Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 April, 2024 1:34 PM IST
Dragon Fruit Farmer Success Story

জোনাইৰ মাইডাং চাপৰিৰ এজন প্ৰগতিশীল কৃষক ডিম্বেশ্বৰ স্বৰ্গীয়াৰী। সৰুৰ পৰাই খেতিৰ প্ৰতি আকৰ্ষণ আছিল কৃষকগৰাকীৰ। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, সৰুতে যেতিয়া তেওঁক শিক্ষকে সুধিছিল তুমি ডাঙৰ হ’লে কি কৰিবা বুলি সুধিছিল তেতিয়া তেওঁ কৈছিল- মই খেতি কৰিম বুলি। বাস্তৱত ডাঙৰ হৈ তেওঁ খেতিকে জীৱিকা হিচাপে গ্ৰহণ কৰিলে। ডিম্বেশ্বৰ স্বৰ্গীয়াৰীৰ দেউতাকো এজন খেতিয়ক। প্ৰথম অৱস্থাত দেউতাকৰ সৈতে পৰম্পৰাগতভাৱে খেতি কৰিছিল। কিন্তু পাছলৈ তেওঁ আধুনিক পদ্ধতিৰে উদ্যান শস্যৰ খেতিত মনোনিৱেশ কৰে।

বৰ্তমান তেওঁ ১০ বিঘা মাটিত মিশ্ৰিত পদ্ধতিৰে ড্ৰেগন ফলৰ খেতি কৰিছে। প্ৰথম অৱস্থাত তেওঁ ইউটিউবত চাই ড্ৰেগন ফলৰ খেতি কৰে। সেয়া এক ডাঙৰ এক প্ৰত্যাহ্বান আছিল। কাৰণ ড্ৰেগন ফলৰ খেতি কৰিবলৈ এটা মোটা পৰিমাণৰ মূলধন লাগে। তাতে অসমৰ মাটিত ড্ৰেগন ফলৰ খেতি কৰি কিমান সফল হ’ব তাৰো কোনো নিশ্চয়তা নাথাকে। সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান লৈ তেওঁ ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰি দিলে ড্ৰেগন ফলৰ খেতি। আৰু আজি ৪ বছৰতে ড্ৰেগন খেতিত খৰচ কৰা মূলধন ড্ৰেগন খেতিৰ পৰা পাবলৈ সক্ষম হল কৃষকগৰাকীয়ে। আপোনালোকক জনাও যে এজোপা ড্ৰেগনে ৩০-৩৫ বছৰলৈ ফল দি থাকে। ৫ বছৰ বয়সত এজোপা ড্ৰেগন পৈণত হয় আৰু ফল লাগিবলৈ ধৰে।

লগতে পঢ়ক- 

G9 Banana Farming : ধান নোহোৱা এবিঘা মাটিত এইবাৰ এই জাতৰ কলৰ খেতি কৰক

শেহতীয়াকৈ ড্ৰেগন খেতি কৰি থকা মাটিখিনিতে কৃষক ডিম্বেশ্বৰ স্বৰ্গীয়াৰীয়ে শাৰীৰ পৰা শাৰীৰ দূৰত্বৰ আৰু পুলিৰ পৰা পুলি দূৰত্বৰ খালি ঠাইখিনিত মিশ্ৰিত পদ্ধতিৰে বিলাহী, জলকীয়া, ষ্ট্ৰবেৰী থেতি আৰু ডালিম, অমিতাৰ লগতে সাঁচি গছ আৰু বিভিন্ন মূল্যবান গছৰ পুলি ৰোপন কৰিছে। এইবোৰৰ ওপৰি তেওঁ এইবাৰ ধেমাজি জিলাৰ কৃষি কাৰ্যালয়ৰ পৰা লাভ কৰা বাদামৰ বীজেৰে ৩ বিঘা মাটিত বাদাম খেতি কৰিছে। শেহতীয়াকৈ তেওঁৰ কৃষিফাৰ্মখন পৰিদৰ্শন কৰি ধেমাজি জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকল অভিভূত হৈ পৰে।

কৃষক ডিম্বেশ্বৰ স্বৰ্গীয়াৰীক তেওঁৰ কৃষি ফাৰ্মখন পৰিকল্পিত সজাই তুলিবলৈ কৌশলসমূহ ক’ত পাইছে বুলি জানিব বিচৰাত তেওঁ কয়- প্ৰথম ইউটিউব চাইছিলো। বৰ্তমান নিজৰ অভিজ্ঞতাৰ পৰা কামবোৰ আগবঢ়াই নিছো। ক’ত, কেনেকৈ কোনটো পুলি ৰুলে ভাল হ’ব, সেই কথাবোৰ এতিয়া নিজেই গম পাইছো। শেহতীয়াকৈ মোৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত সম্পৰ্ক হৈছে। তেওঁলোকে মোৰ ভুলবোৰ দেখুৱাই দিছে। আৰু তেওঁলোকৰ মতেও দুই এটা কাম কৰিবলৈ আৰম্ভ কৰিছো। কৃষকজনৰ খেতি পথাৰসমূহ চাবৰ বাবে তলৰ লিংকটোত ক্লিক কৰিব- https://www.youtube.com/watch?v=sfexhZm0lfY

লগতে পঢ়ক- 

৮ বছৰ পূৰ্বে খেতি পথাৰত নমা লক্ষ্য দাবাছৰ বৰ্তমান ৮ কোটি টকাৰ ব্যৱসায়

English Summary: Dragon Fruit Farmer Success Story
Published on: 28 April 2024, 01:34 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now