কৃষকসকলক আজি পাণ খেতিৰ এটা ব্যতিক্ৰম কৃষি পদ্ধতিৰ বিষয়ে কিছু কথা জনাম। তামোল বা অন্যান্য গছ বা খুঁটিত লগোৱা পাণৰ কথা আমাৰ অধিকাংশ কৃষকেই জানে। কিন্তু পলিহাউচত যে পাণ খেতি কৰিব পাৰি সেই বিষয়ে আমাৰ অধিকাংশ কৃষকেই নাজানেই। এই নতুন পদ্ধতিটোৰে পাণ খেতি কৰি আছে ধেমাজিৰ ৰমেছ টাইড আৰু দেৱজিত চাংমাই নামৰ কৃষক দুজনে।
আপোনালোকে দেখি থকা এই পাণখিনি কৃষক দেৱজিত চাংমাইয়ে পলিহাউচত কৰা পাণৰ খেতি। চাওঁক কিমান সুন্দৰকৈ পলিহাইচত পাণবোৰ সেউজীয়া হৈ উঠি আহিছে। আপোনালোকে দেখি থকা এই পাণখিনিৰ বয়স ৪ মাহ। আপোনালোকে দেখিছে ৪ মাহতে পাণবোৰ কেনেকৈ লহপহকৈ বাঢ়ি আহিছে। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, মাজে মাজে ওচৰৰ-চুবুৰীয়াক প্ৰয়োজন অনুসৰি পাণ বিক্ৰিয়ো কৰিছে।
পলিহাউচত পাণ খেতি কৰিলে কি কি দিশত লাভান্বিত হয় বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কৃষকসকলে কয়- এই পদ্ধতিৰে পাণ খেতি কৰিলে পাণত বেমাৰ-আজাৰ বেছি নহয়। উতপাদন সকলো সময়তে একে থাকে। মুকলি ঠাইত যিসকল কৃষকে পাণ খেতি কৰিছে সেইসকল কৃষকে জানে। শীতকালত পাণৰ উতপাদন কম হয়। কিন্তু পলিহাউচত কৰিলে সকলো সময়তে উতপাদন সকলো সময়তে একে থাকে।
আমাৰ কৃষক বন্ধুসকলক জনাও যে এই পদ্ধতিত পাণ খেতি কৰিবলৈ আগবাঢ়োতে প্ৰথম অৱস্থাত খৰচ বেছি হয়। কিন্তু পৰৱৰ্তী সময়ত বিশেষ খৰচ নকৰাকৈ, বিশেষ পৰিশ্ৰম নকৰাকৈ পলিহাউচত কৰা পাণ খেতিৰ পৰা আমাৰ কৃষকসকলে উপাৰ্জন কৰি থাকিব পাৰিব। আপোনালোকক জনাও যে কোনো বেমাৰ-আজাৰ নহলে ২০-৩০ বছৰতৈ অধিক সময় আমাৰ কৃষকসকলে উপাৰ্জন কৰি থাকিব পাৰিব।
লগতে পঢ়ক-