Krishi Jagran Tamil
Menu Close Menu

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা: নতুন এলপিজি গেছ সংযোগৰ বাবে 1600 টকা লাভ কৰক

Sunday, 10 October 2021 06:42 PM
PM Ujjala Yojana

PM Ujjala Yojana

একেৰাহে এলপিজি গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে; বর্তমান সময়ত এটা চিলিণ্ডাৰৰ বাবদ ঠাইভেদে প্রায়় একহাজাৰ টকা পৰিশোধ কৰিব লাগে। এই ক্ষেত্রত চৰকাৰে মাধমাৰ সোধালেও নতুন গেছ সংযোগ কৰিব বিচৰাসকললৈ সুখৱৰ লৈ আহিছে। কেন্দ্রীয় চৰকাৰে ১ কোটি নতুন গেছ সংযোগ বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেট উপস্থাপন কৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত ১ কোটি গেছ সংযোগ বিতৰণৰ কথা ঘোষণা কৰিছে।

কোনে এলপিজি গেছ সংযোগ লাভ কৰিব?

চৰকাৰে বিপিএল কাৰ্ড ধাৰকসকলক অৰ্থাৎ দৰিদ্ৰসীমাৰ তলত বাস কৰা লোকসকলক বিনামূলীয়াকৈ এলপিজি গেছ সংযোগ প্ৰদান কৰিব বুলি জনাইছে। চৰকাৰে এতিয়ালৈকে এই আঁচনিৰ অধীনত ৮ কোটি গেছ সংযোগ বিতৰণ সম্পূর্ণ কৰিছে। কিন্তু এই বছৰ, ২০২১ চনৰ ভিতৰত চৰকাৰে এক কোটি অতিৰিক্ত গেছ সংযোগ বিতৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে দৰিদ্ৰ লোকসকলক আৰ্থিক সহায় আগবঢ়ায়। এই আঁচনিৰ অধীনত, এলপিজি গেছ সংযোগ ক্ৰয় কৰিবলৈ আবেদনকাৰীক 1600 টকা ৰ পৰিমাণ দিয়া হয়। কেৱল এয়াই নহয়, চৰকাৰে ষ্টোভ ক্ৰয় কৰা আৰু চিলিণ্ডাৰ ভৰ্তি কৰাৰ বাবে হোৱা ব্যয়ৰ বাবে কিস্তিৰ সুবিধাও কোভিড মহামাৰীৰ সময়ত প্ৰদান কৰিছি।

আবেদন প্ৰক্ৰিয়া

আৱেদন প্ৰক্ৰিয়াৰ বাবে আপুনি, কেৱাইচি প্ৰপত্ৰ পূৰণ কৰি আপোনাৰ ওচৰৰ এলপিজি গেছ এজেন্সীত দাখিল কৰিব লাগিব। আৱেদন প্ৰপত্ৰখন উজ্জ্বলা যোজনাৰ পৰ্টেলৰ পৰা পোনপটীয়াকৈ ডাউনলোড কৰিব পাৰিব, আনহাতে ইয়াক এলপিজি কেন্দ্ৰৰ পৰাও ল'ব পাৰিব।

কি কি ডকুমেন্টৰ প্ৰয়োজন হব

  1. বিপিএল ৰেচন কাৰ্ড।
  2. আধাৰ কাৰ্ড।
  3. ভোটাৰ আইডি।
  4. পাছপোৰ্ট আকাৰৰ ফটো।
  5. ৰেচন কাৰ্ডৰ প্ৰতিলিপি।
  6. ৰাজপত্ৰিত বিষয়াৰ পৰা প্ৰমাণিত পত্ৰ।
  7. বেঙ্ক বিবৃতি।
  8. বিপিএল তালিকাত নামৰ প্ৰিণ্ট।

আবেদন কৰিবলৈ কোনসকল ব্যক্তি যোগ্য?

  1. কেৱল মহিলাই আবেদন কৰিব পাৰে।
  2. বয়স কমেও ১৮ বছৰ হ'ব লাগে।
  3. পৰিয়ালটো বিপিএল কাৰ্ড ধাৰক হ'ব লাগে।
  4. যিকোনো বেংকত একাউণ্ট থকাটো বাধ্যতামূলক।
  5. আবেদনকাৰীয়ে প্ৰথমবাৰৰ বাবে গেছ সংযোগ ল'ব লাগিব। হিতাধিকাৰী মহিলা গৰাকীৰ নামত পূর্বৰ পৰা গেছ সংযোগ থাকিব নোৱাৰে।
Pm Ujjala Yojana Farming news

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.