1. News

ধেমাজিত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীত মু্খ্যমন্ত্ৰী

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আজি ধেমাজি জিলাত বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অংশ হিচাপে এখন ৰাজহুৱা সভাত উপস্থিত থাকি জিলাখনৰ উন্নয়নৰ দিশত এক দৃষ্টান্তমূলক পৰিৱৰ্তন অনাৰ স্বাৰ্থত ১,২২০.২১ কোটি টকাৰ নিৰ্ধাৰিত ব্যয়েৰে ২০টা প্ৰকল্পৰ ভূমি পূজন, শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

লগতে পঢ়ক- 

১ কেজিৰ দাম ৩০০ পৰা ৪০০ টকা। পুলি ৰোৱা ৮ মাহৰ পাছতে পাব ফল

 

আধাৰশিলা স্থাপন কৰা  প্ৰকল্পসমূহ হ’ল ক্ৰমে – ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি প্ৰকল্প, ধেমাজি সংহত জিলা উপায়ুক্ত কাৰ্যালয়, দেউৰীবিলত জিলা ক্ৰীড়া প্ৰকল্প, চিলাপথাৰত মিনি ষ্টেডিয়াম, ধেমাজি চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৰ্ষৰ কেন্দ্ৰলৈ উন্নীতকৰণ, ধেমাজি চৰকাৰী পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানক উৎকৰ্ষৰ কেন্দ্ৰলৈ উন্নীতকৰণ, ঢকুৱাখনাৰ পৰা বুটিকোৰ হৈ তেলীজানলৈ পথছোৱাৰ উন্নীতকৰণ আঁচনি, আমগুৰি (লুটাচুৰ)ৰ পৰা চিচিকলঘৰলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ মথাউৰিৰ ওপৰেৰে পথৰ নিৰ্মাণকাৰ্য, ধেমাজি চাৰিআলিৰ পৰা অসামৰিক চিকিৎসালয় বঙালমাৰী (বটুৱামিৰি) হৈ দুসুঁতিমুখলৈ পথৰ নিৰ্মাণকাৰ্য, ধেমাজি ৰে'লৱে ষ্টেচনৰ ফিদাৰ পথৰ থানা তিনিআলিৰ পৰা আদিকলীয়ালৈ পথৰ নিৰ্মাণকাৰ্য, গাই নৈৰ ওপৰত ৪৮০ মিটাৰ দৈৰ্ঘ্যৰ দলং আৰু পথ নিৰ্মাণ, মেচাকি, জয়ৰামপুৰ, গালি আৰু বুটিকোৰত একোটাকৈ নতুন ৩৩/১১ কেভিৰ বিদ্যুৎ উপ-কেন্দ্ৰ।

লগতে ভূমিপূজন সম্পন্ন হোৱা প্ৰকল্পসমূহ হ’ল -চিচিকলঘৰৰ পৰা দেউৰীঘাটলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণকাৰ্য আৰু সোণাৰি গাঁৱৰ পৰা দিজমূৰলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰেৰে পথৰ নিৰ্মাণকাৰ্য। তদুপৰি উদ্বোধন কৰা প্ৰকল্পসমূহ ধেমাজিৰ কাৰিচুক তিনিআলিৰ পৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ নতুনকৈ নিৰ্মাণ কৰা পথ, ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিলিখাগুৰিৰ পৰা লক্ষীপথাৰলৈ নতুনকৈ নিৰ্মাণ কৰা পথ আৰু বালিজানত নতুন ৩৩/১১ কেভি (২×১০) এম ভি এ জি আই এছ বিদ্যুৎ উপকেন্দ্ৰ।

অনুষ্ঠানত মন্ত্ৰী ডা: ৰণোজ পেগু আৰু মহন্ত, সাংসদ শ্ৰীপ্ৰদান বৰুৱা, বিধায়ক ভুবন পেগু, মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,  সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, জিলা পৰিষদৰ সভাপতি মোহন গগৈ, বড়ো-কছাৰী উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে।

লগতে পঢ়ক- 

আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা

English Summary: 'A Week for Development' program in Dhemaji

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.