Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 13 May, 2025 6:49 PM IST
Farmers in Peril: Evaluating the Flaws in Assam’s Agricultural Policies

অসমৰ অৰ্থনীতিৰ মূল ভেঁটি হৈছে কৃষি। ৰাজ্যৰ সৰহ সংখ্যক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু দুখৰ বিষয় হ’ল, অসম চৰকাৰে কৃষকসকলৰ সমস্যা সমাধানৰ বাবে যি নীতি আৰু আঁচনি হাতত লৈছে, সেয়া প্ৰায়েই পৰ্যাপ্ত নহয় আৰু আঁচনি অনুসৰি কাম নহয়। ফলত অন্য ৰাজ্যৰ তুলনাত অসমৰ কৃষক আৰু কৃষিখণ্ড বহু পিছ পৰা।

অপৰ্যাপ্ত আঁচনি আৰু ভুৱা প্ৰলাপ

চৰকাৰে কৃষকসকলৰ বাবে বিভিন্ন আঁচনিৰ কথা কয়—যেনে, কৃষকৰ আয় দুগুণ কৰা, বিনামূলীয়া সাৰ-বীজ বিতৰণ, পথাৰে জলসিঞ্চন ব্যৱস্থা কৰা, অসমৰ কৃষি পথাৰত ডাবল ক্ৰপিং খেতি কৰা আদিবোৰ মাত্ৰ নিৰ্বাচনৰ প্ৰচাৰ সভাসমূহৰ বক্তৃতাত আৰু বিজ্ঞাপনতে সীমাৱদ্ধ। বাস্তৱত শূন্য বুলি কলেও বঢ়াই কোৱা নহ’ব। কিন্তু প্ৰকৃততে এই আঁচনিবোৰ গাঁৱলীয়া স্তৰলৈ বা কৃষকৰ ওচৰ নাপায়গৈ। প্ৰকৃত কৃষকসকলে এই সুবিধাবোৰ পোৱাৰ পৰিবৰ্তে, মাথোঁ ৰাজনৈতিক নেতা, পালি নেতা আৰু তেওঁলোকৰ আত্মীয় কুটুম্ব আৰু ৰাজনৈতিক সম্বন্ধ থকা লোকেহে ইয়াৰ সুফল ভোগ কৰে। কিছুমান আঁচনি কাগজত মাথোঁ থাকে, কাৰ্যকৰী হয় নাইবা অতি কম পৰিমাণে হয়।

জলসিঞ্চনৰ সুবিধাৰ অভাৱ

অসমৰ বেছিভাগ খেতি পৰম্পৰাগত বৰষুণৰ ওপৰত নিৰ্ভৰশীল। চৰকাৰে জলসিঞ্চনৰ সুবিধা বৃদ্ধিৰ বাবে বহুতো কথা কয়, কিন্তু মাত্ৰ পথাৰতহে পানী নাপায় গৈ। ফলত খৰাং বতৰত কৃষকসকলে ধান, শাক-পাচলি আদিৰ যথেষ্ট ক্ষতিৰ মুখামুখি হ’ব লগা হয়।

মাৰ্কেটিং আৰু দৰ নিশ্চিততাৰ অভাৱ অসমৰ কৃষকসকলে উৎপাদিত শস্যৰ ন্যায্য মূল্য পোৱাটো এক ডাঙৰ সমস্যা। MSP আৰু APMCৰ ব্যৱস্থা দুৰ্বল। ফলত মধ্যস্থতাকাৰীসকলে কৃষকসকলক ঠগি কম দৰত শস্য কিনি লয়। চৰকাৰে কৃষকসকলক প্ৰত্যক্ষভাৱে বজাৰৰ সৈতে সংযোগ কৰিবলৈ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। কৃষি ঋণ আৰু পুনৰ্স্থাপনৰ সমস্যা কৃষকসকলে সহজ সুবিধাৰে ঋণ পোৱাটো কঠিন। বেংক আৰু চৰকাৰী সংস্থাবোৰত জটিল প্ৰক্ৰিয়া আৰু দুৰ্নীতিয়ে কৃষি ঋণৰ সুবিধা সীমিত কৰি ৰাখিছে। তাৰোপৰি, বান, বৰষুণৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৃষকসকলক দ্ৰুত পুনৰ্স্থাপন সহায় নোপোৱাটোৱে চৰকাৰৰ উদাসীনতাৰ প্ৰমাণ দিয়ে। উপসংহাৰ অসম চৰকাৰে কৃষি খণ্ডৰ উন্নয়নৰ বাবে যথেষ্ট গুৰুত্ব নিদিয়াটো স্পষ্ট। কৃষকসকলৰ সমস্যা সমাধানৰ বাবে কেৱল ঘোষণামূলক নীতি নহয়, প্ৰকৃত কাৰ্যকৰী পদক্ষেপৰ প্ৰয়োজন। পানীৰ সুবিধা বৃদ্ধি, ন্যায্য বজাৰ ব্যৱস্থা, সহজ ঋণ সুবিধা আৰু দুৰ্যোগ পৰিচালনা ব্যৱস্থা শক্তিশালী কৰিলেহে অসমৰ কৃষি আৰু কৃষকসকলৰ অৱস্থাৰ উন্নতি ঘটিব।

লগতে পঢ়ক- 

Rich Farmer : সকলো কৃষকেই ধনী হ’ব পাৰিব! মাত্ৰ এইকেইটা কাম কৰক

English Summary: Farmers in Peril: Evaluating the Flaws in Assam’s Agricultural Policies
Published on: 13 May 2025, 06:49 IST