1. News

পচতীয়া পাতৰে পোক নিয়ন্ত্ৰণৰ প্ৰকল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ ধেমাজিৰ নীহাৰিকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Control insects using Vitex negundo leaves
Control insects using Vitex negundo leaves

হুমি পোঁক নিয়ন্ত্ৰণত ৰাসায়নিক দ্ৰব্যৰ পৰিৱৰ্তে পচতীয়া পাত ব্যৱহাৰ প্ৰকল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হ’ল ধেমাজিৰ নীহাৰিকা দত্ত ৷ বৰদলনি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী নীহাৰিকা দত্ত ৷ হুমি পোক নিয়ন্ত্ৰণ কৰা প্ৰকল্পটো জানুৱাৰীত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসমৰ হৈ উপস্থাপন কৰিব নীহাৰিকাই৷ নীহাৰিকা দত্তৰ প্ৰকল্পৰ শিৰোনাম- ‘‘হুমি পোক নিয়ন্ত্ৰণত ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি থলুৱা প্ৰজাতিৰ উদ্ভিদ পচতীয়া পাতৰ ব্যৱহাৰ’’৷

বৰদলনি বালিকা উচ্চ মাধ্যমিক শিক্ষক ৰূপম অধিকাৰীৰ তত্বাৱধানত ছাত্ৰী নীহাৰিকা দত্তই 30 সংখ্যক ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত  অংশগ্ৰহণ কৰি নিম্ন শাখাত শ্ৰেষ্ঠস্থান পাবলৈ সক্ষম হৈছিল ৷ উল্লেখ্য নিহাৰিকাই তেওঁৰ মাতৃৰ পৰা জানিব পাৰিছিল পচতীয়া পাত ব্যৱহাৰেৰে হুমি পোক খেদাৰ ধাৰণাটো। ঘৰত ওমনি লৈ থকা কুকুৰাত হুমি পোক খেদাবলৈ নিহাৰিকাৰ মাতৃয়ে ব্যৱহাৰ কৰিছিল পচতীয়াৰ পাত। পৰৱৰ্তী সময়ত নিহাৰিকাই নিজে পৰীক্ষা কৰি চাবৰ বাবে পচতীয়া গছৰ শুকান পাতেৰে কুকুৰাৰ বাঁহ সাজি দিছিল। আৰু দেখিছিল হুমি পোকবোৰ পচতীয়া পাতেৰে সঁজা বাঁহটোলৈ অহা নাছিল। তেনে সময়তে 30 সংখ্যক ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্পৰ বিষয়ে আলোচনা চলি থাকোঁতেই নিহাৰিকা দত্তই প্ৰকল্পৰ বিষয় হিচাপে ‘‘হুমি পোক নিয়ন্ত্ৰণত ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি থলুৱা প্ৰজাতিৰ উদ্ভিদ পচতীয়া পাতৰ ব্যৱহাৰ’’ নিৰ্বাচন কৰিলে।

লগতে পঢ়ক- 

Patchouli farming : মাহে মাহে হাতলৈ আহিব ২০ ৰ পৰা ৩০ হাজাৰ টকা

পৰৱৰ্তী সময়ত বৰদলনি বালিকা উচ্চ মাধ্যমিক শিক্ষক ৰূপম অধিকাৰীৰ তত্বাৱধানত নীহাৰিকা দত্তই গৱেষণা আগবঢ়াই নিছিল। গাঁৱৰ কুকুৰা পোহা লোকসকলৰ ঘৰলৈ গৈ ৰূপম অধিকাৰীৰ তত্বাৱধানত তেওঁলোকে পচতীয়া পাত ব্যৱহাৰ কৰি হুমি পোক খেদাৰ কামবোৰ পৰীক্ষামূলকভাৱে কৰিছিল। আৰু সফলো হৈছিল। তাৰপাছতে 30 সংখ্যক ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত  অংশগ্ৰহণ কৰি নিম্ন শাখাত শ্ৰেষ্ঠ স্থান পাবলৈ সক্ষম হৈছিল৷

ইফালে 30 সংখ্যক ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত  শ্ৰেষ্ঠস্থান লাভ কৰি চলিত মাহত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসমৰ অংশগ্ৰহণ কৰাৰ কৃতিত্ব অৰ্জন কৰে নিহাৰিকা দত্তই। তাতে তেওঁ ‘‘হুমি পোক নিয়ন্ত্ৰণত ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি থলুৱা প্ৰজাতিৰ উদ্ভিদ পচতীয়া পাতৰ ব্যৱহাৰ’’ প্ৰকল্পটো বিজ্ঞানীসকলৰ আগত উপস্থাপন কৰিব।

লগতে পঢ়ক- 

বহু গুণাগুণেৰে সমৃদ্ধ পচতীয়া

English Summary: Control insects using Vitex negundo leaves

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.