Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 5 May, 2025 2:19 PM IST
People need to get ready for flooding

ইতিমধ্যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। ১১ মে’ত ৰিজাল্ট ঘোষণা হ’ব। এইবাৰ নিৰ্বাচনত আমি দেখিবলৈ অৰুণোদয় আঁচনি, গৌৰৱ গগৈৰ পাকিস্থান ভ্ৰমণ, হিন্দু-মুছলিম, মেট্ৰিক পৰীক্ষাৰ্থীক গাখিৰ দিয়া আদি কথাবোৰৰ আলোচনা। আৰু আমাৰ সাংবাদিকসকলেও ৰাজ্যৰখনৰ কোনো সমস্যা নথকাৰ দৰে কেৱল মুখ্যমন্ত্ৰীক গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভতেই প্ৰশ্ন কৰি থকা দেখা গ’ল। আৰু আমাৰ ভোটাৰ ৰাইজে মৌনব্ৰত অৱলম্বন কৰি কংগ্ৰেছী-বিজেপি কৰি থাকিল। নিজৰ সমস্যাবোৰৰ সমস্যা সমাধানৰ বাবে জনপ্ৰতিনিধিক প্ৰতিশ্ৰুতিৱদ্ধ কৰাতো দূৰৰ কথা তেওঁলোকক জনাবও নোৱাৰিলে।

ৰিজাল্ট ঘোষণাৰ দুই এদিনৰ পাছতে ৰাজ্যৰ বহু অঞ্চলত বানপানী হ’ব। বানে মঠাউৰি ভাঙিব! গৰাখহনীয়াত ভোটাৰৰ খেতি-মাটি, ঘৰ-দুৱাৰ নদীত জাহ যাব, কৃষকে কৰা খেতিডৰা সেউজীয়া হৈ উঠাৰ লগে লগে বানপানীত ডুব যাব আৰু মৰিব। ঘৰৰ গৰু-ছাগলী, পোহনীয়া জন্তু, আত্মীয়-স্বজন  বানত গুছি যাব। কিন্তু এইবিলাক কথাকলৈ কোনোধৰণৰ কথা এইবাৰ পঞ্চায়ত ইলেকচনৰ সময়ত ৰাইজ,জনপ্ৰতিনিধি বা কোনো সাংবাদিকৰ মুখত এইবোৰ কথা শুনিবলৈ আমি নাপালো। পঞ্চায়ত নিৰ্বাচনবোৰত আমি নুশুনিলো গ্ৰামাঞ্চলৰ কৃষক ৰাইজৰ সমস্যাবোৰৰ কথা। কৃষকসকলে নিজৰ কৃষিপথাৰত উতপাদিত শস্যসমূহ কম মূল্যত বিক্ৰিব লগা, গ্ৰামাঞ্চলসমূহত থলুৱা উদ্যোগ, পশুপালন আদিৰ জড়িয়তে কেনেকৈ উন্নতি সাধন কৰিব পাৰি তেনেকুৱা কথাবোৰৰ আলোচনা আমি দেখিবলৈ নাপালো পঞ্চায়ত নিৰ্বাচনসমূহত। আমি নুশুনিলো কৃষকৰ পথাৰত জলসিঞ্চন ব্যৱস্থা কৰাৰ কথা, কৃষকে পথাৰত উতপাদিত ফচলসমূহৰ সংৰক্ষণ কৰিব পৰাকৈ শীতল ঘৰ বা Cold Storage সমূহৰ কথা। কিন্তু তাৰ পৰিৱৰ্তে আমি দেখিলো অৰুণোদয়, মেট্ৰিক পৰীক্ষাৰ্থীক গাখীৰ দিয়া কথা, আমি দেখিলো এইবাৰ পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈৰ পাকিস্তান সন্দৰ্ভত। যিবোৰ কথাই গ্ৰামাঞ্চলৰ জনসাধাৰণৰ একো উন্নতি সাধন কৰিব বুলি ভাৱিব নোৱাৰি। কিন্তু তেনেবোৰ কথাই দুই এদিনতে পঞ্চায়ত নিৰ্বাচন সামৰণি পৰিব। গতিকে নিৰ্বাচনৰ পাছতে আহিব লগা বানপানীৰ বাবে এতিয়া গাঁৱৰ ৰাইজেই নিজাববীয়াকৈ ল’ব লাগিব পদক্ষেপ।

লগতে পঢ়ক- 

Berry Farming tips & Profit : ৰোণপ কৰাৰ ৮ মাহতে গছত ফল লাগে

English Summary: People need to get ready for flooding
Published on: 05 May 2025, 02:14 IST