
কৃষি বিজ্ঞান কেন্দ্র, ধেমাজিৰ দ্বাৰা ৰূপায়িত হৈ আছে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ (APART) প্ৰকল্পৰ অধীনৰ বিভিন্ন কাৰ্যসূচী। এই কাৰ্যসূচীসমূহৰ অংশস্বৰূপে ধেমাজি জিলাৰ বিভিন্ন ঠাইৰ ৩০ জন কৃষকক শিক্ষামূলক ভ্ৰমণ হিচাপে ২৯ ডিচেম্বৰৰ দিনটোত পৰিদৰ্শন কৰোৱা হ’ল বৰদলনিৰ প্ৰগতিশীল কৃষক টিকেন কাকতিৰ কৃষি পথাৰ।
লগতে পঢ়ক-
ধান ভাল নোহোৱা বাম মাটি এবিঘাত এইবাৰ তিয়ঁহ খেতি কৰক


প্ৰশিক্ষণ কালতে কৃষকসকলক বৰোধানৰ কৃষি পদ্ধতি, সমন্বিত কৃষি আৰু কৃষি যান্ত্ৰিকীকৰণৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰগতিশীল কৃষক টিকেন কাকতিয়ে।

এই কাৰ্যসূচীয়ে ধেমাজি জিলাৰ কৃষি পথাৰত বৰোধানৰ খেতিৰ কৃষি যান্ত্ৰিকীকৰণৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক-
Share your comments