1. News

এই সপ্তাহতে একাউণ্টত সোমাব PM Kisanৰ ১৩শ কিস্তিৰ ধন!

KJ Staff
KJ Staff
Kisan
Kisan

কেন্দ্রস্থ মোডী চৰকাৰে কৃষকসকলক সহায় কৰাৰ লগতে আয় বৃদ্ধিৰ বাবে বিভিন্ন আঁচনি চলাই আছে৷ ইয়াৰে এখন হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। দেশৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিখন চলোৱা হৈছে। প্ৰতি বছৰে ডিবিটিৰ জৰিয়তে এই আঁচনিৰ সৈতে জড়িত কৃষকৰ একাউণ্টলৈ ৬ হাজাৰ টকাৰ ধন হস্তান্তৰ কৰা হয়। এতিয়ালৈকে কৃষকসকলে ২০০০ টকাকৈ  ১২টা কিস্তিৰ ৰূপত এই ধন লাভ কৰিছে আৰু কৃষকসকলে আগ্ৰহেৰে ত্ৰয়োদশ কিস্তিৰ বাবে অপেক্ষা কৰি আছে।

এই সপ্তাহত আহিব ১৩ সংখ্যক কিস্তি

PM কিষাণ যোজনাৰ সৈতে জড়িত প্ৰতিজন হিতাধিকাৰী কৃষক ভাতৃয়ে ত্ৰয়োদশ কিস্তিৰ বাবে অপেক্ষা কৰি আছে। এই আঁচনিৰ জৰিয়তে দেশৰ সৰ্বাধিক কৃষকক সুবিধা প্ৰদানৰ চেষ্টা চলাইছে চৰকাৰে। নতুন বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ত্ৰয়োদশ কিস্তিৰ ধন আহিব পাৰে বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যদি আপুনিও সময়মতে একাউণ্টত ধন পাব বিচাৰে, তেন্তে কিছুমান ভুল নকৰিব। ইতিমধ্যে এই সন্দৰ্ভত চৰকাৰে কেইবাটাও গাইডলাইন জাৰি কৰিছে।

ভূমিৰ ৰেকৰ্ড পৰীক্ষা কৰা

যদি আপুনি এতিয়াও মাটিৰ ৰেকৰ্ড ভেৰিফাই কৰা নাই, তেন্তে সোনকালে কামটো সম্পূৰ্ণ কৰক। যদি আপুনি কামটো সম্পন্ন নকৰে, তেন্তে আপুনি পি এম কিষাণ যোজনাৰ ত্ৰয়োদশ কিস্তিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব পাৰে। সেইবাবে আপোনাৰ ওচৰৰ কৃষি কাৰ্যালয়লৈ গৈ এই কামটো সম্পন্ন কৰক।

ভুৱা খেতিয়কক বাহিৰ কৰা হ’ল

এই আঁচনিখনত যিসকল লোকে এতিয়ালৈকে প্ৰৱঞ্চনাৰে সুবিধা লাভ কৰিছে। সেইসকল লোকৰ নাম ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে। এতিয়া সেইসকল লোকৰ পৰা টকা ঘূৰাই লোৱা হৈছে। এইবাৰ তেওঁলোকৰ একাউণ্টত টকা নাহিব। লগতে পূৰ্বৰ কিস্তিৰ ধন চৰকাৰক ঘূৰাই দিব লাগে। যিহেতু গাইডলাইন পূৰ্বে জাৰি কৰা হৈছে। প্ৰৱঞ্চনাৰে এই আঁচনিৰ সুবিধা লৈছিল একাংশ লোকে। ইয়াক ৰোধ কৰিবলৈ চৰকাৰে ভূমিৰ ৰেকৰ্ড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে। তেতিয়াহে ভুৱা মানুহবোৰক বাহিৰ উলিওৱাত সফলতা লাভ কৰিব পৰা যাব।

ই-কে ৱাই চি কৰিব লাগিব

যদি আপুনি পি এম কিষাণ যোজনাৰ হিতাধিকাৰী, তেন্তে ই-কে ৱাই চি কৰিব লাগিব। যদি আপুনি এই কাম নকৰে তেন্তে ত্ৰয়োদশ কিস্তিৰ টকা আবদ্ধ হৈ পৰিব পাৰে। প্ৰতিজন হিতাধিকাৰী কৃষকৰ বাবে ই-কে ৱাই চি সম্পন্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। আপুনি pmkisan.gov.in ত গৈ বা আপোনাৰ ওচৰৰ CSC চেণ্টাৰলৈ গৈ অনলাইনতো এই কাম কৰিব পাৰে।

অনলাইন e-KYC কেনেকৈ কৰিব

এতিয়ালৈকে বহু কৃষকে নিজৰ আধাৰ নম্বৰ বেংকৰ সৈতে লিংক কৰা নাই। এই কাৰণেই হাজাৰ হাজাৰ কৃষকৰ ধন এতিয়াও আবদ্ধ হৈ আছে। এই প্ৰক্ৰিয়াটো অতি সহজ। ইচ্ছা কৰিলে চি এছ চি চেণ্টাৰ বা ই-মিত্ৰ চেণ্টাৰলৈ গৈ ই-কে ৱাই চিও কৰিব পাৰিব।

  • প্ৰথমে gov.in লৈ যাওক।
  • হোম পেজৰ কৃষকৰ কোণৰ অংশত ই-কে ৱাই চিৰ বিকল্প নিৰ্বাচন কৰক।
  • নতুন পৃষ্ঠা খোলাৰ লগে লগে আধাৰ কাৰ্ড নম্বৰ দিব।
  • এতিয়া কৃষকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত অ’টিপি প্ৰেৰণ কৰা হ’ব।
  • চাইটত OTP প্ৰৱেশ কৰক আৰু Submit বুটামত ক্লিক কৰক।

এইদৰে সহজ প্ৰক্ৰিয়াৰ জৰিয়তে ই-কেৱাইচি সম্পন্ন কৰক, যাতে সময়মতে ধন একাউণ্টত উপনীত হয়।

লগতে পঢ়কঃ কৃষকৰ বাবে উৎসৰ্গিত ৫ খন চলচ্চিত্ৰ

English Summary: PM Kisan 13th intallment

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.