1. News

Asia Richest Village : হিমাচলৰ টকাৰ বৰষুণ বোৱা এখন গাঁও! প্ৰতিজন লোকেই কোটিপতি !

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Asia Richest village ( এছিয়াৰ আটাইতকৈ ডাঙৰ গাঁওখন)
Asia Richest village ( এছিয়াৰ আটাইতকৈ ডাঙৰ গাঁওখন)

ছিমলাৰ পৰা ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছিয়াৰ মহাদেশৰ আটাইতকৈ ধনী গাঁও হিচাপে স্বীকৃত মাদাভাগ (Madavag Village) নামৰ এই গাঁওখন।  এই গাওঁখনৰ লোকৰ জীৱনশৈলী দেখিলে আপুনিও হয়তো আচৰিত হ’ব। কাৰণ গাঁওখনৰ বাসিন্দাসকলৰ বিলাসী ঘৰ আৰু দামী বাহন দেখি আপুনি ভাবিব নোৱাৰে যে তেওঁলোকৰ জীৱিকা খেতি। হয় ২৩০টা পৰিয়াল থকা এই গাঁওখনৰ সৌভাগ্য কঢ়িয়াই আনিছে উদ্যান শস্যৰ খেতিৰেই। গাওঁখনৰ বাসিন্দাসকলে বছৰি ১৭৫ কোটি টকাৰ আপেল বিক্ৰী কৰে। গতিকে গাঁওখনৰ প্ৰতিজন কৃষক কোটিপতি। গাঁওখনৰ কৃষক পৰিয়ালসমূহৰ বাৰ্ষিক আয় ৩৫ৰ পৰা ৮০ লাখ টকা। এই কাৰণেই এতিয়া এই গাঁওখন এছিয়াৰ আটাইতকৈ চহকী গাঁও (Asia Richest Village) হিচাপে স্বীকৃতি লাভ কৰিছে।

মাদাভাগৰ কৃষকসকলে প্ৰথমে আলু খেতি কৰিছিল।  ১৯৫৩-৫৪ চনত ৰাম মেহতা নামৰ গাওঁখনৰ এজন বাসিন্দাই পৰীক্ষামূলকভাৱে কৰি চাইছিল আপেলৰ। পৰৱৰ্তী ৰাম মেহতাই ভাল ফলাফল লাভ কৰাত আন খেতিয়কসকলেও আৰম্ভ কৰে আপেল খেতি। লাহে লাহে সকলোৱে ইয়াত আপেল খেতি কৰিবলৈ ধৰিলে। ২০০০ চনৰ পিছত মাদাভাগৰ আপেলে দেশত স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান আধুনিক কৌশলেৰে আপেলৰ খেতি কৰে প্ৰতিজন কৃষকেই।

লগতে পঢ়ক- 

Zinger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

আপেল খেতি
আপেল খেতি

মাদাভাগৰ আপেলৰ মান উৎকৃষ্টমানৰ। গতিকে উচ্চ হাৰত বিক্ৰী হয় ইয়াৰ আপেলো। বিদেশতো মাদাভাগৰ আপেল খুবেই জনপ্ৰিয়। মাদাভাগৰ পূৰ্বে হিমাচলৰ ক্যাৰী গাঁও এছিয়াৰ আটাইতকৈ ধনী গাঁও আছিল। ক্যাৰীক আপেল খেতিৰ দ্বাৰাই এছিয়াৰ আটাইতকৈ চহকী গাঁও হিচাপে গঢ়ি তুলিছিল। মাদাভাগ আৰু ক্যাৰী গাঁৱৰ অগ্ৰগতিয়ে ইয়াৰ আশে-পাশে অৱস্থিত আন গাঁওবোৰক নতুন কিবা এটা কৰিবলৈ উৎসাহিত কৰিছে।

Madavag Village
Madavag Village

মাদাভাগ গাঁৱৰ সমীপত অৱস্থিত দশৌহি গাঁওখনো উৎকৃষ্ট মানৰ আপেলৰ বাবে সম্প্ৰতি বিখ্যাত হৈ পৰিছে। দশোলি গাঁৱত ৮০০০ৰ পৰা ৮৫০০ ফুট উচ্চতাত আপেলৰ বাগিচা অৱস্থিত। এই উচ্চতা উচ্চমানৰ আপেল উৎপাদনৰ বাবে আদৰ্শ। দশোলিৰ আপেলে আনকি কিন্নৌৰ আৰু জম্মু কাশ্মীৰৰ আপেলকো চেৰ পেলাইছে গুণগত মানৰ। ইয়াৰ মালিকসকলে কেৱল উচ্চমানৰ আপেল উৎপাদন কৰাই নহয়, প্ৰতি একৰত উৎপাদনৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। স্থানীয় ব্যৱসায়ীসকলৰ মতে, দশোলিৰ ক্ষুদ্ৰ মালিকগৰাকীয়েও ১০০০ বাকচ আপেল উৎপাদন কৰি আছে।

লগতে পঢ়ক- 

Jute cultivation : ধান খেতি কৰিব নোৱৰা দ ঠাইত কৰক মৰাপাটৰ খেতি

English Summary: Occupation of Asia Richest villagers

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.