1. News

খেতি পথাৰৰ চাৰিসীমাত বৃক্ষ ৰোপণ কৰা কৃষকলৈ ২৫০০০ টকাৰ ৰাজসাহায্য

KJ Staff
KJ Staff
Eucalyptus
Eucalyptus

কৃষকসকলৰ উপাৰ্জন দুগুণ কৰিবলৈ, এতিয়া কাঠ উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কৃষকসকলক পথাৰৰ সীমাত কাঠ উৎপাদক উদ্ভিদ ৰোপণ কৰিবলৈ অনুপ্ৰাণিত কৰা হৈছে। এনে কিছুমান উদ্ভিদ খেতিপথাৰৰ চাৰিসীমাত ৰোপণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যি উদ্ভিদ ৫ বছৰত একোজোপা বিশাল গছ হৈ পৰে। এই গছবোৰে পথাৰবোৰ সুৰক্ষিত কৰি ৰখাত সহায় কৰাৰ লগতে কাঠ উৎপাদনৰ পৰা ভাল লাভ হয়। ভাল কথাটো হ'ল- চৰকাৰে এনে গছ ৰোপণ কৰা কৃষকসকলক আৰ্থিক সাহায্য দি আছে। ছত্তীশগড় চৰকাৰে মুখ্যমন্ত্ৰী বৃক্ষ সম্পদ যোজনা আৰম্ভ কৰিছে, যাৰ অধীনত কৃষকসকলক ইউকেলিপ্টাছ খেতি কৰাৰ বাবে ২৫০০০ টকাৰ ইনচেণ্টিভ দিয়া হৈছে। কেৱল এয়াই নহয়, গছ-গছনি গজাৰ পাছত কৃষকসকলে কাঠ বিক্ৰী কৰিবলৈ ঘূৰি ফুৰিব নালাগে, কিন্তু গোটেই কাঠৰ উৎপাদিত সামগ্ৰীও ক্ৰয় কৰা হ'ব।

ইউকেলিপ্টাছ গছ কিয় বিশেষ?

ইউকেলিপ্টাছক নীলগিৰি বুলিও কোৱা হয়। এই বিশাল গছবোৰৰ কাণ্ডটো আচবাবৰ পৰা অট্টালিকালৈকে সকলো তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইউকেলিপ্টাছৰ পাতৰ পৰা এক বিশেষ তেলো আহৰণ কৰা হয়, যি চৰ্দিৰ লগতে ডিঙি, নাক, বৃক্ক আৰু পাকস্থলীৰ সৈতে সম্পৰ্কিত ৰোগত ৰামবাণ হিচাপে কাম কৰে।

এই গছৰ পৰা ওলোৱা আঠাৰ উপৰি, বাকলিৰ পৰা কাগজ আৰু চামৰা তৈয়াৰ কৰা হয়। ইউকেলিপ্টাছ গছ ৰোপণ কৰাৰ পাছত গছজোপা ৫ বছৰৰ ভিতৰত ৪০০ কিলোগ্ৰাম লৈকে কাঠ উৎপাদন কৰিব পৰা হয়। ইউকেলিপ্টাছৰ ১০০০ টা গছপুলি ১ একৰ মাটিত ৰোপণ কৰিব পাৰি, যাৰ কোনো যত্ন ল'ব নালাগে।

ইউকেলিপ্টাছ খেতিৰ বাবে ৰাজসাহায্য

ছত্তীশগড় চৰকাৰে ইউকেলিপ্টাছ খেতি কৰা কৃষকসকলক মুখ্যমন্ত্ৰীৰ বৃক্ষ সম্পদ যোজনাৰ অধীনত ২৫,০০০ টকাৰ ৰাজসাহায্য ঘোষণা কৰিছে, অৱশ্যে এই পৰিমাণ কৃষকসকলক একেলগে দিয়া নহ'ব,  ইয়াক ৩ টা কিস্তিত পৰিশোধ কৰা হ'ব।

প্ৰথম কিস্তি হিচাপে, প্ৰথম বছৰত ১১,০০০ টকাৰ অনুদান দিয়া হ'ব।  দ্বিতীয় বছৰত ৭০০০ টকা আৰু তৃতীয় বছৰতো ৭০০০ টকাৰ কিস্তি প্ৰদান কৰা হ'ব, অৱশ্যে প্ৰথম বছৰৰ বিত্তীয় সাহায্যৰ পিছত, দ্বিতীয় আৰু তৃতীয় বৰ্ষৰ ৰাজসাহায্যৰ পৰিমাণ জীৱিত উদ্ভিদৰ আধাৰত আৱণ্টন কৰা হ'ব।

কেনেদৰে প্ৰয়োগ কৰিব লাগে

প্ৰধানমন্ত্ৰী বৃক্ষ সম্পদ যোজনাৰ অধীনত, কেৱল ছত্তীশগড়ৰ কৃষকসকলক নীলগিৰি খেতিৰ ৰাজসাহায্যৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। যদি আপুনি ছত্তীশগড়ৰ বাসিন্দা আৰু আপোনাৰ কৃষিযোগ্য ভূমি আছে, তেনেহ'লে আপুনি ৰাজসাহায্যৰ সুবিধা ল'বলৈ আপোনাৰ নিকটতম বন বিভাগৰ কাৰ্যালয়ত আবেদন কৰিব পাৰে।

এই উদাহৰণ গ্ৰহণ কৰি অসম চৰকাৰেও এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে কৃষকসকল উপকৃত হোৱাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ই এক ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰিব।

লগতে পঢ়কঃ Aeroponics Potato Farming: মাটি অবিহনে বতাহতে আলু খেতি কৰি ১০ গুণ বেছি উপাৰ্জন কৰক

English Summary: 25000 subsidy for farmers to plant tree around farmland

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.