Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 25 November, 2024 5:09 PM IST

পুৱাই উঠি আপুনি একাপ চাহ তুলি লৈছে! চাহ কাপত এটা শোহা মাৰি আপুনি (কল্পনাতে) অসম বা দাৰ্জিলিঙ এবাৰ ফুৰি আহক। যদি আপুনি উজনী অসমলৈ যায় তেতিয়া চকুৰে মনিব নোৱৰালৈকে থকা সেউজীয়া সেউজীয়া চাহৰ বাগিচাবোৰ। আপুনি দেখিব সেউজীয়া চাহ বাগানবোৰৰ মাজে মাজে পুষ্টিহীনতাত ভুগি থকা এখিনি মানুহে এইমাত্ৰ আপুনি আদৰেৰে তুলি লোৱা চাহকাপৰ বাবে গাৰ তেজবোৰ পানী কৰা দৃশ্যবোৰ। পুষ্টিহীনতাত ভুগি থকা এখিনি মানুহে গাৰ তেজেৰে গঢ়ি তোলা এই সেউজীয়া চাহ বাগিছাবোৰে ক্ৰমশ ৰোগীয়া হ’ব ধৰা পৃথিবীখনৰ বাবে ইমিউনিটি দৰে কাম কৰি আহিছে। পৃথিবীখনৰ ইমিউনিটিৰ দৰে কাম কৰাৰ সমান্তৰালভাৱে পুষ্টিহীনতাত ভুগি থকা মানুহখিনিয়ে গঢ়ি তোলা এই চাহ বাগিচাসমূহে অসম তথা ভাৰতবৰ্ষৰ অৰ্থনীতিটো বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশ্বত প্ৰয়োজন হোৱা বৰ্তমান ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম চাহ উৎপাদনকাৰী দেশ। চাহ উদ্যোগে দেশৰ লাখ লাখ ব্যক্তিক কৰ্ম সংস্থাপন দি আহিছে, চাহ ৰপ্তানিৰ জৰিয়তে বৈদেশিক মুদ্ৰা আহৰণ আৰু ৰাজহ সংগ্ৰহো কৰে ভাৰতবৰ্ষই।

উল্লেখনীয় যে ভাৰতবৰ্ষত উৎপাদদন হোৱা ৫১ শতাংশ চাহ অসমেই উৎপাদদন কৰে। আৰু বিদেশলৈ ৰপ্তানি কৰা ১০ শতাংশ চাহ অসমে যোগান ধৰে। ইয়াৰ পাছতো কিন্তু অসমৰ চাহ উদ্যোগ ক্ষেত্ৰখনৰ লগত জড়িত মুষ্টিমেয় কেইজনমান লোকৰ বাহিৰে বাকীসকলৰ অৰ্থনৈতিক অৱস্থা দুখ লগা। মালিক আৰু মেনেজাৰ জাতীয় শ্ৰেণীটো কিন্তু চকুত লগাকৈ উন্নতি হৈছে। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকল নিজেই মালিক, নিজেই খেতিয়ক হোৱাৰ পাছতো তেওঁলোকে উন্নতি কৰিব পৰা নাই। অথচ অসমৰ চাহ উৎপাদদন ক্ষেত্ৰখনত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সহযোগিতা বহুত। ক্ষুদ্ৰ চাহ খেতিয়কসকল অসমৰ ৫২ শতাংশ চাহ (STG REPOR- 2022) উৎপাদদন কৰে। প্ৰতি মুৰ্হূততে নিজৰ প্ৰাপ্যৰ বাবে এইসকল ক্ষুদ্ৰ চাহ কৃষকে যুঁজিব লগা হয়। ক্ষুদ্ৰ খেতিয়কসকলে চৰকাৰৰ ফালৰ পৰা পাব লগা সহাঁৰি পালে নিশ্চিতভাৱে অসম উৎপাদদনৰ ক্ষেত্ৰত আৰু কিছু সফলতাৰ দিশত আগবাঢ়ি যাব।

লগতে পঢ়ক- 

বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব!

উৎপাদদনৰ ফালৰ পৰা অসম ভাৰত তথা বিশ্বৰ ভিতৰতে এখন উল্লেখনীয় ৰাজ্য যদিও গুণগত চাহ উৎপাদদনৰ ফালৰ কিন্তু আগত নহয়। পূৰ্বতে অসমৰ চাহৰ গুণগত যি মান আছিল সেয়া বৰ্তমান নাই। যাৰবাবে অসমৰ চাহে বিশ্বৰ বিভিন্নপ্ৰান্তত যি গুৰুত্ব পাব লাগে সেয়া এতিয়াও পোৱা নাই। যাৰ উদাৰহণ দাঙি ধৰে ভাৰতে বাহিৰলৈ ৰপ্তানি কৰা চাহৰ পৰিমাণ মাত্ৰ ১০ শতাংশ। কিন্তু অসমতে ভাৰতৰ ৫০ শতাংশ চাহেই উৎপাদদন কৰে। ততস্বত্তেও কিন্তু মাত্ৰ বাহিৰলৈ ৰপ্তানি হয় ১০ শতাংশহে। ইয়াৰ অন্তৰালত আছে অসমৰ চাহ খেতিয়কসকলে অধিক উৎপাদদনৰ অবৈজ্ঞানিকভাৱে ৰাসায়নিক সাৰ প্ৰয়োগ, কীটনাশক প্ৰয়োগ, চাহ খেতিত ব্যৱহাৰিকভাৱে জড়িত ব্যক্তিসকল অশিক্ষিত আৰু নিৰক্ষৰ আদি।

এটা কথা উল্লেখনীয় যে গুণগত মানৰ পৰা অসম চাহ উৎপাদদনৰ ক্ষেত্ৰত পিছ পৰি থাকিলেও পৰিমাণগত ফালৰ পৰা আগত। অসমক চাহ উৎপাদদনৰ ক্ষেত্ৰত উজ্বলাই তোলা তৃণমূলৰ পৰ্যায়ৰ ব্যক্তিসকলৰ জীৱন-ধাৰণৰ মানদণ্ড একেবাৰে নিম্ন পৰ্যায়ৰ। বহু অধিকাংশ চাহ শ্ৰমিক, তেওঁলোকৰ সন্তান শিক্ষা, স্বাস্থ্য, পুষ্টিকৰ খাদ্যৰ লগতে বহুসময়ত এজন ব্যক্ত হিচাপে কিছুমান মানৱীয় আচৰণৰ পৰা তেওঁলোক বঞ্চিত। নিৰ্বাচনৰ সময়বোৰত তেওঁলোকৰ মজুৰি বৃদ্ধি, জীৱন ধাৰণৰ মান উন্নত কৰা বিষয়বোৰকলৈ চৰ্চা হয়। প্ৰতিশ্ৰুতি দিয়ে। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছত আৰু এই বিষয়বোৰে সদনত স্থান নাপায়। বহুকেইজন চাহ জনগোষ্ঠীৰ ব্যক্তিকো তেওঁলোকে নিৰ্বাচন কৰি পঠিয়াইছে, তেওঁলোকৰ অভাৱ-অভিযোগবোৰ উপলব্ধি কৰি সমস্যাবোৰ সমাধান কৰিব বুলি। কিন্তু সেয়াও এতিয়ালৈকে হৈ উঠা নাই। চাহ জনগোষ্ঠীৰ প্ৰতিনিধিসকলো নিৰ্বাচিত হৈ নিজৰ ভাই-ভনীসকলৰ এজন বুলি পাহৰি যায়। শেষত কব লাগিব আপুনি দিনটোৰ আৰম্ভণিতে খাবলৈ পোৱা চাহ কাপ প্ৰস্তুত কৰাৰ লগত জড়িত তৃণমূল পৰ্যায়ৰ ব্যক্তিসকলৰ অৱস্থা খুৱেই বেয়া।

লগতে পঢ়ক- 

মৰুভূমিৰ জাহাজকৈ লৈ বিশ্বজুৰি নতুন চিন্তা-চৰ্চা, ৰাষ্ট্ৰসংঘৰ বিশেষ পদক্ষেপ

English Summary: Tea Labour & Fact
Published on: 25 November 2024, 05:09 IST