Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 31 January, 2025 3:25 PM IST
Some tasks that farmers should avoid doing in agricultural fields

আজি এই আলোচনাত আমাৰ কৃষকসকলে কৰিব নলগা কেইটামান কামৰ বিষয়ে আলোচনা কৰিম। ইয়াৰে বহুকেইটা কামৰ লগত আমাৰ পৃথিবীখনৰ বহনক্ষমতাৰ লগত জড়িত। পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যতৰ লগত জড়িত।

১. অতিৰিক্ত ৰাসায়নিক সাৰৰ ব্যৱহাৰ: অতিৰিক্ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটিৰ গুণাগত নষ্ট হ’ব পাৰে আৰু পৰিৱেশৰ বাবে ক্ষতিকৰ হ’ব পাৰে। অতিৰিক্ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে আপোনাৰ পৰৱৰ্তী প্ৰজন্ম বা সন্তানৰ বাবে মৰুভূমি এৰি থৈ যোৱাৰ দৰে হ’ব।

২. অনিয়ন্ত্ৰিত কীটনাশকৰ প্ৰয়োগ: অনিয়ন্ত্ৰিতভাৱে কীটনাশক ব্যৱহাৰ কৰিলে উপকাৰী পোক-পৰুৱাও মৰিব পাৰে আৰু মানুহৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।

৩.  পানীৰ অপচয় কৰিব নালাগে: পানীৰ অপচয় কৰিলে ভূগৰ্ভস্থ পানীৰ স্তৰ কমি যাব পাৰে আৰু শস্যৰ গুণাগতত প্ৰভাৱ পেলাব পাৰে। অতিৰিক্ত পানী দিলে শস্যৰ স্বাস্থ্য ভাল নহয়। গতিকে পৰাপক্ষত নষ্ট হবলৈ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব লাগে। পানীৰ অপচয় কামটোৰ পৰা কেৱল কৃষকসকলেই নহয় অন্যান্য ব্যক্তিসকলেও পানী অপচয়ৰ পৰা আঁতৰি থাকিব লাগে।

৪. একেটা শস্যৰ পুনৰাবৃত্তি কৰা: একেটা শস্য বাৰে বাৰে একোডোখৰ মাটিতে কৰিলে মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু মাটিৰ স্বাস্থ্য নষ্ট হয়। মাটিৰ গুণাগুণ ভালে ৰাখিবলৈ কৃষকসকলে মাজে মাজে মাহজাতীয় শস্য যেনে- মটৰ মাহ, মাটিমাহ, মগুমাহ জাতীয় শস্যবোৰৰ খেতি কৰিব লাগে। তেনে কৰিলে মাটিৰ স্বাস্থ্য ভালে থাকে।

৫. অনিয়ন্ত্ৰিত ভাবে জংগল কাটা: জংগল কাটিলে পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে আৰু মাটিৰ ক্ষয় বৃদ্ধি পায়। গতিকে হাবি-কাটি খেতি কৰাৰ পৰা দূৰত থাকিব লাগে। কম ঠাইতে অধিক উপাৰ্জন কৰিব পৰা আধুনিক কৃষি পদ্ধতিসমূহ কৃষিপথাৰত প্ৰয়োগ কৰিব লাগে। আৰু একেডোখৰ মাটিতে বছৰি ২ টা পৰা ৩ টা খেতি কৰিব লাগে। হাবি কাটি খেতি কৰাৰ পৰা পৰাপক্ষত আঁতৰি থাকিব লাগে।

৬. অতিৰিক্ত মাটি খনন কৰা: অতিৰিক্ত মাটি খনন কৰিলে মাটিৰ গঠন নষ্ট হ’ব পাৰে আৰু মাটিৰ উৰ্বৰতা হ্ৰাস পায়।

৭. অসময়ত শস্য চপোৱা: শস্য পকাৰ আগতেই চপোৱাত শস্যৰ গুণাগত নষ্ট হ’ব পাৰে আৰু উৎপাদনত প্ৰভাৱ পেলাব পাৰে।

এই কামবোৰ কৰিলে কৃষিৰ উৎপাদনত বাধা জন্মাব পাৰে আৰু পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সেয়েহে কৃষকসকলে এইবোৰ কাম কৰিবলৈ এৰাই চলা উচিত।

লগতে পঢ়ক- 

Profession as a farmer : কৃষিক বৃত্তি হিচাপে গ্ৰহণ কৰাৰ সুবিধাসমূহ

English Summary: Some tasks that farmers should avoid doing in agricultural fields
Published on: 31 January 2025, 03:25 IST