Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 26 October, 2021 7:52 PM IST
Mustered Farming

যদি আপুনি সৰিয়হ খেতি কৰে, তেন্তে আপুনি বৃহৎ লাভ পাব পাৰে। আমি জানো, কৰোনা সময়ত মিঠাতেলৰ তেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। যদিও এই বৰ্ধিত মূল্যৰ বাবে সাধাৰণ মানুহখিনি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে, কিন্তু কৃষকসকলৰ বাবে ধন উপাৰ্জন কৰাৰ এক উত্তম সুযোগ হৈ পৰিছে।

অসমৰ মাটি আৰু জলবায়ু সৰিয়হৰ খেতিৰ বাবে উপযোগী যদিও অন্যান্য ৰাজ্যৰ তুলনাত সৰিয়হৰ উৎপাদন শক্তি কম। বিভিন্ন তৈলবীজৰ কৃষিভূমিৰ ভিতৰত প্ৰায় ২,৩৮,০০০ হেক্টৰ মাটিত সৰিয়হৰ খেতি কৰি ১,১৬,০০০ টন উৎপাদন কৰা হয়। এই পৰিমাণৰ সামগ্ৰীৰ পৰা উৎপাদিত তেলেৰে কিছু পৰিমাণেহে ৰাজ্যৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰিব পৰা যায়। গতিকে সৰিয়হৰ মুঠ কৃষিভূমিৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে উন্নত কৃষি-প্ৰযুক্তি কৌশলসমূহ কৃষকৰ পথাৰত সফলভাৱে প্ৰয়োগ কৰাৰ প্ৰয়োজন আহি পৰিছে।

আৰু পঢ়ক- এই সহজ পদ্ধতিবোৰৰ সহায়ত ঘৰতে ফলমূল তথা শাক-পাচলি ৰাসায়নিক মুক্ত কৰক

জলবায়ু আৰু মাটি নিৰ্বাচনঃ

শীতকালীন বতৰ এই শস্যৰ কৃষিৰ বাবে উপযোগী। ফুল-ফুলাৰ সময়ত ফৰকাল, শুকান বতৰৰ প্ৰয়োজন যদিও বৰষুণ নিৰ্ভৰশীল খেতিত ফুল ফুলাৰ আগেয়ে হোৱা পাতলীয়া বৰষুণ দুই-এজাক পৰিলে এই শস্যৰ উৎপাদন বৃদ্ধিত সহায়ক হয়। অৱশ্যে বৰষুণ বেছিকৈ হৈ বতৰ সেমেকা হ’লে বেমাৰ আজাৰ বৃদ্ধি হোৱাৰ লগতে পোক-পতংগৰ আক্ৰমণ বৃদ্ধি পায়। সেমেকা- ডাৱৰীয়া বৰষুণৰ বতৰত সৰিয়হৰ খেতিত মোৱা পোকৰ উপদ্ৰৱ বেছি হয়। অসমত অক্টোবৰৰ ১৫ তাৰিখৰ পৰা নৱেম্বৰৰ ১৫ তাৰিখলৈ সৰিয়হৰ বীজ সিঁচাৰ উপযুক্ত সময়। বৰক্ষুণৰ বতৰত মৌ-মাখি অথবা অন্যান্য পোক-পৰুৱাৰ দ্বাৰা সংঘটিত হোৱা পৰাগ যোগ প্ৰক্ৰিয়াত বাধাগ্ৰস্ত হৈ উৎপাদনত হ্রাস হোৱা দেখা যায়। সৰিয়হ খেতিৰ বাবে ৰ’দঘাই, বালিচহীয়া মাটি নিৰ্বাচন কৰা দৰকাৰ। পলসুৱা, জীপাল, অধিক জৈৱিক পদাৰ্থ থকা মাটিত সৰিয়হ খেতিৰ পৰা অধিক উৎপাদন পোৱা যায়।

সৰিয়হ কেতিয়া আৰু কেনেকৈ খেতি কৰা হয়?

সৰিয়হ খেতিৰ সঠিক সময় হৈছে ছেপ্টেম্বৰৰ মাজ ভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ। কিছুমান খেতিয়কে নৱেম্বৰৰ শেষলৈকে সৰিয়হ ৰোপণ কৰে। ইয়াৰ বাবে 15-30 ডিগ্ৰী উষ্ণতা উপযুক্ত বুলি গণ্য কৰা হয়। সৰিয়হখেতি ছটিয়াইও কৰিব পাৰি আৰু ক ঢাপ বনাইও কৰিও কৰিব পাৰি।

আৰু পঢ়ক- প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা: নতুন এলপিজি গেছ সংযোগৰ বাবে 1600 টকা লাভ কৰক

অনুমোদিত জাতঃ

বিভিন্ন অঞ্চলত মাটিৰ ব্যৱস্থা আৰু বতৰৰ লগত খাপ খোৱা জাত নিৰ্বাচন কৰিব পাৰিলে ই উৎপাদন বৃদ্ধিত সহায়ক হয়। বৰ্তমান সময়ত কৃষকৰ পথাৰত ‘এম-২৭’ নামৰ জাতটো বহুলভাৱে প্ৰচলিত। এই জাতটো উন্নত আৰু উচ্চ উৎপাদনক্ষম। নতুনকৈ উদ্ভাৱিত উচ্চ উৎপাদনক্ষম জাতসমূহ হ’ল-টি এছ-৩৬, টি এছ-৩৮, টি এছ-২৯, লক্ষ্মী আদি। এই জাতসমূহ তুলনামূলকভাৱে চাপৰ আৰু কৃষিকাল ৯০-৯৫ দিন । অন্যান্য জাতসমূহৰ ভিতৰত টি এম-২, টি এম-৪, বৰুণা আদি উল্লেখযোগ্য। এই জাতসমূহৰ কৃষিকাল ১০৫-১১৫ দিন।

মাটি প্ৰস্তুতিঃ

সৰিয়হৰ বীজৰ আকাৰ সৰু হোৱা বাবে মাটিডৰা ভালদৰে ৩-৪ বাৰ চহাই-মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। বন-বাত, জাবৰ-জোঁথৰ, শস্যৰ মূঢ়া আদি আঁতৰাই পেলোৱাৰ লগতে মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি ৩-৪ কুইণ্টলমান জৈৱিক সাৰ প্ৰয়োগ কৰা দৰকাৰ। ই মাটিৰ গুণাগুণ উন্নত কৰাত সহায় কৰে।

সাৰ প্ৰয়োগঃ

শস্যক ইয়াৰ বৃদ্ধিৰ বৃদ্ধিৰ বাবে মাটিত থকা সাৰৰ উপৰি আৱশ্যক অনুযায়ী সুষমভৱে ৰাসায়নিক সাৰৰ যোগান ধৰাৰ প্ৰয়োজন আছে। ৰাসায়নিক সাৰৰ পৰা পাব লগা সুফল মাটিৰ জীপৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। সেয়েহে বৰষুণ নিৰ্ভৰশীল আৰু জলসিঞ্চিত খেতিত ৰাসায়নিক সাৰৰ পৰিমাণ ভিন ভিন হয়। সমতল ভূমিৰ বৰষুণ নিৰ্ভৰশীল খেতিত বিঘাই প্ৰতি ১২ কেজি ইউৰিয়া, ৩০ কেজি একক ছুপাৰ ফছফেট আৰু প্ৰায় ৩.৫ কেজি মিউৰিয়েট অব পটাছ সাৰৰ প্ৰয়োজন হয়। জলসিঞ্চিত খেতিৰ বাবে প্ৰতি বিঘাত প্ৰায় ১৮ কেজি ইউৰিয়া, ৩৩ কেজি একক ছুপাৰ ফছফেট আৰু ৯ কেজি মিউৰিয়েট অব পটাছ সাৰৰ প্ৰয়োজন হ’ব। সৰিয়হৰ খেতিত উপৰিউক্ত পোষক দ্ৰব্যসমূহৰ উপৰি ছালফাৰ, বৰণ আদি সূক্ষ্ম মৌলসমূহৰ প্ৰয়োজন হয়। গতিকে উপৰিউক্ত সাৰৰ লগত বিঘাই প্ৰতি প্ৰায় ১.৫ কেজি বৰাক্স সাৰ প্ৰয়োগ কৰা দৰকাৰ। অৱশ্যে ছালফাৰ মৌলৰ চাহিদা একক ছুপাৰ ফছফেট সাৰৰ যোগেদি পূৰণ কৰিব পৰা যায়। সমুদায় সাৰ-বীজ সিঁচাৰ আগেয়ে শেষবাৰৰ্মাটি চাহ কৰাৰ সময়ত প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে।

আৰু পঢ়ক- ক'ৰণাৰ এই সংকট কালত আপোনাৰ দেহত অক্সিজেনৰ মাত্রা কেনেদৰে নিয়ন্ত্রনত ৰাখিব

বীজ ৰোপণঃ

শস্যৰ বীজ সিঁচাৰ সময়ৰ ওপৰত গা-গছৰ শ্ৰীবৃদ্ধি, উৎপাদন, বেমাৰ-আজাৰ, পোক-পৰুৱাৰ উপদ্ৰৱ আদি যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। বতৰৰ আৰম্ভণিতে বীজ সিঁচিলে পোক-পৰুৱাৰ উপদ্ৰৱ হ্ৰাস পোৱাৰ লগতে শস্যৰ জীৱনকালৰ শেষৰফালে পৰিলক্ষিত হোৱা খৰাং পৰিস্থিতিৰ পৰা কিছু পৰিমাণে ৰক্ষা পৰে। সৰিয়হৰ খেতিৰ বীজ সিঁচাৰ বাবে উপযুক্ত সময় হ’ল কাতি মাহ। বীজৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ১ৰ পৰা ১.৫ কেজি বীজ প্ৰতি বিঘা তলীত সিঁচিব লাগে। সিঁচাৰ আগেয়ে পথাৰডৰাত খৰাং পৰিস্থিতিয়ে বিৰাজ কৰা যেন অনুভৱ হ’লে এবাৰ পাতলীয়াকৈ জলসিঞ্চিত পানী প্ৰয়োগ কৰি ল’লে বীজৰ অংকুৰণ বৃদ্ধি পোৱাৰ লগতে পুলিবোৰ সবল হয়। শেহতীয়াকৈ কৰিব লগা বৰষুণ নিৰ্ভৰশীল খেতিৰ ক্ষেত্ৰত বীজৰ পৰিমাণ সচৰাচৰ অনুমোদিত পৰিমাণৰ বীজতকৈ শতকৰা প্ৰায় ৩৩ ভাগ বেছি পৰিমাণৰ বীজ অৰ্থাৎ বিঘাই প্ৰতি ১.৭৫ কেজি বীজৰ দৰকাৰ হয়।

জলসিঞ্চন আৰু বন-বাত নিয়ন্ত্ৰণঃ

সৰিয়হৰ খেতিত সঠিক সময়ত পানী যোগান ব্যৱস্থাৰ যোগেদি উৎপাদন বৃদ্ধি কৰিব পাৰি। মাটিত থকা জীপৰ ওপৰত নিৰ্ভৰ কৰি ফুল ফুলা অথবা ছেঁই ধৰা অৱস্থাত ৬ ছেঃ মিঃ পৰিমাণৰ জলসিঞ্চিত পানী প্ৰয়োগ কৰা দৰকাৰ। এনে ব্যৱস্থাই গা-গছ সবল কৰাৰ লগতে ফুল-ফলৰ সংখ্যা বৃদ্ধিত সহায় কৰে। খৰালিকালত সাধৰণতে বন-বাতৰ উপদ্ৰৱ কম হোৱা পৰিলক্ষিত হয় যদিও বীজ সিঁচাৰ ২০-২৫ দিনৰ পাছত এবাৰ বন-বাত চিকুণাই দিয়া উচিত।

শস্য চপোৱাঃ

সঠিক সময়ত শস্য চপোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দৰকাৰ। অন্যথা ছেঁইবোৰ ফাটি শস্য নষ্ট হোৱাৰ সম্ভাৱনা থাকে। সৰিয়হৰ ছেঁইবোৰ শতকৰা ৭৫-৮৫ ভাগ হালধিয়া পৰাৰ লগে লগে চপাব লাগে।

লেখিকাঃ মাইনু হাজৰিকা,

আৰু পঢ়ক- ১০ লাখ মেট্রিকটনৰ পৰিৱর্তে মাত্র ৪ লাখ মেট্রিকটন ধানহে ক্ৰয় কৰিব এফ চি আয়ে

English Summary: Profitable Mustard Farming Business Idea: Method, Cost and Profit Details Inside
Published on: 26 October 2021, 06:57 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now