বহনক্ষম কৃষি হ’ল এটি কৃষি পদ্ধতি যিয়ে ভৱিয্যত প্ৰজন্মৰ নিজৰ প্ৰয়োজন পূৰোৱা ক্ষমতাৰ সৈতে কোনো আপোচ নকৰি বৰ্তমান প্ৰজন্মৰ বাবে খাদ্য আৰু কাপোৰৰ চাহিদা পূৰণ কৰাৰ বাবে ওপৰত গুৰুত্ব দিয়ে। এই ব্যৱস্হাত পৰিবেশ সুৰক্ষা আৰু মাটি, পানী, বায়ু আদি প্ৰাকৃতিক সম্পদ সমূহৰ সংৰণৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব প্ৰয়োগ কৰে।
বহনক্ষম কৃষি ব্যৱস্হাত কৃষি উৎপাদক সামগ্ৰী যেনে ৰাসায়নিক সাৰ, কীটনাশক আদিৰ ব্যৱহাৰ বৰ্জন কৰি অথবা কম কৰি প্ৰাকৃতিক আৰু পুনৰ ব্যৱহাৰযোগ্য (Renewable) সম্পদৰ ব্যৱহাৰত প্ৰাধান্য দিয়া হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্হাৰ (FAO) মতে বহনক্ষম কৃষিয়ে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ আটাইবোৰ প্ৰয়োজন পূৰোৱাৰ লগতে আৰ্থিক লাভালাভ, পৰিবেশ স্বাস্হ্য আৰু সামাজিক তথা আৰ্থিক সমতা নিশ্চিত কৰিব।
বহনক্ষম কৃষি পদ্ধতি সম্পূৰ্ণভাৱে বিজ্ঞানসম্নত। শস্য, খাদ্য মৌল, শস্য শত্ৰু, কীট পৰভোজী অথবা পৰজীৱি সমূহৰ মাজত থকা জটিল যোগসূত্ৰৰ জ্ঞান এই পদ্ধতিত ব্যৱহাৰ কৰা হয় যাতে খৰচী প্ৰযুক্তিৰ ব্যৱহাৰ (যেনে-কীটনাশক, ৰাসায়নিক সাৰ আদি) পৰিহাৰ কৰিব পাৰি। এই জ্ঞান বিভিন্ন কৃষি বিজ্ঞানৰ শাখা যেনে পতংগতত্ব, শস্য ৰোগ, পথাৰ শস্য, অপতৃণ বিজ্ঞান আদিৰ গৱেষণাৰ ওপৰত প্ৰতিষ্ঠিত। বহনক্ষম কৃষি ব্যৱস্হা অধিক বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠা কৰিবৰ বাবে অৱশ্যে এতিয়াও বহুখিনি কৰিবলগীয়া আছে।
বহনক্ষম কৃষি ব্যৱস্হাৰ মূল লক্ষ্যঃ
বহনক্ষম কৃষিৰ কেইটামান প্ৰধান লক্ষ্য হ’ল-
১) কৃষকৰ আৰ্থিক লাভালাভ
২) পানীৰ সংৰক্ষণ আৰু পানীৰ উচিত ব্যৱহাৰৰ ব্যৱস্হাপনা
৩)পৰিবেশত কাৰ্বনৰ পৰিমান হ্ৰাস কৰা
৪) ভূমি স্বাস্হ্য সঠিকভাৱে বজাই ৰখা
৫) শস্যাবৰ্তনৰ জৰিয়তে শস্যৰ খাদ্য মৌলৰ অৱক্ষয় ৰোধ কৰা
৬) সামাজিক আৰু অৰ্থনৈতিক সমতা ৰক্ষা কৰা।
জৈৱিক কৃষি বনাম বহনক্ষম কৃষিঃ
জৈৱিক কৃষিৰ ক্ষেত্ৰত কৃত্ৰিম ৰাসায়নিক সাৰ, কীটনাশক আদি শস্যত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হয়। একেদৰে পশুপালনৰ বাবে এণ্টিবায়টিক ঔষধ ব্যৱহাৰ কৰিব নোৱাৰি। তাৰোপৰি জৈৱিক শস্য হিচাপে বজাৰজাত কৰাত তিনি বছৰ আগেয়ে কৃষকে নিজৰ পথাৰখন ৰাসায়নিক মুক্ত বুলি প্ৰমাণীকৰণ কৰাটো বাধ্যতামূলক।
কিন্তু বহনক্ষম কৃষি ব্যৱস্হাত এনে কোনো নিশেধাজ্ঞা প্ৰজোয্য নহয়। এই ব্যৱস্হাত ৰাসায়নিক কৃষি উপাদানৰ ব্যৱহাৰ নিম্নতম কৰি পূনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ ব্যৱহাৰত অধিক গুৰুত্ব আৰোপ কৰা হয়।
বহনক্ষম কৃষিত কেচুঁৰ ভূমিকাঃ
কেছুঁ হ’ল বহনক্ষম কৃষি ব্যৱস্হাৰ এক মূল উপাদান। কেছুঁৱে মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে আৰু মাটিৰ উৰ্বৰতা গুণ স্হিৰ কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গৱেষক সকলৰ ধাৰণা অনুসৰি কেছুঁৰ দ্বাৰা উদ্ভিদলৈ লাইট্ৰ’জেন আৰু কাৰ্বন দ্ৰুত হাৰত স্হানান্তৰ হয়। কেচুঁ আৰু জীৱানুৱে একেলগে পচন ক্ৰিয়া সংঘটিত কৰি জৈৱিক আৰু আৱৰ্জনাক পুষ্টি সমৃদ্ধ সামগ্ৰীলৈ ৰুপান্তৰ কৰে।
তদুপৰি কেচুঁৱে মাটিৰ পৃষ্ঠত শৌচ-পদাৰ্থ বা VERMICAST জমা কৰে। এই ভাৰ্মিকাষ্টত যথেষ্ট পৰিমাণে N, P, K থাকে যিবোৰ উদ্ভিদৰ বাবে সহজে উপলব্ধ। ভাৰ্মিকাষ্টত পোৱা হিউমিক এছিড আৰু উদ্ভিদৰ বিকাশত সহায় কৰা হৰ্মমোনে শস্যৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে। বিভিন্ন প্ৰজাতিৰ কেচুঁ ব্যৱহাৰ কৰি উৎপাদন কৰা কেচুঁসাৰ প্ৰয়োগ কৰিলে মাটিৰ স্বাস্হ্য দীৰ্ঘদিনৰ বাবে অটূত থাকে।
বহনক্ষম কৃষিত পানী সংৰক্ষণৰ ব্যৱস্হাঃ
শস্য উৎপাদনৰ বাবে পানী অপৰিহাৰ্য উপাদান। সময়ৰ অগ্ৰগতিৰ লগে লগে ভূগৰ্ভস্হ ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ কমি আহিছে। অদূৰ ভৱিষ্যতে আমি পানীৰ মহাসংকটত ভূগিব লাগিব। সেয়ে সময় থাকোতে পানী সংৰক্ষণ জৰুৰী হৈ পৰিছে-
বহনক্ষম কৃষি ব্যৱস্হাত পানী সংৰক্ষণৰ কিছুমান উপায় হৈছে-
১) টোপাল জলসিঞ্চন ব্যৱস্হা (Drip Irrigation): এই ব্যৱস্হাত সস্যৰ কেৱল শিপা অঞ্চলত পানী যোগান ধৰি পানীৰ অপচয় ৰোধ কৰিব পাৰি।
২) সঞ্চয় পুখুৰীঃ বাৰিষা কালত বাগৰি যোৱা বৰষুণৰ অতিৰিক্ত পানীভাগ খাল, পুখুৰী আদিত সঞ্চয়ৰ ব্যৱস্হা কৰি খৰালি কালত ব্যৱহাৰ কৰিব পাৰি।
৩) বতৰৰ আগজাননী অনুসৰি জলসিঞ্চন কৰাঃ বৰষুণ হোৱাৰ সম্ভাৱনা থাকিলে জলসিঞ্চন দিয়াৰ পৰা বিৰত তাকিব লাগে যাতে পানীৰ অপচয় নহয়।
৪) থলুৱা শস্য অথবা খৰাং প্ৰতিৰোধী শস্যৰ খেতিঃ যিবোৰ শস্যক কম পানীৰ প্ৰয়োজন হয় তেনে শস্য শস্যক্ৰমত কৰিলে পানীৰ অপচয় ৰোধ কৰিব পাৰি।
লগতে পঢ়ক-
Rabbit farming for business : ব্যৱসায়িক ভিত্তিত শহা পহু পালন
খাদ্য সুৰক্ষাত বহনক্ষম কৃষিৰ ভূমিকাঃ
বৰ্তমান বতৰৰ পৰিবৰ্তনৰ পৰিস্হিতিত খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ জলবায়ু সহনশীল কৃষিৰ অতি আৱশ্যক। জলবায়ু সহনসীল কৃষি ব্যৱস্হা বহনক্ষম কৃষিৰেই অংশ। এই কৃষি ব্যৱস্হা বিশেষভাৱে তৈয়াৰ কৰা হৈছে যাতে ই পৰিবৰ্তিত বতৰৰ প্ৰত্যাহ্বানবোৰ প্ৰতিহতত কৰিব পাৰে আৰু প্ৰতিকূল বতৰৰ পৰিস্হিতিতো শস্য উৎপাদন অব্যাহত ৰাখিব পাৰে।
বহনক্ষম কৃষিয়ে নিম্নোক্ত ব্যৱস্হা সমূহৰ যোগেদি খাদ্য সুৰক্ষাত সহায় কৰিব-
১) শস্যৰ ফচল বৃদ্ধিঃ বহনক্ষম কৃষি পদ্ধতি যেনে শস্য বৈচিত্ৰতা, সমন্বিত কীটশত্ৰু নিৰাময় ব্যৱস্হাপনা আদিৰ প্ৰয়োগে শস্যৰ ফলন বৃদ্ধি কৰিব। ই বৰ্ধিত জনসংখ্যাৰ বাবে প্ৰয়োজন হোৱা খাদ্য বৰ্ধিত চাহিদা পূৰম কৰিব।
২) সহনশীলতা বৃদ্ধিঃ খৰাং প্ৰতিৰোধী অথবা বানপানী সহনশীল শস্যৰ খেতিয়ে বতৰৰ পৰিবৰ্তনৰ বিৰুদ্ধে কৃষি ক্ষেত্ৰত সহনশীলতা বৃদ্ধিত সহায় কৰিব।
বতৰৰ পৰিবৰ্তন মোকাবিলা কৰা অন্য কিছুমান পদ্ধতি হ’ল-
১) মাটিৰ স্বাস্হ্য উন্নত কৰিবলৈ শস্যাবৰ্তন ব্যৱস্হা
২) মাটিৰ অৱক্ষয় ৰোধ কৰিবলৈ ঢাকনি শস্য (Cover Crop) ৰ খেতি
৩) শস্য আৰু পশুপালন একত্ৰিকৰণ
৪) ৰাসায়নিক ব্যৱহাৰ নকৰাকৈ কীট আৰু বেমাৰ নিয়ন্ত্ৰন
৫) পানীৰ অপচয়ৰোধী জলসি়ঞ্চন ব্যৱস্হা ইত্যাদি।
বহনক্ষম কৃষিত জৈৱ বৈচিত্ৰতাৰ গুৰুত্বঃ
মানুহকে ধৰি পৃথিৱীত থকা সকলো জীৱৰে জীৱন প্ৰক্ৰিয়াৰ বাবে জৈৱ বৈচিত্ৰতা অতিকৈ প্ৰয়োজনীয়। পশু, গছ, অনুজীৱৰ বহল পৰিসৰৰ বৈচিত্ৰতা অবিহনে আমি স্বাস্হ্যকৰ পৰিবেশ তন্ত্ৰ পাব নোৱাৰো যিয়ে আমাক উশাহ নিশাহৰ বাবে বায়ু খাবলৈ শস্য দিছে। জৈৱ বৈচিত্ৰ কৃষিৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ ই স্বাস্হ্যকৰ মাটি গঢ়াত সহায় কৰে, বিভিন্ন পৰাগবাহী কীট অথবা বেমাৰ নিয়ন্ত্ৰনকাৰী অনুজীৱ বহন কৰে। অধিক জৈৱ বৈচিত্ৰপূৰ্ণ ঠাইৰ মাটিবোৰ স্বাস্হ্যকৰ আৰু উৰ্বৰ হয়। ইয়াত উৎপাদিত শস্য পুষ্টিদায়ক হয়। জৈৱ বৈচিত্ৰতাই খাদ্যৰ পৰ্যাপ্ততা নিশিচতকৰণত প্ৰভূত অৰিহণা যোগায়। পশু, মাছ, শস্যৰ বৈচিত্ৰতা অবিহনে মানুহৰ অনুখাদ্যৰ প্ৰয়োজন পূৰাব নোৱাৰি। জৈৱ বিচিত্ৰতাৰ অৱক্ষয়ে পৰিবৰ্তনশীল নতুন অৱস্হা (যেনে বতৰৰ পৰিবৰ্তন)ৰ সৈতে খাপ খাই পৰিবলৈ কৃষি ব্যৱস্হাৰ ক্ষমতা হ্ৰাস কৰিব। কীটশত্ৰু আৰু ৰোগৰ প্ৰাদূৰ্ভাৱে খাদ্য সুৰক্ষা আৰু জীৱন নিৰ্বাহত বিপদৰ সৃষ্টি কৰিব।
বহনক্ষম কৃষি ব্যৱস্হাত সৌৰ শক্তিৰ ব্যৱহাৰঃ
আমাৰ সকলোৱে জ্ঞত যে সৌৰ শক্তি প্ৰযুক্তি আৰু শক্তি কেন্দ্ৰ সমূহে সেউজ গৃহ গেছ (Green House gas) উৎপন্ন নকৰে আৰু সেয়ে ই প্ৰদূষণ নকৰে। সৌৰশক্তি হল অবিৰত আৰু নিকা শক্তিৰ উৎস যিয়ে পৰিবেশ আৰু বায়ুমণ্ডলত কোনো কু প্ৰভাৱ নেপেলায়। সৌৰ শক্তি মূলতঃ হ’ল Photovoltaic ব্যৱস্হা অৰ্থাৎ পোহৰৰ প্ৰভাৱত বৈদ্যুতিক শক্তিৰ সৃষ্টি হয়।
বহনক্ষম কৃষি ব্যৱস্হাত সৌৰ শক্তিৰ ব্যৱহাৰ এক দীৰ্ঘম্যাদী সম্ভাৱনীয় সমাধান হব পাৰে। সৌৰ শক্তিৰ দ্বাৰা উৎপন্ন হোৱা বৈদ্যুতিক শক্তিৰে পানীৰ পাম্প আৰু পানী ৰাহিকাৰক জলসিঞ্চন প্ৰযুক্তিসমূহ চালিক কৰি শস্য উৎপাদনৰ লগতে খাদ্য সংসাধন আৰু সঞ্চয় কৰিব পাৰি। বেছিভাগ কৃষি পামতে জীৱাষ্ম-ইন্ধন ((পেট্ৰল-ডিজেল) ব্যৱহাৰ কৰা হয় যিয়ে সেউজগৃহ গেছ নিৰ্গত কৰি বায়ুমণ্ডল প্ৰদূষিত কৰে আৰু বতৰ পৰিবৰ্তনত অৰিহণা যোগায়। সৌৰশক্তিয়ে ইয়াৰ বীপৰীতে কাৰ্বনৰ মাত্ৰা কমাই বতৰ পৰিবৰ্তনৰ প্ৰভাৱ প্ৰশমিত কৰাত সহায় কৰিছে।
বহনক্ষম কৃষিৰ সংজ্ঞা স্হান পৰিবেশভেদে ভিন্ন ধৰণ আৰু এই ব্যৱস্হাত বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয়। বহু সময়ত ৰাসায়নিক দ্ৰব্যৰ সংয়ত ব্যৱহাৰ মানি চলা নহয়। কৃষকৰ বাবে কাৰ্যক্ষেত্ৰত বহনক্ষম ব্যৱস্হা গঢ় লৈ উঠিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব।
বিপুল কুমাৰ দাস
বিষয় বিশেষজ্ঞ (শস্যৰক্ষা বিভাগ)
মেৰী সাোধনা শৰ্মা
বিষয় বিশেষজ্ঞা (শস্য উৎপাদন বিভাগ)
লগতে পঢ়ক-