Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 December, 2022 2:56 PM IST
covid

চুবুৰীয়া দেশ চীনত ক’ভিড ৰোগী বৃদ্ধি পোৱাৰ সময়তে ৰাজ্যসমূহক ক’ভিড সম্পৰ্কীয় যিকোনো জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হ’বলৈ ছটা নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। চীনত বিয়পি পৰা ক’ভিডৰ BF.7 ষ্ট্ৰেইনৰ কেইটামানহে সংক্ৰমণ ভাৰতত ধৰা পৰিছে যদিও আগতীয়া সাৱধানতা হিচাপে এই পৰামৰ্শসমূহ কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহক দিছে।

চীন, জাপান, দক্ষিণ কোৰিয়া, হংকং আৰু থাইলেণ্ডৰ পৰা অহা সকলো ভ্ৰমণকাৰীয়ে Covid certificate নেগেটিভ দেখুৱাব লাগিব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই আজি প্ৰকাশ কৰে

সেই দেশসমূহৰপৰা অহা যাত্ৰীসকলৰ মাজত ক’ভিডৰ লক্ষণ দেখা গ’লে কোৱাৰেণ্টাইনত ৰখা হ’ব বুলি স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডৱিয়াই জানিবলৈ দিয়ে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয়, ‘যদি সেই দেশবোৰৰ যাত্ৰীসকলৰ মাজত ক’ভিডৰ লক্ষণ দেখা যায় বা ক’ভিড পৰীক্ষাৰ ফলাফল ইতিবাচক হয় তেন্তে তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হ'ব।‘

২০২১ চনৰ মাজভাগত ভাৰতত দ্বিতীয় ঢৌৰ প্ৰাৰম্ভিক দিনবোৰত অক্সিজেনৰ অভাৱ প্ৰথমতে এটা ডাঙৰ সমস্যা আছিল।

স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মনোহৰ আগনানীয়ে ৰাজ্যসমূহলৈ লিখা পত্ৰখনত কয়, "যদিও দেশত কোভিডৰ কেচ কম আৰু এতিয়ালৈকে বৃদ্ধি হোৱা নাই, তথাপি ভৱিষ্যতে উদ্ভৱ হোৱা যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ, এই চিকিৎসা আন্তঃগাঁথনিসমূহৰ কাৰ্যকৰীকৰণ আৰু তত্বাৱধান অতি গুৰুত্বপূৰ্ণ।"

চিকিৎসা অক্সিজেন ব্যৱস্থাপনা সন্দৰ্ভত চৰকাৰৰ শেহতীয়া পৰামৰ্শ অনুসৰি পিএছএ প্ৰকল্পসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰাখিব লাগিব আৰু সেইবোৰ পৰীক্ষা কৰিবলৈ নিয়মীয়াকৈ অনুশীলন কৰিব লাগে।

পি.এছ.এ. বা প্ৰেছাৰ ছুইং এডজৰ্পচন হৈছে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা পৰিৱেশৰ বায়ু, বায়ুৰ পৰা নাইট্ৰজেন পৃথক কৰিবলৈ এক আভ্যন্তৰীণ পৰিস্ৰাৱন প্ৰণালীৰ মাজেৰে পাৰ হয়, বাকী থকা অক্সিজেনক এক জ্ঞাত বিশুদ্ধতালৈ কেন্দ্ৰীভূত কৰে।

লিকুইড মেডিকেল অক্সিজেনৰ পৰ্যাপ্ততা নিৰৱচ্ছিন্ন যোগান শৃংখলাৰ উপলব্ধতা নিশ্চিত কৰিব লাগে বুলিও চৰকাৰে পত্ৰখনত কয়।

বেকআপ ষ্টক আৰু শক্তিশালী ৰিফিলিং প্ৰণালীৰ সৈতে অক্সিজেন চিলিণ্ডাৰৰ পৰ্যাপ্ত ইনভেণ্টৰী বজাই ৰাখিবলৈ নিৰ্দেশনাত কোৱা হৈছে।

চীন আৰু আন ঠাইত হঠাতে সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে এতিয়ালৈকে কোভিড কেচৰ জিনম ছিকুৱেঞ্চিং বৃদ্ধি কৰিছে।

সমগ্ৰ চীনত ক’ভিড বাঢ়ি আহিছে।চীন চৰকাৰে বহু বছৰৰ লকডাউন, সংৰক্ষণ আৰু গণ পৰীক্ষা উঠাই লোৱাৰ আকস্মিক সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত শ্মশান আৰু চিকিৎসালয়সমূহে অত্যধিক ক’ভিড সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।

লগতে পঢ়কঃ ওড়িশাত 'সুবৰ্ণ কৃষি মেলা ২০২২'ৰ আজি দ্বিতীয়টো দিন

English Summary: Focus On Oxygen, Mandatory Test For China Arrivals: India's Covid Steps
Published on: 24 December 2022, 02:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now