প্ৰতিমাহে ফেচবুকৰ পৰা ৫০,০০০/- কেনেকৈ উপাৰ্জন কৰিব পাৰি জানো আহক৷ প্ৰতিটো লাইন মন দি পঢ়িব যদি সঁচাই পইছা ঘটিব বিছাৰে।
ফেচবুক আইডি এটা Professional Mode On কৰাৰ লগে লগে ডিজিটেল মুড লৈ পৰিবৰ্তন হয় । মানে আপোনাৰ আইডিখন পেইজলৈ ৰূপান্তৰ হয় । যেতিয়া Page লৈ কনভাৰ্ট হ’ব তেতিয়া ফেচবুকে আপোনাক কিছুমান Task দিব । সেইবোৰ আপোনাৰ পূৰণ কৰিব লাগিব ।
Task বোৰ এনেদৰে হ'বঃ
- ২০ জন নতুন ফ’লোৱাৰ বনোৱা
- ২৫ টা কমেন্ট লিপ্লাই কৰা
- ফেচবুক আইডিৰ ইনচাইট ভিজিট কৰা
- ৭ টা পাবলিক ৰিল এৰা
আৰু বহুতো আছে । মই উল্লেখ কৰা নাই। এইবোৰ কৰাৰ পিছত আপোনাক ৩ লেবেল পাৰ কৰা বুলি দেখুৱাব আৰু আপুনাৰ প্ৰফাইল Earning ৰ বাবে উপযুক্ত হৈছে বুলি দেখুৱাব । তাৰ পিছত আহিব সপ্তাহিক চেলেঞ্জ। মানে প্ৰতি সপ্তাহত আপোনাক এনেদৰে চেলেন্জ দি যাব আৰু আপুনি সেইবোৰ পূৰণ কৰিব লাগিব।পুৰণ কৰিলে আপোনাক এটা এটাকৈ Achievement পোৱা বুলি দেখুৱাব। আৰু যদি পূৰণ কৰিব নোৱাৰে আপুনি যিমান ষ্টেপ গৈছিলে তাৰ পৰা এটা ষ্টেপ নমাই দিব আকৌ সেইখন পূৰাব নোৱাৰিলে আকৌ এটা ষ্টেপ নমাই দিব। এইখিনি লৈকে ঠিকেই আছিল ইয়াৰ পিছত আহিব Meta verified কৰিবলৈ দিব যিটো ১৪ দিন বিনামূলীয়া বুলি ক’ব। তাৰ পিছত সেইখনত ৬০০ টকা মাহে আপুনাক ফেচবুকক দিব লাগিব । সেইখন কৰিলে আপোনাৰ প্ৰফাইলৰ ওচৰত এটা নীলা ৰঙৰ (ব্লু টিক)আহিব।
ইয়াৰ মাজতে আকৌ আপোনাক ষ্টাৰ গোটাবলৈ ক’ব। প্ৰথমে আপোনাক ১ টা ষ্টাৰ ল’বলৈ ক’ব তাৰ পিছত ১০০ ষ্টাৰ ল’বলৈ ক’ব । এতিয়া কথা হ’ল ষ্টাৰতো আপুনাক ফেচবুকে নিদিয়ে তাৰ বাবে আপুনাৰ বন্ধু বান্ধবীয়ে ষ্টাৰ কিনিব লাগিব। যেতিয়া ষ্টাৰ কিনিবলৈ যাব Phone pay, Google pay ব্যবহাৰ কৰিব আৰু তাৰ মাধ্যমৰে ফেচবুকক পইছা দিব। এই ষ্টাৰৰ পইছা ফেচবুকে পাব । এটা ষ্টাৰ প্ৰথমতে ১ টকা দেখাব পিছত ২ টকাকৈ কিনিব । ২ টকাকৈ এটা ষ্টাৰ কটাৰ পিছত যাক আপুনি দিব তেওঁ তাৰ পৰা ০.৫ পইছা হে পাব ।বাকী ১ টকা ৯৫ পইছা ফেচবুকে ল’ব । আৰু শুনিব আকৌ ষ্টাৰবোৰ ২৫ ডলাৰ হ’লেহে উঠাব পাৰিব । কিছুমান আইডিত আকৌ ১০০ ডলাৰ কৰি থৈ দিয়ে।
লগতে পঢ়ক-
Sugarcane Farming : ছয় পো ছয় নাতি তেহে কৰিব খেতি! কথাষাৰ কিমান সঁচা!
কোনোবা ব্যক্তিয়ে আপোনাক ষ্টাৰ দিছে মানে তেওঁৰো আপোনাৰ পৰা ষ্টাৰ পোৱাৰ আশা ৰাখিছে। নহ’লে এবাৰ দুবাৰ ষ্টাৰ দি চাব পিছত আৰু নিদিয়ে। ইয়াৰ মাজত ব্যক্তিজনে ষ্টাৰ খুজিব নোৱাৰিব পলিচি লগাই দিব ফেচবুকে সেই ব্যক্তিৰ আইডিত । যিয়ে খুজিব তেওঁৰো প্ৰবলেম হ’ব। এতিয়া মূল কথাটো হ’ল সেই ব্যক্তিজনক ষ্টাৰ দিবলৈ আপোনাৰো মন যাব কাৰণ ব্যক্তিজনে আপোনাক সহায় কৰিলে এতিয়া আপুনিও কৰিব । এইটো কৰিবলৈ যাওতে আপোনিও ষ্টাৰ কিনি ফেচবুকক দিব পইচা। গতিকে ফেচবুকে আপোনাৰ আৰু আপোনাৰ বন্ধু দুয়োজনৰ পৰা টকা আদায় কৰিলে । এতিয়া ভাবক ফেচবুকে আপোনাক পইছা দিছেনে । নে আপুনি ফেচবুকক দিছে।
ইয়াৰ পিছত Subcription বুলি এটা Monitization tool দিব । যিটোৰ অৰ্থ কোনোবাই আপোনাক Subscribe কৰিব লাগিব । আৰু যিয়ে কৰে তাৰ আইডিৰ পৰা মাহে ৮৯ টকাকৈ কাটিব ফেছবুকে । তাৰে ৫০% হে আপুনি পাব বাকী ফেচবুকে ল’ব । আৰু যিয়ে Subscribe কৰিব এইটো অট ৰিনুৱেল হ’ব । প্ৰতি মাহে মাহে কাটি থাকিব । এতিয়া কথা হ’ল কোনোবাই আপোনাক ৮৯ টকা মাহে মাহে কিয় দিব। আকৌ সেইটো পূৰণ কৰিব নোৱাৰিলে আপোনাক এটা ষ্টেপ তললৈ নমাই দিব ।
ইয়াৰ পৰা ফেচবুকে পইছা দিছে নে নিছে নিজে ভাবি চাব ।
ইয়াৰ পিছত ফেচবুকে আপোনাক Ads on Reels মনিটাইজেশন দিব । তাৰ বাবে ৫০০০ ফলোৱাৰ লাগিব আৰু ৬০০০০ হাজাৰ ভিউ লাগিব মানে আপোনাৰ ভিডিঅ’ত ৬০০০০ হাজাৰ সময় খৰছ হ’ব লাগিব । তেতিয়া আপুনি এই টুলটো পাব । ৬০০০০ মিনিট পাবলৈ আপোনাৰ ৰিল ভাইৰেল হ’ব লাগিব । ভাইৰেল কৰিবলৈ ফেচবুকে আপোনাক Sponsored Option দিব । এইটোৰ অৰ্থ এয়ে যে ফেচবুকে আপোনাৰ ৰিলটোক ১০০০ ৰ পৰা ২৫০০ নতুন মানুহৰ তাত পঠাব তাৰ বাবে ফেচবুকক আপুনি ফেচবুকক সদায় ৮২ টকা দিব লাগিব। যিমানে মানুহ বেছি বিছাৰিব সিমানে টকা বেছিকৈ দিব লাগিব। আমি কিছুমান এনেকুৱা ফটো বা ৰিল পাওঁ সেইবোৰ প’ষ্ট কৰা মানুহ আমাৰ ফেন্ড লিষ্ট বা ফলোৱাৰ নহয় কিন্ত সেইবোৰত চাব লাইক কমেন্ট বহুত বেছি আছে । তাত Sponsored বুলি লিখা আছে । সেইবোৰ পষ্ট তেওলোকে ফেচবুকক টকা দি ভাইৰেল কৰিছে। এতিয়া কব টকা আপোনি পাইছে নে দিছে।
আৰু Ads on Reels ৰ জৰিয়তে কিমান আয় কৰিব জানেনে? শুনক ১০০০ মানুহে আপোনাৰ ভিডিঅ চালে মাত্ৰ ১ চেন্ট দিয়ে । এতিয়া আপুনি ভাবিব ১ চেন্ট মানে কি? ১ পইছা ২ পইচা তেনেকুৱা চেন্ট হয় । ভাৰতত যেনেকৈ পইচা লগ লাগি টকা হয়। ঠিক তেনেদৰে চেন্ট লগ লাগি ডলাৰ হয় ।
এতিয়া আহো সময়ৰ কথা। আপোনাৰ ঘৰত জন্মদিন আছে, উৎসব আছে, বিয়া আছে, কৰবাত যাব লগা আছে, বাচন ধুব আছে, কাপোৰ ধুব আছে, ভাত বনাব আছে। অফিচ যাব আছে... আৰু বিভিন্ন কাম আছে সেইবোৰ কৰিলে নহ’ব কাৰণ আপোনাৰ সপ্তাহিক চেলেন্জ পূৰ্ন হ’ব লাগিব। আৰু পূৰ্ণ কৰিবলৈ ফেচবুক কৰিব লাগিব ।
ইয়াৰ পিছত ফেচবুকে আপোনাক দিব Contents monitization কিন্ত এইয়া কেতিয়া দিব গেৰান্টি নাই । আৰু এইয়া জনপ্ৰিয় আইডিত হে দিব । এইটোৱেই একমাত্ৰ ৰাস্তা ফেছবুকে পইচা দিয়ে । কিন্ত তাৰ কোনো নিদিষ্ট সময় নাই । আপুনি ৫ বছৰ গ’লেও পাব পাৰে আকৌ নাপাবও পাৰে।
এইখিনিয়েই সমাপ্ত নহয় । ইয়াৰ মাজতে আছে কপিৰাইট । কাৰোবাৰ ফটো ভিডিঅ’ দিব নোৱাৰিব । ফটো দি গান লগাব নোৱাৰিব । নিজৰ ফটো দি গান লগাব নোৱাৰিব । বহুতো গান আছে আমি নাজানো কোনটোত কপিৰাইট আছে কোনটোত নাই।
বহুত দীঘলীয়া লিখনি হৈ গ’ল । যদি পঢ়িছে কমেন্ট এটা কৰি নিজৰ মতামত জনাব । মই ৰিজাৰ্চ কৰি পালো যে এইয়া এক ব্লু হোৱেল গেইমৰ নিছিনা হৈ আছে ।
এতিয়া সিদ্ধান্ত আপোনাৰ, ফেচবুকৰ পৰা উপাৰ্জন কৰিব নে নকৰে৷ মোৰ মতে সদায় সদায় কণ্টেণ্ট মণিটাইজেচন বিচাৰি হাবাথুৰি খোৱাতকৈ ঘৰৰ কাম বনত মন দিয়ক। সহজে টকা ঘটাৰ সপোন বাদ দিয়ক। (সংগৃহিত) লগতে আপোনালোকক জনাও যে যিসকলে ফেচবুকত ভালকৈ কৰিম বুলি ভাবিছে- তেওঁলোকে ভাল কনটেন বনাওঁক। মানুহৰ কামত অহা কথাবোৰ আপোনাৰ পেজত আলোচনা কৰক। আপোনাৰ ফ্ল'ৱাৰ অটমেটিক আহিব। গোড মৰণিং, গোডনাইট দি ফেচবুকৰ পৰা পইচা ঘটিম বুলি ভাবি থাকিলে সপোনতে টেকেলি ভাগিব।
লগতে পঢ়ক-