কোনে কোনে লাভ কৰি এই সুবিধা
অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ উদ্যোগত অলপতে ২ জুন, ২০২৬ তাৰিখে অসমৰ গৌৰৱস্বৰূপ মুগা শিল্পৰ উত্তৰণৰ বাবে এক অভিলাষী আঁচনি "মিছন চেনেহ জৰী" মুকলি কৰা হৈছে। প্ৰায় ৪১১ কোটি টকা ব্যয়সাপেক্ষ এই আঁচনিখনৰ মূল লক্ষ্য হৈছে অসমৰ মুগা পালক, বোৱা আৰু শিপিনীসকলৰ আৰ্থিক অৱস্থা উন্নত কৰা আৰু অসমৰ মুগাক বিশ্ব দৰবাৰত এক বিলাসী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰা।
আঁচনিখনৰ মূল বৈশিষ্ট্যসমূহ
• বৰ্তমান মুগা পালক আৰু শিপিনীসকলৰ বাৰ্ষিক উপাৰ্জন প্ৰায় ১৮,০০০ ৰ পৰা ২১,০০০ টকা। এই আঁচনিৰ জৰিয়তে তেওঁলোকৰ উপাৰ্জন বহুগুণে বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। মুগা সূতাৰ মূল্য প্ৰতি কেজিত ৩০,০০০ ৰ পৰা ৪৫,০০০ টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।
• গছপুলি ৰোপণ আৰু প্ৰতিপালন: মুগা লেটাৰ খাদ্যৰ অভাৱ দূৰ কৰিবলৈ প্ৰায় ৫,০০০ হেক্টৰ মাটিত চোম আৰু চোৱালু গছ পুনৰুজ্জীৱিত আৰু সংৰক্ষণ কৰা হ’ব।
• আধুনিক আন্তঃগাঁথনি: যোৰহাট, শিৱসাগৰ, সুৱালকুছি, মাজুলী আৰু লক্ষিমপুৰত ৫টা আধুনিক সূতা কটা কেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ উপৰিও ধেমাজিত এটা বিশেষ 'মুগা স্পান মিল' স্থাপন কৰা হ’ব।
• বজাৰত পোৱা নকল মুগা কাপোৰ প্ৰতিৰোধ কৰিবলৈ আৰু আচল অসমৰ মুগা চিনাক্ত কৰিবলৈ QR Code-ৰ ব্যৱস্থা কৰা হ’ব। প্ৰায় ৮০% মুগা ব্যৱসায় 'জি আই' (Geographical Indication) প্ৰমাণীকৰণৰ অধীনলৈ অনা হ’ব।
• বিশ্ব বজাৰত প্ৰৱেশ: ২০২৮ চনৰ ভিতৰত বাৰ্ষিক ২,০০০ কেজিতকৈ অধিক মুগা সূতা/কাপোৰ বিদেশলৈ (যেনে- জাপান, উপসাগৰীয় দেশসমূহ) ৰপ্তানি কৰাৰ লক্ষ্য লোৱা হৈছে।
মুগা পালকসকলে কেনেকৈ সুবিধা লাভ কৰিব?
মুগা পালক আৰু শিপিনীসকলক পোনপটীয়াকৈ সহায় কৰিবলৈ এই আঁচনিত এক বিশেষ গোট বা দল গঠনৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে:
1. কৃষক গোট গঠন : আঁচনিখনৰ অধীনত সমগ্ৰ অসমত ১,১৮০ টা Farmer Interest Groups - FIG আৰু ৩০ টা কৃষক উৎপাদক সংগঠন (Farmer Producer Organisations - FPO) গঠন কৰা হ’ব।
2. যৌথ ব্যৱসায় আৰু বিপণন: মুগা পালকসকলে এই এফ.পি.অ' (FPO) বা গোটসমূহৰ সৈতে জড়িত হৈ নিজৰ উৎপাদিত মুগা লেটা বা সূতা পোনপটীয়াকৈ সঠিক মূল্যত বজাৰত বিক্ৰী কৰিব পাৰিব। ইয়াৰ দ্বাৰা মধ্যভোগী বা দালালৰ কবলৰ পৰা ৰক্ষা পৰিব।
3. প্ৰযুক্তি আৰু প্ৰশিক্ষণৰ সুবিধা: পালকসকলে আধুনিক পদ্ধতিৰে মুগা পোহা, উন্নত মানদণ্ডৰ বীজ (Silkworm Seed) লাভ কৰা আৰু উন্নত প্ৰযুক্তিৰে সূতা কটাৰ বাবে চৰকাৰী সাহায্য আৰু প্ৰশিক্ষণ লাভ কৰিব।
4. কোন কোন জিলা অন্তৰ্ভুক্ত হ’ব?: প্ৰথম পৰ্যায়ত অসমৰ প্ৰধান মুগা উৎপাদনকাৰী জিলাসমূহ যেনে— যোৰহাট, শিৱসাগৰ, লক্ষিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী আৰু কামৰূপ আদি অঞ্চলক ক্লাষ্টাৰ হিচাপে লৈ এই সুবিধা প্ৰদান কৰা হ’ব।
যোগাযোগ কেনেকৈ কৰিব?
আপুনি যদি এজন মুগা পালক, তেন্তে এই আঁচনিৰ সুবিধা ল’বলৈ আপোনাৰ অঞ্চলৰ জিলা ৰেচম বিভাগৰ কাৰ্যালয় (District Sericulture Office) বা স্থানীয় ৰেচম পৰিদৰ্শকৰ সৈতে যোগাযোগ কৰিব পাৰে। চৰকাৰে যেতিয়াই এই ১,১৮০ টা কৃষক গোট বা ৩০ টা FPO গঠনৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিব, আপুনি তাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব।
Share your comments