ভাৰতৰ কৃষিখণ্ডত দেখিবলৈ পোৱা বহু সমস্যাৰ ভিতৰত কৃষিভূমিৰ খণ্ডীকৰণৰ সমস্যাও আন এটা জটিল সমস্যা। ভাৰতৰ কৃষিভূমিত এই সমস্যা থকাৰ বাবে কৃষিৰ উৎপাদন ব্যয় বৃদ্ধি পাবলৈ ধৰিছে। উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ লগে লগে কৃষিজাত সামগ্ৰীৰ দামো বৃদ্ধি পোৱাটো স্বাভাবিক। গতিকে এনেকুৱা এটা জটিল সমস্যা আমি সমাধান কৰাটো চেষ্টা কৰা উচিত।
এই কৃষিভূমিসমূহ খণ্ড খণ্ড হোৱাৰ কেইবাটাও কাৰণ বিচাৰি পোৱা যায়। প্ৰথমতে, উত্তৰাধিকাৰ আইনৰ ফলত কৃষি ভূমিৰ মালিকৰ সংখ্যা যিমান বাঢ়িছে, কৃষিভূমিসমূহ সিমানেই খণ্ড বিখণ্ড হোৱাটো পৰিলক্ষিত হৈছে। দ্বিতীয়তে, জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে কৃষিভূমিবোৰ খণ্ড খণ্ড ভাগত ভাগ হৈছে। কাৰণ বৰ্দ্ধিত জনসংখ্যা অনুপাতে ভূমিৰ আকাৰ বঢ়া নাই। ভূমি হল প্ৰকৃতিৰ দান। ইয়াৰ আকাৰ আমি বঢ়াব বা কমাব নোৱাৰো। আনহাতে দেশৰ জনসংখ্যা দিনে দিনে বৰ্দ্ধিত হাৰত বৃদ্ধি পাইছে। কৃষি প্ৰধান দেশ হিচাপে সৰহ সংখ্যক লোক আজিও কৃষিখণ্ডৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষ ভাবে জড়িত হৈ থকাৰ বাবে কৃষিভূমিবোৰ সৰু সৰু খণ্ডত পৰিণত হৈছে।
তৃতীয়তে,যৌথ পৰিয়াল ব্যৱস্থা নাইকিয়া হৈ অহাৰ লগে লগে কৃষিভূমিবোৰ খণ্ড খণ্ড গোটত পৰিণত হৈছে। বৰ্ত্ত্মান সকলোৱে স্বাধীন চেটিয়া ভাৱে নিজে নিজে বেলেগকৈ থাকিব বিচাৰে। আনহাতে বেলেগ বেলেগ কৈ থাকি কৃষিকাৰ্য্য বোৰ নিজা নিজাকৈ সম্পাদন কৰা দেখা যায়। এনেকৈ নিজাকৈ কৃষিকাৰ্য্য সম্পাদন কৰিলে কৃষিভূমিবোৰ ভাগ ভাগ কৰি লোৱা হয়। এনেদৰে কৃষিখণ্ডত প্ৰত্যেকে নিজৰ ভাগত থকা কামখিনিয়ে সম্পাদন কৰে। ইয়াৰ ফলত কৃষিভূমিবোৰ খণ্ড খণ্ড গোটত পৰিণত হৈ। চতুৰ্থতে, কুটিৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ অনুন্নত ব্যৱস্থাও কৃষিভূমিসমূহ খণ্ড খণ্ড হোৱাৰ বাবে বহু পৰিমাণে দায়ী। কাৰণ কুটিৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ বিকাশে জনসাধাৰণক ইয়াৰ পিনে আকৰ্ষিত কৰিলেহেঁতেন। অৰ্থাৎ দেশৰ জনসংখ্যা যি হাৰত বাঢ়িছে সেই হাৰত যদি সম্ভাৱনাময় কুটিৰ আৰু ক্ষুদ্ৰ উদ্যোগ সমূহৰ বিকাশ হলহেঁতেন, তেতিয়া মানুহে কৃষিখণ্ডতেই নিয়োজিত হৈ নাথাকিলহেঁতেন আৰু কৃষিভূমিসমূহো খণ্ড বিখণ্ড হোৱাৰ পৰা ৰক্ষা পৰিলহেঁতেন।
আনহাতে, পঞ্চমতে, দেখা যায় যে সকলো কৃষিভূমি সমান সাৰুৱা নহয়। ইয়াৰ কিছুমান কৃষিভূমি সাৰুৱা, কিছুমান কৃষিভূমি মধ্যমিয়া আৰু কিছুমান কৃষিভূমি অসাৰুৱা। এনে পৰিস্থিতিত গাওঁৰ দুখীয়া কৃষকসকলে লোকচানৰ ভয়ত সাৰুৱা কৃষিভূমিৰ লগত মধ্যমিয়া ভূমি বা অসাৰুৱা কৃষিভূমিসমূহ একেত্ৰীকৰণ কৰিব নিবিচাৰে। এই ক্ষেত্ৰত ভূমিৰ উৎপাদিকা শক্তিৰ পাৰ্থকেই ইয়াৰ কাৰণ হৈ পৰে। ষষ্ঠতে আমি জানো যে সকলো কৃষিভূমিত সকলো খেতি কৰিব নোৱাৰি। কিছুমান কৃষিত পানীৰ পৰিমাণ বেছি লাগে আৰু কিছুমান কৃষিভূমিত পানী কমকৈ প্ৰয়োজন হয়। এনে পৰিস্থিতিত কৃষিভূমিসমূহ একেত্ৰীকৰণ কৰি বহুফচল কৃষি (multiple cropping pattern) পদ্ধতিত কৃষিকাৰ্য্য সম্পাদন কৰিবলৈ অসুবিধা হয়। গতিকে ভূমি একেত্ৰীকৰণৰ ক্ষেত্ৰত সমস্যা আহি পৰে বাবে কৃষিভূমিসমূহ খণ্ড খণ্ড গোটত ভাগ কৰি লোৱা হয়।
লগতে পঢ়ক-
Double Cropping Farming : ডাবল ক্ৰপিং খেতিৰ প্ৰত্যাহ্বান আৰু সমাধানসূত্ৰ
সপ্তমতে গাওঁৰ দুখীয়া কৃষকসকলে আৰ্থিক অনাতনৰ বাবে বিভিন্ন কাৰণত মাটি বন্ধক বা মাটি বিক্ৰী কৰিবলৈ বাধ্য হয়। গতিকে এনেকুৱা এটা পৰিস্থিতিত তেওঁলোকৰ কৃষিভূমিৰ পৰিমাণ কমি যাব আৰু এই কমি অহা কৃষিভূমিখিনি তেওঁলোকৰ উত্তৰাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হব। সেয়েহে বাস্তৱ ক্ষেত্ৰত দেখা যায় যে স্বাভাবিকতে কৃষিভূমিবোৰ খণ্ড খণ্ড গোটত পৰিণত হব।
অষ্টমতে গাওঁৰ বেছিভাগ দুখীয়া আৰু অশিক্ষিত কৃষকে ভূমি একত্ৰীকৰণৰ সুফলসমূহ উপলব্ধি কৰিব নোৱাৰে। কৃষিভূমিসমূহ একত্ৰীকৰণ কৰি সমবায় পদ্ধতিত খেতি কৰিলে যে কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পোৱাৰ উপৰিও কৃষকৰ আয়-সঞ্চয় বৃদ্ধিত অৰিহণা যোগাব, সেইকথা বুজিবলৈ চেষ্টা নকৰে। নবমতে চৰকাৰৰ সহযোগিতাৰ অভাৱতো এই একত্ৰীকৰণ ব্যৱস্থাৰ কাৰ্য্যকৰী হোৱাত বাধাৰ সৃষ্টি হৈছে। চৰকাৰী আইন-কানুন সমূহ কেৱল থাকিলেই নহব, সেইবোৰ বাস্তৱত ৰূপায়িত কৰিব পৰাটোহে আচল কথা। আনহাতে দশমতে যিকোনো এটা কাম সমাধান কৰিবলৈ ৰাইজৰ সহায় সহযোগিতাৰ একান্তই প্ৰয়োজন। এই কৃষিভূমিসমূহ একত্ৰীকৰণৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ কৃষক ৰাইজৰ সহযোগিতাৰ অভাৱ দেখা যায়। সেয়েহে কৃষিভূমিসমূহ একত্ৰীকৰণ নহৈ খণ্ড খণ্ড গোটত পৰিণত হল।
এনেকুৱা খণ্ড খণ্ড কৃষিভূমিসমূহ আধুনিক পদ্ধতি (টেক্টৰ) প্ৰয়োগ কৰি খেতি কৰাটো সম্ভৱ নহয়। তাৰোপৰি খণ্ড খণ্ড গোট হলে বহু মাটিৰ অপচয় হয় আৰু কৃষি উৎপাদন পৰিমানো কমি যায়। এনে পৰিস্থিতিত কৃষকৰ কষ্ট বৃদ্ধি পোৱাৰ উপৰিও অধিক মূলধনো ব্যয় হয়। গতিকে, আমি খণ্ড-বিখণ্ড হৈ থকা কৃষিভূমিসমূহ একত্ৰীকৰণ কৰি কৃষিকাৰ্য্য কৰিবলৈ চেষ্টা কৰা উচিত। এনে ক্ষেত্ৰত চৰকাৰ আৰু ৰাইজৰ সহযোগিতাৰ নিতান্তই প্ৰয়োজন।
ড0 নমিতা দেৱী
সহযোগী অধ্যাপিকা, অৰ্থনীতি বিভাগ
পশ্চিম গুৱাহাটী মহাবিদ্যালয়, ধাৰাপুৰ, গুৱাহাটী-17