1. News

প্ৰধানমন্ত্ৰীৰ ক’ভিড বৈঠকৰ পাছতে ৰাজ্যসমূহত তৎপৰতা: শীঘ্ৰে নতুন নিৰ্দেশনাৰ সম্ভাৱনা

KJ Staff
KJ Staff
PM modi
PM modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ Covid পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকৰ পাছতে ৰাজ্যসমূহে বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ সময়ত মাস্ক আৰু সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ভিৰ ৰোধ কৰিবলৈ পৰামৰ্শ দি জাননী জাৰি কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে তাজমহল পৰিদৰ্শনৰ বাবে অহা পৰ্যটকসকলৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰিছে আগ্ৰা চৰকাৰে।

কেৰালাতো ক’ভিড সম্পৰ্কীয় সতৰ্ক বাণী চৰকাৰে জাৰি কৰিছে। উত্তৰপ্ৰদেশতো ক’ভিড পৰীক্ষা আৰম্ভ কৰা হৈছে। কৰ্ণাটক চৰকাৰ, দিল্লী চৰকাৰ বিষয়া-মন্ত্ৰীসহ বৈঠকত মিলিত হৈছে।

ইতিমধ্যে বহিঃৰাজ্যৰ পৰা অহা পৰ্যটকৰ ৰেণ্ডম টেষ্টিং বিমান বন্দৰসমূহত আৰম্ভ কৰিছে চৰকাৰে। জানিব পৰা মতে, অহা ৭ দিনত কোৱাৰেণ্টাইন আৰু ক’ভিড পৰীক্ষাৰ আন্তঃগাঁথনি পুনৰ প্ৰতিষ্ঠা কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে ক’ভিডৰ নতুন BF.7 ভেৰিয়েন্টৰ গুজৰাটত দুজন আৰু ওড়িশাত দুজন ৰোগী ধৰা পৰিছে। জুলাই, ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহত এই আক্রান্তসকলৰ তথ্য পোহৰলৈ আহে৷ গুজৰাটৰ দুয়োজন ৰোগীক হোম আইছ’লেশ্যনত চিকিৎসা কৰা হৈছিল আৰু এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।

খবৰ অনুসৰি বৰ্তমান দেশত ১০ টা Covid ভেৰিয়েন্ট আছে, শেহতীয়া BF.7। চীনৰ কঠোৰ "শূন্য-কভিড" শাসন ব্যৱস্থা ভংগ কৰাৰ পিছত চীনত Covid আক্ৰান্তৰ ব্যাপক বৃদ্ধিয়ে বিশ্বজুৰি উদ্বেগ প্ৰকাশ কৰিছে। কালি স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়াই আহ্বান কৰা বৈঠকৰ অন্তত কেন্দ্ৰই মাস্ক আৰু Covid-উপযুক্ত আচৰণ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে যদিও এতিয়াৰ বাবে কোনো প্ৰট’কলৰ ব্যৱস্থা নাই। আতংকৰ কোনো কাৰণ নাই বুলি কয় চৰকাৰে, কিন্তু জনবহুল এলেকাত মানুহে মাস্ক আপ কৰিব লাগে।

লগতে পঢ়কঃ বজাৰত ভৰি পৰিছে Veg Meat: কি এই নিৰামিষ মাংসৰ ৰহস্য!

English Summary: PM Modi Reviews Covid Situation In India

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.