Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 8 May, 2025 4:00 PM IST
Dhoniram Chetia

সম্প্ৰতি বগৰী খেতি কৰিয়ো আমাৰ বহু কৃষক লাভান্বিত হোৱা দেখিবলৈ পোৱা গৈছে। অসমৰ চিৰাং জিলাৰ প্ৰগতিশীল কৃষক আকবৰ আলি আৰু তিনিচুকীয়া জিলাৰ ধনীৰাম চেতিয়াকে ধৰি বহু কৃষকে বগৰী খেতি কৰি লাভান্বিত হৈছে। পানী জমা নোহোৱা বা ধান খেতিৰ বাবে অনুপযোগী মাটি, নৈপৰীয়া বালিয়া মাটিত পানীৰ সুব্যৱস্থা কৰি অসমৰ কৃষকে গ্ৰাফটিং প্ৰজাতিৰ বগৰী খেতি কৰিব পাৰে। আমাৰ বহু কৃষকে ধান নোহোৱা কিছুমান বাম মাটিত প্ৰতিবছৰে ধান খেতি কৰি আহে। তাৰ পৰা তেওঁলোকৰ বৰ বেছি লাভ নহয়। সেই মাটিবোৰত কৰা ধান খেতি কৰোতে হোৱা খৰচ A to Z হিচাপে কৰিলে লাভকৈ লোকচানহে হয়। কিন্তু এনে ঠাইসমূহত ধান খেতিৰ ঠাইত উন্নত প্ৰজাতিৰ বগৰী অন্যান্য কিছুমান ফল-মূলৰ খেতি কৰিলে অধিক লাভাৱান হ’ব।

অসমত ধান নোহোৱা বা ছন পৰা মাটি বহু পৰিমাণে আছে। সেই মাটিসমূহৰ মালিকে নিজেই বগৰী খেতি কৰিব পাৰে বা কোনো যুৱক-যুৱতীসকলে সেই মাটি লীজত বগৰী খেতি কৰিব পাৰে। এবিঘা মাটিত পানীৰ সু-ব্যৱস্থা, সাৰ যোগান আৰু অপতৃণ নুঠিবৰ বাবে মালচিং আদিৰ ব্যৱস্থা কৰি খেতি কৰিলে ভাল উপাৰ্জন হ’ব। এবিঘা মাটিত এজন কৃষকে ১৫০-২০০ টা পুলি ৰুৱ পাৰিব। সেই এবিঘা মাটিৰ পৰা এজন কৃষকে এবাৰ খৰচ কৰি ৩ বছৰত ৩ লাখ টকা উপাৰ্জন কৰিব পাৰিব। একেদৰে দুবিঘা মাটিৰ পৰা ৬-৭ লাখ টকা উপাৰ্জন কৰিব পাৰিব কৃষকসকলে। কিন্তু খেতি কৰাৰ আগমুৰ্হূতত সথিক জাত নিৰ্বাচন, পুলিবোৰৰ স্বাস্থ্য, ৰোপনৰ সময়, সাৰ-পানী যোগান সথিক মতে হব লাগিব। তাৰবাবে অভিজ্ঞ খেতিয়ক, কৃষিবিষয়াৰ পৰামৰ্শ লৈ কামবোৰ আগবঢ়াই নিব লাগিব।

বগৰী জাত :  অসমৰ কৃষকে খেতি কৰি ভাল উপাৰ্জন কৰি থকা বগৰী জাত দুটা হ’ল- মিছ ইন্দিয়া বা ভাৰত সুন্দৰী আৰু বল সুন্দৰী। এই জাতবোৰৰ বগৰীবোৰ খাবলৈ ভাল, সুস্বাদু। ভালকে যত্ন ললে ১০-১১ মাহত ফল লাগে। এজোপাত একেবাৰে কম ৩০-৪০ কেজি লাগে।

ৰোপনৰ সময়-  জানুৱাৰীৰ পৰা এপ্ৰিল, মে, জুনলৈকে ৰুৱ পাৰে। এটা পুলিৰ পৰা আন এটা পুলিৰ দূৰত্ব ৮ফুট আৰু এটা শাৰীৰ পৰা আন এটা শাৰীলৈ দূৰত্ব ১২ ফুট উপযুক্ত। ৰোপন কৰা আগতে ব্ৰেড বনাই মালচিং পেপাৰ পাৰি দিব লাগে আৰু পাৰিলে ড্ৰীপ ইৰিগ্যেশ্বনৰ ব্যৱস্থা কৰি দিব। এনে কৰিলে এবছৰলৈকে কৃষকজনে প্ৰথমবছৰ ফল চিঙালৈকে কোনো বিশেষ কষ্ট কৰিব নালাগে। মাত্ৰ ফুল ফুলাৰ মুৰ্হূতত অভিজ্ঞ কৃষক আৰু কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লৈ কীটনাশক আৰু ভেঁকুৰনাশক স্পীয়েৰ কৰিব লাগে।

প্ৰথম বছৰ ফল চিঙাৰ পাছতে  গছবোৰ কলম দিব লাগিব। কলম কেনেকৈ দিয়া হয় সেই কথাটো ভিডিঅ’ আকাৰে চাবলৈ এই লিংকটো ক্লিক কৰিব- https://www.youtube.com/watch?v=0-zHXKv5P_0&t=159s  । এনেকৈ দ্বিতীয় বছৰ ফল লগাৰ পাছতো কলম দিব থাকিব। এনেকুৱা জাতৰ বগৰীবোৰে ৩ বছৰলৈ ফল দিয়ে। তিনি বছৰ পাছত ফল দিয়াৰ পৰিমাণ কমি যায়। গতিকে ৩ বছৰৰ পাছত উঠাই দিব লাগে।

English Summary: Berry farming time, tips, Care & benefit
Published on: 08 May 2025, 04:00 IST