1. News

‘আমি এশ শতাংশ উজাৰি দি বিটিআৰৰ উন্নয়নৰ কাম কৰিম’: প্ৰমোদ বড়ো

KJ Staff
KJ Staff
pramod boro
pramod boro

‘২০২৩ বৰ্ষৰ প্ৰতিটো দিনেই আমি এশ শতাংশ উজাৰি দি বিটিআৰৰ উন্নয়নৰ কাম কৰিম’- এই ভাষ্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ৷ বছৰৰ প্ৰথম দিনটোত বিটিআৰ তথা ৰাজ্যবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি এনেদৰে কয় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে৷ এই বৰ্ষত বিটিআৰৰ শৈক্ষিক আৰ্থসামাজিক, মহিলা সবলীকৰণ, শিক্ষিত নিৱনুৱাসকলৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত হাতে-কাম আগবাঢ়ি যাবলৈ বিটিআৰ চৰকাৰে লক্ষ্য স্থিৰ কৰা বুলি উল্লেখ কৰি বিচিআৰ প্ৰধান প্ৰমোদ বড়োৱে পুনৰ কয়, ‘আমি শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনাৰ বাবে বহু কাম কৰিবলৈ  আঁচনি হাতত লৈছোঁ৷

দক্ষতা বিকাশৰ লগতে দিব্যাংগ সকলৰ বাবেও বহু আঁচনি লোৱা হৈছে৷ কৃষি ক্ষেত্ৰ আৰু ক্ৰীড়া ক্ষেত্ৰত উন্নয়নৰ বাবেও আঁচনি গ্ৰহণ কৰা হ’ব৷ ২০২৩ বৰ্ষটো বড়োলেণ্ড বাসীৰ বাবে এটা উন্নয়নৰ বছৰ হিচাপে ঘোষণা কৰিব বিচাৰিছোঁ বুলি উল্লেখ কৰি বিটিআৰ প্ৰধান গৰাকীয়ে পুনৰ কয়, ‘অহা বৰ্ষত যিহেতু কোনো নিৰ্বাচন নাই, সেয়ে আমি বিটিআৰৰ সামগ্ৰিক উন্নয়ন কেনদৰে ত্বৰান্বিত কৰিব পাৰোঁ তাত মনোনিৱেশ কৰিম৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত যি উন্নয়নৰ ঢল আনিছে তাৰ ফল বিটিআৰ বাসীয়েও লাভ কৰিবলৈ সক্ষম হৈছে।‘ তেওঁ পুনৰ কয়, ‘২০২২ বৰ্ষটো বড়োলেণ্ড বাসীৰ বাবে এটা ভাল বৰ্ষ আছিল৷ বিগত বৰ্ষত বিচিআৰত এটা ভাল আন্ত:গাঁথনিৰ কাম হৈছিল৷

প্ৰশাসনিক ক্ষেত্ৰত পৰিৱৰ্তন আহিছিল৷ ৰাজনৈতিক ক্ষেত্ৰতো যথেষ্ট সংস্কাৰ তথা উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট কাম হৈছিল৷ ২০২৩ বৰ্ষটো বিটিআৰ চৰকাৰে লক্ষ্য স্থিৰ কৰি লৈছোঁ, বিটিআৰত উন্নয়নৰ কাম ভালদৰে আগবাঢ়ি যাব৷ উন্নয়ন অধিক ত্বৰান্বিত কৰা হব৷ বিশেষকৈ বিটিআৰৰ সকলো জাতি জনগোষ্ঠীৰ সমিলমিলেৰে আমি যিখন বিটিআৰৰ আশা কৰিছিলোঁ সেইখন প্ৰতিস্থা কৰিব পাৰিম৷ বিটিআৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভয়-শংকা নাথাকিব আৰু এক সুস্থ পৰিৱেশৰ মাজেৰে বিটিআৰখন আগবাঢ়ি যাব৷

আজি আবেলি তামুলপুৰ ৰাজহুৱা উদ্যানত তামুলপুৰৰ বিভিন্ন দল-সংগঠনৰ লগত কালি অসম চৰকাৰৰ কেবিনেটে তামুলপুৰ জিলাক বিলুপ্তি ঘটাই পুনৰ বাগসা জিলাৰ লগত চামিল কৰা সন্দৰ্ভত এক আলোচনাত মিলিত হয়৷

বিটিআৰৰ সাংবাদিক সকলৰ বাবে আগবঢ়োৱা জীৱন বীমা বাহাল ৰখাৰ উপৰিও বিটিআৰৰ সদৰ কোকৰঝাৰত সাংবাদিক সকলৰ উপকাৰ হোৱাকৈ এটা অত্যাধুনিক অতিথিশালা নিৰ্মাণ কৰিব বুলি বিটিআৰৰ চীফ গৰাকীয়ে সদৰি কৰে৷

লগতে পঢ়কঃ Finger Millet, মৰুৱা ধান বা ৰাগীৰ বিবিধ ব্যঞ্জন আৰু ইয়াৰ উপকাৰিতা

English Summary: Pramod boro promises to put 100% effort for the development of BTR

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.