Green Gram Farming : গ্ৰীষ্মকালীন মগুমাহৰ বিজ্ঞানসন্মত কৃষি প্ৰণালী Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 19 June, 2026 10:09 AM IST

শেহতীয়াভাৱে ৰাজ্যৰ ডাইনামিক আৰু কৰ্মঠ নেতা হিচাপে পৰিচিত পীযুষ হাজৰিকাই নতুন কৃষিমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে স্বাভাৱিকতে ৰাজ্যৰ কৃষক সমাজৰ মাজত এক নতুন আশা আৰু প্ৰত্যাশাৰ সঞ্চাৰ হৈছে। কাৰ্যভাৰ গ্ৰহণ কৰিয়েই তেওঁ কৃষি বিভাগৰ বিষয়াসকলক দিয়া সকীয়নি, পোনপটীয়াকৈ কৃষকৰ পথাৰত গৈ সমস্যাৰ বুজ লোৱা আৰু সময়মতে বীজ যোগান ধৰাৰ আশ্বাসে সাধাৰণ কৃষকসকলক অৱশ্যেই সাহস যোগাইছে। কিন্তু এই আশাবাদৰ মাজতো অসমৰ কৃষি খণ্ডই আজিও কিছুমান পুৰণি ব্যাধি আৰু নতুন সংকটৰ সৈতে যুঁজি আছে, যাৰ এক জীৱন্ত প্ৰতিফলন ঘটিছে এজন সাধাৰণ কৃষকে কৃষিমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন মুকলি চিঠিত।

অসমৰ মাটি ইমানেই সাৰুৱা যে ইয়াত সোণ গজে— এইষাৰ কথা সঁচা হ’লেও বাস্তৱিক ক্ষেত্ৰত অসমৰ কৃষকসকল আজিও জুৰুলা। প্ৰতিবছৰে অহা বানে কৃষকৰ কঁকাল ভাঙি দিয়ে, আনহাতে খৰাঙৰ সময়ত উপযুক্ত জলসিঞ্চনৰ অভাৱত পথাৰ চন পৰে। ইয়াতকৈও ডাঙৰ ট্ৰেজেডী হ’ল, কৃষকে দিনে-নিশাই কষ্ট কৰি উৎপাদন কৰা ফচলৰ উচিত মূল্য আজিও নাপায়। মধ্যভোগী বা দালালৰ দপদপনিৰ বাবে কৃষকে নামমাত্ৰ দামত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য হয়, অথচ গ্ৰাহকে বজাৰত সেই একেবোৰ সামগ্ৰীৰে চৰা দাম ভৰিবলগীয়া হয়। ইয়াৰ উপৰিও নষ্ট হৈ যোৱা শাক-পাচলি বা ফল-মূল সংৰক্ষণ কৰিবলৈ ৰাজ্যখনত পৰ্যাপ্ত শীতলীকৃত ভঁৰাল (Cold Storage) ৰ চৰম অভাৱ আজিও দূৰ নহ’ল।

আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল, চৰকাৰে কৃষকৰ কল্যাণৰ বাবে লোৱা অভিলাষী আঁচনিসমূহৰ সুবিধা প্ৰকৃত কৃষকে লাভ কৰাত ব্যৰ্থ হৈছে। কৃষি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতা আৰু টেবুলৰ তলৰ লেনদেনৰ বাবে আঁচনিবোৰ বহু সময়ত কাগজে-পত্ৰইহে সীমাবদ্ধ থাকে। চৰকাৰী ৰাজসাহায্য যুক্ত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, পানী পাম্প বা উন্নত জাতৰ বীজ-সাৰ বিতৰণৰ ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হয় আৰু একাংশ "ভুৱা কৃষক" বা ঠিকাদাৰ গোষ্ঠীয়েহে এইবোৰ হস্তগত কৰে। আনকি খেতিৰ সময় পাৰ হৈ যোৱাৰ পিছতহে চৰকাৰী বীজ বা সাৰ বিভাগীয় কাৰ্যালয়লৈ আহে, যিবোৰ পিছত গুডামতে পচি যায়। জিলা বা ব্লক পৰ্যায়ৰ কৃষি কাৰ্যালয়বোৰলৈ গ’লে কৃষকক সহায় কৰাৰ পৰিৱৰ্তে দুৰ্ব্যৱহাৰ কৰা বা বিষয়াসকল অনুপস্থিত থকাটো এক নিয়মীয়া ঘটনাত পৰিণত হৈছে।

এই পুৰণি সমস্যাবোৰৰ সমান্তৰালভাৱে বৰ্তমান সময়ত উজনি অসমৰ বিশেষকৈ ধেমাজি, লখিমপুৰ আদি জিলাৰ কৃষকসকলৰ বাবে আটাইতকৈ ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিছে— "উদঙীয়া গৰু"। আঘোণৰ ধান কটাৰ পাছৰে পৰা সমগ্ৰ পথাৰসমূহ উদঙীয়া গৰু-মহৰ চৰণীয়া ভূমি হৈ পৰে। যাৰ পৰিপ্ৰেক্ষিতত শীতকালৰ সোণালী সময়খিনিত কৃষকে দ্বিতীয়টো খেতি কৰিবলৈ সাহস কৰিব নোৱৰা হৈছে। জেওৰা বা কাইটীয়া তাঁৰৰ বেৰা দি খেতি কৰিবলৈ গ’লে বহু সময়ত খৰচ ইমান বাঢ়ি যায় যে "কেৰেলাতকৈ গুটি দীঘল" হোৱাৰ দৰে অৱস্থা হয়। তাতকৈও ডাঙৰ কথা, কৃষকজনৰ সামান্য ভুল বা অসতৰ্কতাৰ বাবে দিনে-নিশাই কষ্ট কৰি কৰা খেতিডৰা এৰাতিৰ ভিতৰতে উদঙীয়া গৰুৰ জাক এটাই তহিলং কৰি থৈ যায়। ফলত কৃষকজন কেৱল আৰ্থিকভাৱেই সৰ্বস্বান্ত নহয়, মানসিকভাৱেও ভাঙি পৰে। নৱ-নিযুক্ত কৃষিমন্ত্ৰীগৰাকীয়ে এই "উদঙীয়া গৰু"ৰ সমস্যাটোৰ ওপৰতো বিশেষ চকু দিয়াটো জৰুৰী হৈ পৰিছে।

চিঠিখনে ৰাজ্যখনৰ আন এক অতি সংৱেদনশীল দিশ স্পৰ্শ কৰিছে, সেয়া হ’ল কৰ্মসংস্থাপনৰ অভাৱত হোৱা যুৱপ্ৰজন্মৰ প্ৰব্ৰজন। বিগত বৰ্ষত অসমৰ পৰা দাক্ষিণাত্যৰ ৰাজ্যসমূহলৈ চতুৰ্থ শ্ৰেণীৰ কামৰ সন্ধানত যোৱা বহু যুৱক ৰে’লত গৈ থাকোঁতে, কৰ্মস্থলীত বা নিশা টোপনিতে ৰহস্যজনকভাৱে মৃত্যুমুখত পৰিছে। এই ছবিখন অত্যন্ত কৰুণ। যিসকল যুৱকে বহিঃৰাজ্যত ১২ ঘণ্টাৰো অধিক সময় হাড়ভঙা খাটন খাটীব পাৰে, তেওঁলোকক আমাৰ নিজৰ খেতি পথাৰতে নিয়োজিত কৰিব নোৱাৰি নে? তেওঁলোকক যদি কৃষিক্ষেত্ৰখনত আত্মনিৰ্ভৰশীল হোৱাৰ এটা সুস্থ, সুৰক্ষিত আৰু আধুনিক পৰিৱেশ উলিয়াই দিব পৰা যায়, তেন্তে ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ এক বৈপ্লৱিক পৰিৱৰ্তন অহাটো নিশ্চিত।

"কৃষক বাচিলেহে দেশ বাচিব"— এই সত্যক সাৰোগত কৰি নতুন কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ কাৰ্যকালত অসমৰ খেতিয়কে আৰু চকুলো টুকিব লগা নহ’ব আৰু কৃষি বিভাগটোৱে এক নিকা, সক্ৰিয় তথা প্ৰকৃত অৰ্থত কৃষক-বান্ধৱ ৰূপ ল’ব বুলি ৰাজ্যৰ প্ৰতিজন খেতিয়কে আশা বুকুত বান্ধিছে। এতিয়া লক্ষ্যণীয় হ’ব, মন্ত্ৰী মহোদয়ে কৃষকৰ এই বুকৰ কুটাকুটানি আৰু প্ৰত্যাশাক কেনেকৈ বাস্তৱায়িত কৰে।

English Summary: ENGLISH- Open Letter to New Agriculture Minister
Published on: 19 June 2026, 10:08 IST