1. News

ধান ভাল নোহোৱা বাম মাটি এবিঘাত এইবাৰ তিয়ঁহ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Cucumber cultivation in Assam
Cucumber cultivation in Assam

সাধাৰণতে আমাৰ কৃষকসকলে মাটি ডৰাত ধান ভাল নহলেও প্ৰতিবছৰে ধান খেতি কৰি থকা প্ৰৱণতা এটা আছে। ধান খেতিৰ সলনি ধান খেতি কৰি অহা ঠাইবোৰত অন্য খেতি কৰা দেখিবলৈ পোৱা নাযায় আমাৰ কৃষকসকলৰ মাজত। কিন্তু এইবাৰ আপুনি ধান নোহোৱা এবিঘা মাটিত তিয়ঁহ খেতি কৰি চাওক। কষ্ট একেই হ’ব। ধান খেতি কৰোঁতে মাটি ডৰা ৰুৱলৈ ঘৰৰ মানুহখিনিয়ে যিদৰে হাতে-পাতে লাগে তেনেদৰেই সকলোৱে লাগক। তেতিয়া দেখিব ধান খেতি কৰোঁতে যদি তাৰ পৰা ৫ হাজাৰ ইনকাম কৰিছিল তিয়ঁহ খেতি কৰি লাভ কৰিব ৩০-পৰা চল্লিছ হাজাৰ টকা।

কেৱল কৰিলেই নহ’ব। ভাল উপাৰ্জন কৰিবলৈ কৃষকজনে মন কৰিব লাগিব উন্নত সঁচ। আগতেই আঁচনি প্ৰস্তুত কৰিব লাগিব আপুনি জৈৱিকভাৱে কৰিব নে ৰাসায়নিকভাৱে কৰিব। দুয়োটাতেই লাভ আছে। কিন্তু কৰিব লাগিব শৃংখলাবদ্ধ আৰু সুপৰিকল্পনাৰে। তিয়ঁহ খেতিৰ সময় এতিয়াও আৰম্ভ হোৱা নাই। এতিয়াও সময় আছে। এই খেতি কৰিম বুলি ভৱাসকলে অভিজ্ঞ কৃষক আৰু কৃষি বিষয়াৰ লগত কথা পাতি সবিশেষ জানি ল’ব পাৰে। মাটি পৰীক্ষা আৰু জলসিঞ্চন ব্যৱস্থাৰ বাবে মটৰ আদি যোগাৰ কৰি ল’লে ভাল হ’ব।

লগতে পঢ়ক- 

Ridge gourd farming : জানুৱাৰী-ফেব্ৰুৱাৰীতে আগতীয়াকৈ আৰম্ভ কৰক জিকাৰ খেতি!

তিয়ঁহৰ বাবে পানী জমা নোহোৱা ওখ ৰ'দঘাই বালিচহীয়া মাটি উপযোগী। আলতীয়া মাটিত জৈৱিক সাৰ প্রয়োগ কৰিও এই খেতি কৰিব পাৰি । তিয়ঁহক দুটা ভাগত ভগাব পাৰি। এবিধ মাটিত ভগাই যায় আৰু এবিধ জেং বা হেণ্ডালিত বগাই যায়। মার্চ - এপ্রিলত জেঙত বগাই যোৱা বিধ আৰু নবেম্বৰ - ডিচেম্বৰত  মাটিত বগোৱা জাত লগা লাগে। পুলিবিলাক ৰুওতে মাটিত বগাই যোৱাবিধ শাৰীৰ পৰা শাৰীৰ দূৰত্ব ১.৫ মিটাৰ আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব- ১.২ মিটাৰ। আনহাতে, চাঙত বগোৱা জাতৰ শাৰীৰ পৰা শাৰীৰ দূৰত্ব  ১.২ মিটাৰ আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব ৭৫ চে: মিটাৰ।

অসমৰ মাটিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে নিৰ্বাচন কৰা সঁচসমূহ হল- চাইনীজ গ্রীণ, পুচা সংযোগ, পইনছেতী, এ এ ইউ।

১) চাইনীজ গ্রীণ : সামান্য পিচত লগা ,দীঘল , (৫০ চে:মিটাৰ মান ) , গাঢ় সেউজীয়া বৰণৰ ছাল , বগা বগা সোংবোৰ , মঙহাল আৰু ফছফচিয়া বিধৰ ।

২) পুচা সংযোগ : আগতীয়া আৰু উচ্চ উত্পাদনক্ষম বর্ণসঞ্চৰ জাত , তিঁয়হবোৰ ২৮ - ৩০ চে: মিটাৰ দীঘল , গাঢ় সেউজীয়া আৰু গাত হালধীয়া ৰঙৰ আঁচ থকা । ৫০ দিনত পুৰঠ হোৱা জাত ।

৩) পইন ছেতী : তিঁয়হবোৰ গাঢ় সেউজীয়া , ২০-২৫ দীঘল আৰু বিভিন্ন বেমাৰৰ প্রতিশোধক জাত ।

৪) এ এ ইউ চি - ১ : আগতীয়া জাত আৰু উচ্চ উত্পাদনক্ষম । সামান্যভাবে হালধীয়াৰ পৰা মুগা বৰণ ধৰে পুৰঠ অৱস্থাত আৰু সামান্য সেউজীয়া ৰঙৰ হয় পুৰঠ অথবা গুটি চিঙা অৱস্থাত ।

লগতে পঢ়ক- 

Silk farming- এৰী খোলা আৰু লেটা উৎপাদনৰ অৰ্থনৈতিক লাভালাভ

English Summary: cucumber cultivation in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.