গাহৰি ফাৰ্ম

২০১৭ চনত গেজুৱেশ্বন কম্পিলেট কৰাৰ পাছতে এছ এছ চি পৰীক্ষাৰ বাবে গুৱাহাটীত গৈ প্ৰস্তুতি চলাইছিল গোলাঘাটৰ অংকুৰ গগৈয়ে। চৰকাৰী চাকৰি লাভ কৰাৰ সম্ভাৱনা নেদেখি প্ৰাইভেট বেংকত আৰম্ভ কৰিলে কৰ্মজীৱন। কিন্তু এসময়ত আনৰ তলত কাম কৰাৰ অনিচ্ছা আহিছিল অংকুৰৰ মনলৈ। গতিকে পৰৱৰ্তী সময়ত গাঁৱলৈ আহি পঞ্চায়তৰ কনষ্টাকটৰ কাম আৰম্ভ কৰিলে অংকুৰে। কিন্তু পঞ্চায়তৰ কাম ৬ মাহ হয় ৬ মাহ বন্ধ থাকে। গতিকে ছমাহ এনেই থাকিব লগা হ'ল অংকুৰৰ। তেনেসময়তে বন্ধু মনোজ গগৈয়ে পালন কৰি থকা গাহৰি পালনৰ প্ৰতি আকৰ্ষিত হয়।

এই সন্দৰ্ভত অংকুৰ গগৈয়ে কয়- তেতিয়া গাহৰি বজাৰখন খুব ভাল আছিল। মনোজেও লাভৰ মুখ দেখিছিল। তাক দেখিয়েই আদাক দেখি উঠিল গাৰ দৰে ময়ো আৰম্ভ কৰি দিলো গাহৰি ফাৰ্ম। প্ৰথম অৱস্থাত থিকেই চলিছিল। গাহৰি পোৱালি কিনা, দানা খোৱা ঘৰটো বনোৱা আদিৰ কামত জমা পুজিৰ প্ৰায় সকলো পইচা শেষ হৈছিল। গতিকে পুনৰ বেংকৰ কামত যোগদান কৰিলে অংকুৰে। এই সন্দৰ্ভত অংকুৰে কয়- ৰাতিপুৱা গাহৰিবিলাকক দানা খোৱাই অফিচলৈ যাওঁ আৰু গধুলি আহি পুনৰ গাহৰি ফাৰ্মখনৰ কামত লাগো। অলপ টাইম-টেবুল সলনি হৈছিল। পৰৱৰ্তী সময়ত গাহৰিসমূহ চোৱা-চিতা কৰিবৰ বাবে মানুহ এজন ৰাখিলো।

Pig farmer Ankur Gogoi, Golaghat
Pig farmer Ankur Gogoi, Golaghat

অংকুৰ গগৈয়ে গাহৰি পালন কৰাৰ লগত ফাৰ্মত পালন কৰা গাহৰিসমূহ নিজেই কাটি বিক্ৰি কৰে। কোনো বেপাৰীক তেওঁ বিক্ৰি নকৰে। নিজৰে গাহৰি মাংস কটা দুখন দোকানো আছে। বৰ্তমান এই দোকান দুখন অংকুৰৰ দৰে ৩ জন গাহৰি পালকৰ তত্ত্বাৱধানত চলি আছে। গাহৰি লকডাউনৰ সময়ত গাহৰি বিক্ৰি কৰিবলৈ বেপাৰী নাপাই লোকচানৰ সন্মুখীন হৈয়ে তেওঁলোকে আৰম্ভ কৰিছিল এই গাহৰি কাটিং চেন্টাৰ দুটা। কাৰ্টিং চেন্টাৰ দুটাত দুই তিনিজন মানুহে কাম কৰি সংস্থাপন লাভ কৰিছে।

বৰ্তমান অংকুৰৰ গাহৰি ফাৰ্মত ৭০ টাকৈ গাহৰি আছে।  তেওঁ জানিবলৈ দিয়া মতে, ফাৰ্মখন আৰম্ভ কৰোতেই প্ৰায় ১ লাখ ৪০ হাজাৰমান টকা খৰচ হৈছিল। অংকুৰে কয়- ১০ হাজাৰ টকাৰেও আৰম্ভ কৰিব পাৰে এখন গাহৰি ফাৰ্ম। যিসকলৰ মূলধন সৰহকৈ আছে তেওঁলোকে ঘৰটো পকা কৰি আৰম্ভ কৰক। ১০ হাজাৰ টকা থকা সকলে প্ৰথমে দুজনী গাহৰি কিনি আনক। ঘৰৰ পেলনীয়া ভাত খোৱাব পাৰে নাইবা দৈনিক ৫০ টকা মানকৈ খৰচ কৰি দানা খোৱাব পাৰে। গাহৰিকেইজনীৰ পৰা পোৱালী জগাই ডাঙৰকৈ ফাৰ্ম আৰম্ভ কৰিব পাৰে।

লগতে পঢ়ক- 

Local Murgi Farm : লোকেল কুকুৰা পালনৰ নতুন আৰ্হি

নিৱনুৱা যুৱক-যুৱতীসকলক উদ্দেশি অংকুৰ ডেকাই কয়- জনসংখ্যাৰ যিদৰে বিস্ফোৰণ ঘটিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি চাকৰি সকলোৱে পোৱাতো সম্ভৱ নহয়। চাকৰিৰ বাবে ময়ো এপ্লাই কৰি আছো। গতিকে নিজৰ পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যাওঁক।

শেষত আপোনালোকে জনাওঁ যে বৰ্তমান গাহৰি পালন কৰাৰ সমান্তৰালভাৱে প্ৰাইভেট বেংকত চাকৰিয়ো কৰি আছে। এছএছচি চাকৰিৰ বাবে প্ৰস্তুতিয়ো চলাই আছে। সম্প্ৰতি তেওঁ গাহৰি বিক্ৰি কৰি এটা আই. ফোন কিনিছে। দুজনক আত্মসংস্থাপন দিছে। শেহতীয়াকৈ তেওঁ এখন গাড়ীয়ো বুকিং কৰিছে।

লগতে পঢ়ক- 

আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক

English Summary: Pig farmer Ankur Gogoi

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.