Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 January, 2023 2:53 PM IST
FPO

আৰম্ভণিৰে পৰা ভাৰতত কৃষিক গুৰুত্ব দিয়া হৈছিল, সেয়েহে ভাৰতক কৃষিৰ দেশ বুলি কোৱা হয়। দেশৰ উন্নয়নত কৃষকসকলৰো এক গুৰুত্বপূৰ্ণ অৱদান আছে। আনকি কৰোনা সংকটতো কৃষকসকলে অৰ্থনীতি শক্তিশালী কৰিছিল। কৃষকসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে আজি শস্য আৰু পাচলি আন দেশলৈ ৰপ্তানি কৰা হৈছে। কৃষিক্ষেত্ৰত উদ্ভৱ হোৱা এই সফলতাৰ কৃতিত্ব এফপিঅ' (Farmers Producer Organisation) অৰ্থাৎ কৃষক উৎপাদক সংগঠনকো দিয়া হয়। এফপিঅ'ৰ বিষয়ে সবিশেষ জানো আহক...

এফপিঅ' কি?

কৃষক উৎপাদক সংগঠন (Farmers Producer Organisation) বা এফ.পি.অ’. হৈছে কৃষকসকলৰ এক আত্মসহায়ক গোট যিয়ে কৃষকসকলৰ স্বাৰ্থত কাম কৰে। এয়া স্পষ্ট যে কৃষকসকলে শস্য, ফল, ফুল আৰু পাচলি উৎপাদন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে। কিন্তু বহুসময়ত বজাৰত উৎপাদিত সামগ্ৰীৰ বাবে উচিত মূল্য নাপায়, যাৰ ফলত কৃষকসকলে বৃহৎ লোকচানৰ সন্মুখীন হয়। এনে পৰিস্থিতিত, কৃষক উৎপাদক সংগঠন (FPO)বোৰে বজাৰত দৰদাম কৰাৰ সময়ত কৃষকসকলৰ স্বাৰ্থত সম্পূৰ্ণ শক্তিৰে থিয় হয়। কৃষক উৎপাদক সংগঠনত যোগদান কৰি ক্ষুদ্ৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে ভাল মূল্য লাভ কৰে। 

এফপিঅ'ৰ কাম

এফ.পি.ও.-ৰ জৰিয়তে, কৃষকসকলক বীজ, সাৰ, যন্ত্ৰপাতি, বজাৰসংযোগ, প্ৰশিক্ষণ, নেটৱৰ্কিং, বিত্তীয় সহায় আৰু কাৰিকৰী সহায় প্ৰদান কৰা হয়। এফপিঅ' কৃষকসকলৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হৈছে। কৰোনা সংকটৰ সময়ত কৃষক উৎপাদক সংগঠনসমূহৰ সফলতাক চৰকাৰেও প্ৰশংসা কৰিছে। এই প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি, এতিয়া চৰকাৰে সমগ্ৰ দেশত ২৫০০ কৃষক উৎপাদক সংগঠন স্থাপনৰ কথাও ঘোষণা কৰিছে আৰু কৃষি পুঁজিৰ পৰা ৭০০ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্তও লৈছে। ই প্ৰায় ৬০ হাজাৰ কৃষকক সহায় কৰিব।

এফপিঅ' কেনেদৰে চলাব

এফপিঅ' চলোৱা এটা সংগঠনৰ মূল লোক হৈছে কৃষকসকল। সকলো দায়িত্ব তেওঁলোকৰ মাজত ভাগ কৰা থাকে। প্ৰতিটো এফপিঅ'ত কমেও ১১ জন কৃষকক অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়। ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলে কৃষক উৎপাদক সংগঠনৰ কৰ্মশৈলীৰ পৰা আটাইতকৈ বেছি লাভান্বিত হয়। কিয়নো ভাৰতত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ সংখ্যা প্ৰায় ৮৬%। তেওঁলোকৰ মুঠ ১.১ হেক্টৰ উৰ্বৰ ভূমি আছে, যাৰ ওপৰত তেওঁলোকৰ সমগ্ৰ জীৱিকা নিৰ্ভৰ কৰে। তেওঁলোকে কম দামত ঋণো প্ৰদান কৰে। এই গোটবোৰে খেতিয়কসকলক শস্য বিক্ৰীৰ সময়ত উৎপাদিত সামগ্ৰীৰ পেকেজিং আৰু পৰিবহনত সহায় কৰে। 

এফপিঅ'ৰ লাভালাভ

FPO ৰ জড়িয়তে কৃষকসকলে উন্নত দৰদাম কৰাৰ ক্ষমতা লাভ কৰে। বহল পৰিসৰত ব্যৱসায় কৰিলে কৃষকসকলৰ সঞ্চয়, পৰিবহন আদিত সুবিধা হয়। সেউজগৃহ, কৃষি যান্ত্ৰিকীকৰণ, শীতল ভঁৰাল আদিৰো সুবিধা থাকে। আপুনি কাষ্টম চেণ্টাৰ আদি আৰম্ভ কৰি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিব পাৰে।

চৰকাৰৰ পৰা বিত্তীয় সাহায্য

যেতিয়া কৃষক উৎপাদক সংগঠনে ইয়াৰ কৃষকসকলৰ স্বাৰ্থত ৩ বছৰ ধৰি নিৰন্তৰ ভাৱে কাম কৰে, তাৰ পিছত ৩ বছৰত, চৰকাৰৰ পৰা ১৫ লাখ টকাৰ বিত্তীয় সাহায্য লাভ কৰে। সমভূমি অঞ্চলত এফপিঅ'ৰ জৰিয়তে চৰকাৰৰ পৰা অৰ্থনৈতিক লাভালাভ প্ৰাপ্ত কৰিবলৈ কমেও ৩০০ জন কৃষকৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ। একে সময়তে, পাহাৰীয়া অঞ্চলত কমেও ১০০ জন কৃষকে যোগদান কৰাটো বাধ্যতামূলক। নাবাৰ্ডে কৃষক উৎপাদক সংগঠনসমূহক বিত্তীয় সহায় প্ৰদান কৰাৰ পূৰ্বে নিৰীক্ষণ কৰে। সকলোবোৰ কাৰ্যকৰী কৰাৰ পিছত, কৃষক উৎপাদক সংগঠনবোৰক ৰেটিং দিয়া হয়। তাৰ পিছত আপুনি সাহায্যৰ ধন লাভ কৰিব।

লগতে পঢ়কঃ খেতি পথাৰৰ চাৰিসীমাত বৃক্ষ ৰোপণ কৰা কৃষকলৈ ২৫০০০ টকাৰ ৰাজসাহায্য

English Summary: A to Z information about FPO
Published on: 18 January 2023, 02:53 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now